নেশ্যনেল ডেস্ক,8 মাৰ্চ: ঝাৰখণ্ডৰ হাজাৰীবাগৰ এগৰাকী 40 বছৰীয়া শিক্ষয়িত্ৰী ৷ নাম নন্দিনী চক্ৰৱৰ্তী ৷ 1998 চনৰ পৰা শিক্ষয়িত্ৰী বৃত্তি আৰম্ভ কৰা শিক্ষয়িত্ৰী গৰাকী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ বিন্দু ৷ কিয়নো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰা নন্দিনী হৈ পৰিছে আন দহজনৰ বাবে আদৰ্শ ৷ অতি কষ্টেৰে জীৱন অতিবাহিত কৰা শিক্ষয়িত্ৰী গৰাকীয়ে নিজ সন্তানৰ মুখত এমুঠি খাদ্যৰ দিয়াৰ বাবে চলাই গৈছিল জীৱন সংগ্ৰাম ৷ 2004 চনৰ পৰা স্কুল বাছ চলাই অহা শিক্ষয়িত্ৰী গৰাকীয়ে উপাৰ্জন কৰিছিল ধন ৷ তেনেকৈয়ে জীৱন অতিবাহিত কৰি সকলোৰে মাজত সমাদৰ লাভ কৰাত অভিনেতা আমিৰ খানে পুৰস্কৃত কৰিছিল শিক্ষয়িত্ৰী গৰাকীক ৷
শিক্ষয়িত্ৰী গৰাকীয়ে কয়, "মই বিনোৱা ভাৱে বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি শিক্ষয়িত্ৰী হিচাপে এখন ব্যক্তিগত বিদ্যালয়ত যোগদান কৰো ৷ মোৰ স্বামী এগৰাকী ৰেডিঅ' ঘোষক যদিও পৰিয়াল চলাব পৰাকৈ তেওঁৰ উপাৰ্জন নাছিল ৷ যাৰ বাবে মোৰ সন্তানসহ আমাৰ মৌলিক প্ৰয়োজনখিনি পূৰণ কৰাত বহুতো অসুবিধা হৈছিল ৷ যিহেতু আগৰ পৰাই ভালদৰে গাড়ী চলাব পাৰো সেয়েহে মোৰ স্বামীয়ে মোক স্কুল ভেন চলাবলৈ উৎসাহিত কৰিছিল ৷ সেয়ে বহু ভাবি চিন্তি মই স্কুল ভেন চলাবলৈ সাজু হৈছিলো ৷ 2004 চনত মই মোৰ গহণা বিক্ৰী কৰি এখন স্কুল ভেন কিনো আৰু তেতিয়াৰে পৰা লাহে লাহে আৰ্থিকভাৱে সবল হ'বলৈ ধৰিলো ৷ বৰ্তমান মই 8 খন স্কুল বাছ আৰু আন 4 খন বাহনৰ মালিক" ৷
জীৱনৰ কঠিন সময়ৰ বৰ্ণনা দি নন্দিনীয়ে কয়, "মোৰ কাৰ্যত মই বহু বাধা পাইছিলো ৷ সামাজিক আৰু বিত্তীয় বহু বাধাই মোক জুৰুলা কৰিছিল যদিও মোক মোৰ লক্ষ্যৰ পৰা কোনোৱে বিচলিত কৰিব নোৱাৰিলে ৷ যেতিয়া মই গাড়ী চলাবলৈ আৰম্ভ কৰিছিলো তেতিয়া স্থানীয় লোকসকলে মোৰ ভেনৰ সন্মুখত থিয় হৈ মোক ঠাট্টা মস্কৰা কৰিছিল ৷ কিন্তু গুৰুত্ব দিয়া নাছিলো আৰু মোৰ কাম কৰি গৈছিলো ৷ এতিয়া মই দৈনিক 50 কিল’মিটাৰ দুৰত্বৰ ডিএভি পাব্লিক স্কুলৰ বাছ চলাই আছো" ৷
নন্দনীৰ স্বামী মাণিক চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কয়, এই ব্যতিক্ৰমী পদক্ষেপ বাছি লোৱা বাবে মোৰ পত্নীক অভিনেতা আমিৰ খানে পুৰস্কাৰ প্ৰদান কৰিছে ৷ মই মোৰ পত্নীক লৈ গৌৰৱ অনুভৱ কৰো। তাই গাড়ী চলোৱাৰ উপৰিও দৰিদ্ৰ আৰু বঞ্চিত শিশুসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ লগতে শিক্ষাৰ বাবে প্ৰয়োজনীয় বিদ্যালয়ৰ পোছাক আৰু সা-সঁজুলিও প্ৰদান কৰে ।
লগতে পঢ়ক: পেহীৰ ভূমিকাত নিজক সীমাবদ্ধ কৰি মমতাই Nopotism কৰিছে: মোডী