ETV Bharat / bharat

Sugarcane Juice For Diabetes: ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱাটো নিৰাপদ নে ?

author img

By

Published : Apr 7, 2023, 7:12 PM IST

কুঁহিয়াৰৰ ৰসৰ মিঠা সোৱাদৰ বহুলোকে ইয়াক পচন্দ কৰে । মিঠা হোৱাৰ পিছতো ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে স্বাস্থ্যৰ বাবে উপকাৰিতা সাধন কৰে । কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক খোৱাটো উচিত নে ? জানো আহক

Is it safe for diabetic patients to drink sugarcane juice?
ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱাটো নিৰাপদনে ?

কুঁহিয়াৰৰ ৰস মিঠা আৰু সোৱাদত সুস্বাদু, যিটো ভাৰতৰ বাহিৰেও আফ্ৰিকা আৰু এছিয়াৰ আন দেশসমূহত প্ৰচলিত (Sugarcane Juice For Diabetes) । প্ৰাকৃতিক হোৱাৰ উপৰিও ইয়াৰ পৰা বহু দিশত স্বাস্থ্যৰ উপকাৰো লাভ কৰিব পাৰে (Which juice is best for diabetes)। যকৃত, বৃক্ক আদি ৰোগৰ চিকিৎসাৰ বাবে বহু সভ্যতাত ইয়াক ব্যৱহাৰ কৰা হৈছে । কুঁহিয়াৰৰ ৰস সোৱাদযুক্ত হোৱাৰ বাবে জনপ্ৰিয়, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক পান কৰিব পাৰেনে ? তেওঁলোকৰ বাবে চুপাৰি কিমান নিৰাপদ হ’ব পাৰে জানো আহক-

কুঁহিয়াৰৰ ৰসত সাধাৰণতে নেমুৰ ৰস মিহলাই খোৱা হয় (Is raw sugarcane good for diabetics)। যিয়ে বিশেষকৈ গ্ৰীষ্মকালত বহুত সকাহ আনে । ইয়াক প্ৰক্ৰিয়াকৰণ কৰি গুড়, ব্ৰাউন চুগাৰ আৰু বগা চেনি তৈয়াৰ কৰা হয় । কুঁহিয়াৰৰ ৰস সম্পূৰ্ণ চেনি নহয়, ইয়াত ৭০-৭৫% পানী, ১০-১৫% আঁহ আৰু ১৩-১৫% চেনি থাকে ।

যিহেতু কুঁহিয়াৰৰ ৰস প্ৰক্ৰিয়াকৰণ কৰা নহয়, গতিকে ই ফেনলিক আৰু ফ্লেভ’ইড এন্টিঅক্সিডেন্টৰ এক উত্তম উৎস । এই এন্টিঅক্সিডেন্টৰ উপস্থিতিৰ বাবেই ইয়াক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় (Which juice is best for diabetes)। ইয়াৰ উপৰিও ইয়াত পটাছিয়াম থাকে, যিটো হাইড্ৰেটিং গুণৰ বাবে জনাজাত । ১৫ গৰাকী চাইকেল চলোৱা খেলুৱৈক কুঁহিয়াৰৰ ৰসেৰে পৰীক্ষা কৰা হয় (Does cane sugar increase blood sugar)। য’ত দেখা গ’ল যে এই ৰসে তেওঁলোকৰ কৰ্মক্ষমতা উন্নত কৰি শৰীৰক পুনৰ জলসিঞ্চন কৰে । কিন্তু একে সময়তে খেলুৱৈসকলৰ তেজত চেনিৰ মাত্ৰাও বৃদ্ধি পায় (Sugarcane Juice For Diabetes)।

কুঁহিয়াৰৰ ৰসত কিমান চেনি থাকে ?

চুপাৰিত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যদিও চেনি আৰু শৰ্কৰাৰ পৰিমাণো বেছি ।

এক কাপত অৰ্থাৎ ২৪০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰস:

  • কেলৰি: ১৮৩
  • প্ৰ'টিন: ০ গ্ৰাম
  • চৰ্বি: ০
  • চেনি: ৫০ গ্ৰাম
  • আঁহ: ০-১৩ গ্ৰাম

এক কাপ কুঁহিয়াৰৰ ৰসত ৫০ গ্ৰাম চেনি থাকে, যিটো ১২ চামুচৰ সমান । আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি পুৰুষে দিনটোত ৯ চামুচতকৈ অধিক আৰু মহিলাই ৬ চামুচতকৈ অধিক চেনি খোৱাৰ পৰা বিৰত থাকিব লাগে ।

চেনি হৈছে এক প্ৰকাৰৰ কাৰ্ব যিটো আমাৰ শৰীৰে গ্লুক’জলৈ ভাঙি যায় । কিছুমান হাই-কাৰ্বযুক্ত খাদ্য আৰু পানীয়ৰ ফলত তেজৰ চেনিৰ মাত্ৰা অত্যধিক বৃদ্ধি পাব পাৰে, বিশেষকৈ যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়, যাৰ ফলত বিপদৰ সৃষ্টি হয় । সেইবাবেই ডায়েবেটিছ ৰোগীয়ে চেনি গ্ৰহণৰ যত্ন ল’ব লগা হয় ।

যদিও কুঁহিয়াৰৰ ৰসৰ গ্লাইচেমিক ইনডেক্স কম, তথাপিও গ্লাইচেমিক লোড বেছি । অৰ্থাৎ ই আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে(Can a diabetic have sugarcane juice)।

গতিকে ডায়েবেটিছ হ’লে কুঁহিয়াৰৰ ৰস খাব লাগেনে ?

যেনেকৈ ডায়েবেটিছত চেনি সমৃদ্ধ পানীয় পৰিহাৰ কৰাটো বাঞ্ছনীয়, একেদৰে কুঁহিয়াৰৰ ৰসৰ পৰা আঁতৰি থকাটো ভাল বুলি বিবেচিত হয় । ইয়াত থকা উচ্চ চেনিৰ পৰিমাণে আপোনাৰ ব্লাডচুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । গতিকে নাখাব ।

কুঁহিয়াৰৰ ৰসত থকা পুষ্টিকৰ উপাদান বহুত, কিন্তু একে সময়তে চেনিৰ পৰিমাণো ইয়াত অতি বেছি, যাৰ ফলত ডায়েবেটিছত ব্লাডচুগাৰৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব পাৰে । চেনি নোহোৱাকৈ চাহ, কফি বা আন আন পানীয় খোৱাই ভাল ।

লগতে পঢ়ক: Diabetes: High Blood Sugarৰ পৰম শত্ৰু এইবিধ ফুলৰ গছ, জানি লওক ব্যৱহাৰৰ পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.