ETV Bharat / bharat

Chandrayaan 3 success; অহা ১৪ দিন উৎকণ্ঠাৰে ভৰা ISRO ৰ বাবে; আন্তঃগ্ৰহ অভিযানৰ বাবেও সাজু ISRO

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:53 AM IST

চন্দ্ৰযান-৩ ৰ সফলতাৰ পিছত প্ৰথমবাৰৰ বাবে কেৰালা ভ্ৰমণ কৰে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে ৷ তাতেই তেওঁ কয় যে চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ সন্দৰ্ভত বহু প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ কেৱল ইমানতে শান্ত নাথাকে ISRO ৷ অন্য কেবাটাও গ্ৰহৰ পৰীক্ষণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) সাজু হৈছে বুলি তেওঁ মন্তব্য কৰে ৷

Chandrayaan 3 success
আন্তঃগ্ৰহ অভিযানৰ বাবেও সাজু ISRO

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট : মিছন চন্দ্ৰযান-৩ ৰ বিক্ৰম লেণ্ডাৰে ISRO লৈ প্ৰেৰণ কৰিছে এক আশাৰ বতৰা ৷ চন্দ্ৰযান-৩ ৰ অভিযানৰ জৰিয়তে বহু প্ৰশ্নৰ উত্তৰৰ লগতে সমাধান বিচাৰি পাইছে ভাৰতীয় বিজ্ঞানীয়ে ৷ শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী এছ সোমনাথে কয় যে, ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত আৰু এক ভাল অগ্ৰগতি লাভৰ দিশে গতি কৰিছে ৷ কাৰণ চন্দ্ৰযান-৩ ৰ অভিযানৰ অধিকাংশ লক্ষ্য এতিয়া পূৰণ হ’বলৈ গৈ আছে ।

এছ সোমনাথে আৰু কয় যে, আগন্তুক দুই সপ্তাহত চন্দ্ৰযান-৩ অভিযানৰ জৰিয়তে চন্দ্ৰপৃষ্ঠৰ আৰু বহু তথ্য লাভ কৰিব পৰা যাব ৷ ইয়াৰ বাবে ISRO ৰ বিজ্ঞানী দলটোৱে অহা ১৩-১৪ দিন আৰু বেছি উৎকণ্ঠাৰে বাট চাই আছে ।

ISRO ৰ মুৰব্বী এছ সোমনাথে আৰু কয়, ‘‘আমি আশা কৰিছো যে আগন্তুক সময়ত বিজ্ঞানৰ ক্ষেত্ৰত সঁচাকৈয়ে আৰু অধিক অগ্ৰগতি লাভ কৰিম’’ । ভাৰতৰ মহাকাশ খণ্ডক অধিক উন্নতি কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) সাজু বুলি উল্লেখ কৰে ISRO ৰ মুৰব্বীগৰাকীয়ে ৷ লগতে ভাৰতে আৰু অধিক আন্তঃগ্ৰহীয় অভিযান আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলিও ISRO ৰ মুৰব্বী এছ সোমনাথে সদৰী কৰে ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ সামৰি বৃহস্পতিবাৰে গ্ৰীচলৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ পাচতে গ্ৰীচৰ পৰা পোনে পোনে আহি শনিবাৰে বেংগালুৰুত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ বেংগালুৰুত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে ভাৰতীয় বিজ্ঞানীৰ অশেষ কষ্ট, পৰিশ্ৰম, ত্যাগ আৰু একাগ্ৰতাৰ প্ৰচেষ্টাৰ ফলত চন্দ্ৰযান-৩ ৰ জৰিয়তে লাভ কৰা সফলতাক প্ৰশংসা কৰে ।

ইফালে চন্দ্ৰযান-৩ ৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে ISRO ৰ অধ্যক্ষগৰাকীয়ে কয় যে এয়া কেৱল চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাই নহয়, বৰঞ্চ চন্দ্ৰযান-৩ ৰ সমগ্ৰ অভিযানটো সম্পূৰ্ণৰূপে সফল হৈছে ৷ এই ক্ষেত্ৰত মহাকাশ বিজ্ঞানীসকলৰ কাষত সমগ্ৰ ৰাষ্ট্ৰই থিয় দিছে ।

ISRO ৰ মুৰব্বী এছ সোমনাথে আৰু কয় যে ভাৰত এতিয়া অধিক আত্মবিশ্বাস হৈ উঠিছে ৷ ভাৰতীয় বিজ্ঞানীয়ে চন্দ্ৰ, মংগল বা শুক্ৰলৈ যাবলৈ বৰ্তমান কেবাটাও অভিযান ইতিমধ্যে হাতত ল’বলৈ সক্ষম হৈছে । লগতে তেওঁ কয় যে সকলোৰে আদিশক্তি তপত সূৰ্যটো অধ্যয়নৰ বাবে ‘‘আদিত্য-L১’’ নামৰ এক সৌৰ অভিযান হাতত লোৱা হৈছে ৷

লগতে পঢ়ক : Chandrayaan-3 : ইছৰোৰ মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.