ETV Bharat / bharat

হোম-যজ্ঞৰ পৰা পূজা-অৰ্চনালৈ...ছিল্কিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলিছে বিভিন্ন প্ৰচেষ্টা

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:18 PM IST

আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্স উপস্থিত হৈছে ছিল্কিয়াৰাত । আজি তেওঁ ছিল্কিয়াৰা সুৰংগৰ মূল দুৱাৰত নিৰ্মিত বৌখনাগ মন্দিৰত মূৰ দোৱালে । ইয়াৰ সমান্তৰালকৈ গংগোত্ৰী ধামৰ ৰাৱাল সতীশ চেমৱালেও গোমুখৰ পৰা গংগাৰ পানী আনি মন্দিৰত অৰ্পণ কৰে । সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক সফল উদ্ধাৰৰ কামনা কৰিলে সকলোৱে ।

Uttarkashi Tunnel Accident
Uttarakhand Tunnel Accident

নিউজ ডেস্ক, 20 নৱেম্বৰ: বিজ্ঞানৰ সমান্তৰালকৈ ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক বচাবলৈ লোকবিশ্বাসৰো সহায় লোৱা হৈছে । প্ৰতিদিনে পুৱা ছিল্কিয়াৰালৈ যি নতুন যন্ত্ৰ অনা হয়, প্ৰথমে বাবা বৌখনাগৰ মন্দিৰত পূজা কৰা হয় । ইয়াৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সেও ছিল্কিয়াৰাত কাম আৰম্ভ কৰাৰ পূৰ্বে সুৰংগটোৰ মূল দ্বাৰত নিৰ্মিত মন্দিৰত মূৰ দোৱাইছিল । আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে মন্দিৰৰ সন্মুখত আঁঠু লৈ উদ্ধাৰ অভিযানৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue operation | International Tunneling Expert, Arnold Dix says "It is looking good, but we have to decide whether it is actually good or is it a trap. It is looking very positive as we have the best experts in Himalayan geology with… pic.twitter.com/IcnmHjGfRw

    — ANI (@ANI) November 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে সোমবাৰে গংগোত্ৰী ধামৰ ৰাৱাল সতীশ চেমৱালে গোমুখৰ পৰা গংগাৰ পানী আনি মন্দিৰত অৰ্পণ কৰে ডিক্সে । ইয়াৰ উপৰিও সুৰংগটোৰ ভিতৰত গংগা পানীও ছটিয়াই দিয়া হৈছিল । এই সময়ছোৱাত তেওঁ সুৰংগটোত আবদ্ধ হৈ থকা সকলো শ্ৰমিকৰ সৈতেও কথা পাতিছিল । আৱদ্ধ হৈ থকা সকলো শ্ৰমিকে গংগাৰ ওচৰত তেওঁলোকক নিৰাপদে ঘূৰাই অনাৰ বাবে প্ৰাৰ্থনা কৰে ।

  • #WATCH | Uttarkashi Tunnel Accident | Colonel Deepak Patil says, "We will send food, mobile, and charger to the people who are trapped inside the tunnel. We will also try to install a WiFi connection inside. DRDO robots are also working..." pic.twitter.com/5cj6cENt9G

ৰাৱাল সতীশ চেমৱালে কয় যে তেওঁ বিশেষভাৱে গোমুখৰ পৰা গংগাৰ পানী আনিছে । যিখিনি সুৰংগৰ বাহিৰত স্থাপন কৰা মন্দিৰৰ লগতে সুৰংগৰ ভিতৰত ছটিয়াই দিয়া হৈছে । তেওঁ কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা সকলো শ্ৰমিক নিৰাপদে ঘূৰি অহাৰ বাবে গংগাৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

উল্লেখ্য যে ছিল্কিয়াৰা অঞ্চলত গাঁৱৰ মানুহে বাবা বৌখনাগক পূজা কৰে । এই অঞ্চলৰ প্ৰধান দেৱতা হিচাপে তেওঁক প্ৰতি ঘৰে ঘৰে পূজা কৰা হয় । লোকবিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বচাবলৈ উদ্ধাৰ অভিযানত নিয়োজিত এন এইচ আই চি এল আৰু নৱ্যুগা কোম্পানীৰ সৈতে জড়িত লোকসকলেও দৈনিক বৌখনাগক পূজা কৰি আছে । ইয়াৰ আগতে ইয়াত সুৰংগটোৰ এটা চুকত মন্দিৰ স্থাপন কৰা হৈছিল । যিটো এতিয়া সুৰংগটোৰ মুখৰ ওচৰত স্থাপন কৰা হৈছে ।

ৰাডী টপত শ্ৰমিকসকলৰ হোম-যজ্ঞ: ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ সুৰক্ষাৰ বাবে ভাৰত মজদুৰ সংগঠনৰ সৈতে জড়িত শ্ৰমিকসকলে ৰাডী টপত অৱস্থিত বাবা বৌখনাগ দেৱতাৰ মন্দিৰত যজ্ঞ আয়োজন কৰে । সংগঠনৰ সভাপতি ব্রিজপাল সিঙে কয় যে ভিতৰত আবদ্ধ হৈ থকা সকলো শ্ৰমিকৰ বাবে তেওঁ চিন্তিত । তেওঁ কেন্দ্র আৰু ৰাজ্য চৰকাৰক উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰি সকলো শ্ৰমিকক নিৰাপদে বাহিৰলৈ উলিয়াই আনিবলৈ দাবী জনায় ।

লগতে পঢ়ক: সুৰংগত আৱদ্ধ শ্ৰমিকৰ পৰিয়ালক সহায়ৰ আশ্বাস উত্তৰাখণ্ড চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.