ETV Bharat / bharat

চাৰ ধাম যাত্ৰাৰ বাবে IRCTC ৰ বিশেষ ৰে’ল

author img

By

Published : Sep 19, 2021, 10:39 AM IST

ঘৰুৱা পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত 'দেখো অপনা দেশ'ৰ সৈতে সংগতি ৰাখি এখন বিশেষ পৰ্যটন ৰে’ল মুকলি কৰিছে IRCTC য়ে । ইয়াৰ পূৰ্বে সফলতাৰে শ্ৰী ৰামায়ণ যাত্ৰা (Shri Ramayana Yatra) নামেৰে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল ভাৰতীয় ৰে’ল বিভাগে ।

Char Dham Yatra
চাৰ ধাম যাত্ৰাৰ বাবে IRCTCৰ বিশেষ ৰেল

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : শনিবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা ৷ লগে লগে দেশ-বিদেশৰ ভক্তৰ আগমন ঘটিছে উক্ত ধৰ্মীয় স্থানসমূহলৈ । ভক্তসকলৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনে (IRCTC) আৰম্ভ কৰিছে বিশেষ ৰে’লসেৱা ।

যাত্ৰী তথা ভক্তৰ সুবিধাৰ্থে Dekho Apna Desh শীৰ্ষক বিশেষ ডিলাক্স এচি পৰ্যটক ৰে’লৰ আৰম্ভ কৰিছে ভাৰতীয় ৰে’ল বিভাগে । ইয়াৰ পূৰ্বে সফলতাৰে শ্ৰীৰামায়ণ যাত্ৰা (Shri Ramayana Yatra) নামেৰে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছিল ৷ শনিবাৰে এই ১৬ দিনীয়া তীৰ্থযাত্ৰা দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ হৈছে ।

এই যাত্ৰাত গংগাঘাটকে ধৰি হৰিদ্বাৰ, ঋষিকেশ, লক্ষ্মণঝুলা আৰু ত্ৰিবেণী ঘাট, ৰামজনম ভূমি, হনুমান গড়ী, সৰজু আৰতী আৰু নন্দীগ্ৰাম, বাৰাণসী, কাশীৰ বিশ্বনাথ মন্দিৰ, পুৰীৰ জগন্নাথ মন্দিৰ, গোল্ডেন সমুদ্ৰতীৰ, কোণাৰ্ক সূৰ্য মন্দিৰ আৰু চন্দ্ৰভাগ বীচ, ৰামনাথস্বামী মন্দিৰ আৰু ধনুষকোডি, দ্বাৰকাকে ধৰি দ্বাৰকাধীশ মন্দিৰ, নাগেশ্বৰ জ্যোতিৰ্লিংগ, শিৱৰাজপুৰ সমুদ্ৰতীৰ আৰু বেট দ্বাৰকা আদিকে ধৰি কেইবাখনো ধৰ্মীয় স্থান সন্নিৱিষ্ট কৰা হৈছে ।

যাত্ৰীসকলে এই তীৰ্থভ্ৰমণৰ জৰিয়তে প্ৰায় ৮,৫০০ কিল’মিটাৰ দুৰত্ব অতিক্ৰম কৰিব । ষ্টেট অৱ আৰ্ট ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনত দুখন সূক্ষ্ম ডাইনিং ৰেষ্টুৰেণ্ট, এটা আধুনিক পাকঘৰ, ডবাবোৰত শ্বাৱাৰ কিউবিকল, চেন্সৰ-আধাৰিত ৱাচৰুম ফাংচন, ফুট মাচাজাৰকে ধৰি বহুতো ব্যৱস্থা আছে । সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত ৰে’লখনত আছে প্ৰথম এচি আৰু দ্বিতীয় এচি শ্ৰেণীৰ সুবিধা । ৰে’লখনৰ প্ৰতিটো ডবাত চিচিটিভি কেমেৰা সংযোজিত কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা আছে ।

আইআৰচিটিচিয়ে (IRCTC) ঘৰুৱা পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত 'দেখো অপনা দেশ'ৰ সৈতে সংগতি ৰাখি এই বিশেষ পৰ্যটন ৰে’লখন মুকলি কৰিছে । প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াৰ বাবদ অতি কমেও ৭৮,৫৮৫ টকা খৰচ কৰিব লাগিব । এই মূল্যত এচি শ্ৰেণীত ৰে’ল যাত্ৰা, ডিলাক্স হোটেলত থকা, আহাৰ, পাহাৰীয়া এলেকাৰ বাহিৰে এচি বাহনত সকলো ঠাইলৈ যাত্ৰা আৰু দৰ্শন, ভ্ৰমণ বীমা আৰু আইআৰচিটিচি ট্যুৰ মেনেজাৰৰ সেৱা সামৰি লোৱা হৈছে ।

লগতে পঢ়ক : দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.