ETV Bharat / bharat

ISRO Chandrayaan3 Mission : ২৩ তাৰিখে অৱতৰণ কৰিব নোৱাৰিলে বিকল্প কি ? চন্দ্ৰযান-৩ অৱতৰণৰ ইছৰোৰ অন্য পৰিকল্পনা - ISRO lunar mission

চন্দ্ৰযান-৩ অভিযান নিৰ্ধাৰিত সময় মতেই চলি আছে । চন্দ্ৰপৃষ্ঠত লেণ্ডাৰৰ নিৰ্ধাৰিত অৱতৰণৰ এদিন পূৰ্বে ইছৰোৱে মঙলবাৰে এই কথা প্ৰকাশ কৰিছে । আহমেদাবাদ ইছৰোৰ সঞ্চালকে অৱশ্যে কয় যে যদি ব্যৱস্থাবোৰে প্ৰত্যাশিতভাৱে কাম নকৰে তেন্তে ২৭ আগষ্টত অৱতৰণৰ চেষ্টা কৰা হ'ব ।

ISRO Chandrayaan3 Mission
ISRO Chandrayaan3 Mission
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:26 PM IST

Updated : Aug 23, 2023, 8:36 AM IST

নিউজ ডেস্ক, ২২ আগষ্ট : ২৩ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ অস্পৰ্শিত দক্ষিণ মেৰুত নিৰ্ধাৰিত সময়মতে অৱতৰণৰ বাবে আগবাঢ়িছে । আহমেদাবাদ ইছৰোৰ সঞ্চালক নীলেশ দেশায়ে মঙলবাৰে কয় যে পৰিকল্পনা অনুসৰিয়ে অৱতৰণৰ দিশত আগবাঢ়িব । অৱশ্যে যদি ব্যৱস্থাবোৰে কাম নকৰে তেন্তে ২৭ আগষ্টত পুনৰ অৱতৰণৰ চেষ্টা কৰা হ'ব ।

"চলিত প্ৰক্ৰিয়া মতে, আমি ২৩ আগষ্টত সফলতাৰে অৱতৰণ কৰাবলৈ চেষ্টা কৰিম । অৱতৰণ সন্ধিয়া ৫.৪৭ বজাত আৰম্ভ হ'ব । ইয়াৰ বাবে প্ৰায় ১৭ মিনিট আৰু ২১ ছেকেণ্ড সময় লাগিব । আমি কমাণ্ডবোৰ ২ ঘণ্টা পূৰ্বে আপলোড কৰিম । আমি লেণ্ডাৰত থকা ইলেক্ট্ৰ'নিক আৰু যান্ত্ৰিক উপ-প্ৰণালীৰ টেলিমেট্ৰি আৰু ই অনুকূল হয়নে নহয় সেই অৱস্থা বিশ্লেষণ কৰিম ।" আহমেদাবাদৰ ইছৰোৰ সঞ্চালক নীলেশ দেশাইৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে এনেদৰে কয় ।

দেশাইয়ে লগতে কয় যে যদি ব্যৱস্থাবোৰে প্ৰত্যাশা অনুসৰি কাম নকৰে, তেন্তে ২৭ আগষ্টত অৱতৰণৰ চেষ্টা কৰা হ'ব । "যদি আমি ২৩ তাৰিখে অৱতৰণ কৰিব নোৱাৰোঁ তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই । আমি পৰৱৰ্তী অৱতৰণৰ বাবে ২৭ তাৰিখ নিৰ্ধাৰণ কৰিছোঁ । পাৰ্থক্যটো হ'ব দূৰত্বৰ । ২৭ তাৰিখে আমি ৩০ কিলোমিটাৰৰ পৰিৱৰ্তে ১৭ কিলোমিটাৰ দূৰত্বৰ পৰা অৱতৰণ কৰিম ।" উল্লেখ্য যে সোমবাৰে ইছৰোৱে লেণ্ডাৰ হেজাৰ্ড ডিটেকচন এণ্ড এডভাইজাৰেন্স কেমেৰা বা এলএইচডিএচিৰ দ্বাৰা বন্দী কৰা চন্দ্ৰৰ দূৰৱৰ্তী ফালৰ ছবি প্ৰকাশ কৰে।

কেমেৰাটোৱে লেণ্ডাৰৰ অৱতৰণৰ সময়ত শিল বা গভীৰ গাঁত অবিহনে এক সুৰক্ষিত অৱতৰণ ক্ষেত্ৰ বিচাৰি উলিওৱাত সহায় কৰিব । ৰাছিয়াৰ উচ্চাভিলাষী মহাকাশ যাত্ৰাক আঘাত কৰি লুনা-২৫ মহাকাশযানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছত চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এদিন পিছতে এই ফটোবোৰ লাভ কৰা হৈছে । "ৰাছিয়াক মহাকাশত এক মহাশক্তি হিচাপে গণ্য কৰা হয় । কিন্তু তেওঁলোকৰ লুনা-২৫ দুৰ্ঘটনাগ্ৰস্ত হয় । তেওঁলোকৰ উন্নত প্ৰযুক্তি আছে । তথাপিও তেওঁলোকে অৱতৰণ কৰাত ব্যৰ্থ হয় । তেওঁলোকে দক্ষিণ মেৰুলৈও যাবলৈ চেষ্টা কৰিছিল । কিন্তু আপোনালোক সকলোৱে জানে যে ইছৰোৱে এই অভিযান সফল কৰিবলৈ সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে । সেয়েহে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ।" নীলেশে কয় ।

উল্লেখ্য যে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউলে ইতিমধ্যে চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সৈতে দ্বিমুখী যোগাযোগ স্থাপন কৰিছে । আনহাতে, ইছৰোৱে সোমবাৰে কৈছে যে সকলো ব্যৱস্থাই নিখুঁতভাৱে কাম কৰি আছে আৰু কোনো আকস্মিক পৰিস্থিতিৰ সম্ভাৱনা নাই । দ্বিমুখী সম্পৰ্কটোৱে চন্দ্ৰযান-৩-ৰ সৈতে যোগাযোগৰ বাবে গ্ৰাউণ্ড কণ্ট্ৰোলাৰসকলক অধিক চেনেল প্ৰদান কৰিব ।

"এইবাৰ আমি আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰা প্ৰতিকূল পৰিস্থিতিৰ কথা বিবেচনা কৰি পৰীক্ষাৰ পূৰ্বে ছফ্টৱেৰ আৰু হাৰ্ডৱেৰত পৰিৱৰ্তন কৰিছোঁ । সকলো ভাগ্য ওপৰত নিৰ্ভৰ কৰিব । লগতে থাকিব আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা; আমি সফল মসৃণ অৱতৰণ কৰিবলৈ সক্ষম হ'ম ।" দেশায়ে কয় । উল্লেখ্য যে চন্দ্ৰযান-৩ৰ সফলতাই ভাৰতক চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰাব । ইয়াৰ পূৰ্বে পূৰ্বৰ ইউএছএছআৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সফলতা লাভ কৰিছে ।

লগতে পঢ়ক :Chandrayaan-3 : চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙক লৈ যথেষ্ট আশাবাদী ইছৰোৰ প্ৰাক্তন বিজ্ঞানী

Last Updated : Aug 23, 2023, 8:36 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.