নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে পুনৰ আন্তৰ্জাতিক বাণিজ্যিক বিমান চলাচলত স্থগিতাদেশ । শুকুৰবাবে দিয়া এক নিৰ্দেশনা অনুসৰি আন্তৰ্জাতিক বাণিজ্যিক বিমান পৰিচালনাৰ ক্ষেত্ৰত ৩১ মে'লৈ সময় বৃদ্ধি কৰা হ'ল । অৱশ্যে বিমান ভ্ৰমণৰ ক্ষেত্ৰত কৰ'ণা পৰিস্থিতিৰ মাজত গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৰ অধীনত আন্তৰ্জাতিক যাত্ৰীবাহী বিমানসমূহৰ চলাচল অব্যাহত থাকিব।
অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে ২০২০ চনৰ ২৬ জুনৰ বিজ্ঞপ্তিৰ আংশিক সংশোধন কৰি কৰ্তৃপক্ষই জাৰি কৰা বিজ্ঞপ্তিৰ বৈধতা আৰু বৃদ্ধি কৰিছে । নতুন নিৰ্দেশনা অনুসৰি অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা ৩১ মে'লৈ স্থগিত ৰখা হৈছে । বিজ্ঞপ্তিখনত উল্লেখ থকা মতে ডিজিচিএৰ দ্বাৰা বিশেষভাৱে অনুমোদিত আন্তৰ্জাতিক সকলো-কাৰ্গো অভিযান আৰু বিমানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব ।
উল্লেখ্য যে ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ঘোষণা কৰা লকডাউনৰ বাবে ২০২০ চনৰ ২৫ মাৰ্চৰ পৰা যাত্ৰীৰ বাবে বিমান সেৱা স্থগিত ৰখা হৈছিল । অৱশ্যে ২৫ মে'ৰ পৰা ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ হৈছিল ।
লগতে পঢ়ক:ক'ভিড-১৯: ভাৰত পালেহি আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চিকিৎসা সামগ্ৰী