ETV Bharat / bharat

Delhi liquor scam case : সঞ্জয় সিঙৰ সহযোগী বিবেক ত্যাগীক ইডিৰ জেৰা

দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত এক ধন আত্মসাৎ গোচৰ সন্দৰ্ভত ইডিয়ে আপ নেতা সঞ্জয় সিঙৰ সহযোগী বিবেক ত্যাগীক জেৰা কৰি আছে । বিবেক ত্যাগী পুৱা প্ৰায় ১১ বজাত ইডি কাৰ্যালয়ত উপস্থিত হয় ।

Delhi liquor scam case
সঞ্জয় সিঙৰ সহযোগী বিবেক ত্যাগীক ইডিৰ জেৰা
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:29 PM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙৰ সহযোগী বিবেক ত্যাগীক সোধা-পোছা অব্যাহত ৰাখিছে । বিবেক ত্যাগীক শনিবাৰে সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল । আনহাতে শুকুৰবাৰে আপৰ সাংসদ সঞ্জয় সিঙক আন এগৰাকী সহযোগী সৰ্বেশ মিশ্ৰৰ সৈতে মুখামুখি কৰোৱা হৈছিল আৰু ইডিৰ বিশেষ দলে প্ৰশ্ন জেৰা চলাইছিল । একেদৰে, বিবেক ত্যাগীকো বিভিন্ন প্ৰশ্ন কৰা হৈছে । প্ৰশ্নৰ তালিকা পূৰ্বেই প্ৰস্তুত কৰি ৰখা হৈছে ।

উল্লেখ্য যে বিবেক ত্যাগী আৰম্ভণিৰে পৰা আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙৰ দলত জড়িত হৈ আছে । আম আদমি পাৰ্টীয়ে সঞ্জয় সিঙক উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব দিছে আনহাতে বিবেক ত্যাগী পশ্চিম উত্তৰ প্ৰদেশৰ কেইখনমান জিলাৰ দায়িত্বত আছে । বৃহস্পতিবাৰে, সঞ্জয় সিঙক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পাছত ইডিয়ে ৰিমাণ্ডত ল'বলৈ যুক্তি দিয়ে । ইয়াৰ পাছতে ইডিয়ে সঞ্জয় সিঙৰ ৩ গৰাকী ঘনিষ্ঠ সহযোগীলৈ চমন জাৰি কৰে ।

ইফালে সঞ্জয় সিং ১০ অক্টোবৰলৈ ইডিৰ জিম্মাত আছে । বুধবাৰে, ইডিয়ে দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত সিঙৰ বাসগৃহত অভিযান চলাই আৰু তেওঁক সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে দুটাকৈ কেন্দ্ৰীয় সংস্থাই দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ তদন্ত কৰি আছে । ২০২০ চনৰ ১৭ নৱেম্বৰত দিল্লীত নতুন সুৰা নীতি কাৰ্যকৰী কৰা হৈছিল । ২০২২ চনৰ ২২ জুলাইত লেফটেনেণ্ট গভৰ্ণৰে নিয়ম উলংঘন আৰু আবকাৰী নীতিৰ ত্ৰুটিবোৰৰ চিবিআই তদন্তৰ পৰামৰ্শ দিছিল । আনহাতে সেই বছৰৰে ৩১ জুলাইত দিল্লীৰ নতুন সুৰা নীতি বাতিল কৰা হয় । ২০২২ চনৰ ১৭ আগষ্টত চিবিআইয়ে কেলেংকাৰীটোত জড়িত থকাৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, ৩ গৰাকী প্ৰাক্তন চৰকাৰী বিষয়া আৰু দুটা কোম্পানীৰ নামত এজাহাৰ পঞ্জীয়ন কৰে ।

২০২২ চনৰ ২২ আগষ্টত ইডিয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰে । চিবিআইৰ পৰা গোচৰটোৰ বিষয়ে তথ্য পোৱাৰ পাছত ইডিয়ে সুৰা নীতিত ধন আত্মসাতৰ এটা গোচৰ ৰুজু কৰে । ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে মনীষ চিছোদিয়াক পুনৰ কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰে আৰু তাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে । যোৱা ৪ অক্টোবৰত ইডিয়ে সঞ্জয় সিঙৰ চৰকাৰী বাসভৱনত অভিযান চলায় আৰু ১০ ঘণ্টা তালাচী চলায় অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :Delhi liquor scam:আপৰ সাংসদ সঞ্জয় সিঙৰ দুই ঘনিষ্ঠ সহযোগীক ইডিৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.