ETV Bharat / bharat

অত্যাধুনিক সুবিধাৰ সৈতে মুকলি হ'ল Infinix Hot 30i Smartphone

author img

By

Published : Mar 27, 2023, 10:34 PM IST

ভাৰতীয় বজাৰত ইনফিনিক্সে মুকলি কৰিছে এক সুন্দৰ ডিজাইনৰ স্মাৰ্টফোন । স্মাৰ্টফোনটোত আছে 16GB ৰেম আৰু 5000mAh বেটাৰী । এই স্মাৰ্টফোনৰ মূল্য তথা অন্য সুবিধামসূহৰ বিষয়ে বিতংভাৱে জানো আহক ।

Infinix Hot 30i smartphone launched with 16GB RAM, will get 50MP camera
অত্যাধুনিক সুবিধাৰ সৈতে মুকলি হ'ল Infinix Hot 30i Smartphone

নিউজ ডেস্ক, 27 মাৰ্চ ডেস্ক: ভাৰতীয় বজাৰত ইনফিনিক্সে মুকলি কৰিছে এটা নতুন Hot series স্মাৰ্টফোন– Infinix Hot 30i। নতুন হট ছিৰিজৰ হেণ্ডছেটত মিডিয়াটেক হেলিঅ’ জি৩৭ প্ৰচেছৰ আৰু ৮জিবি ৰেম অন্তৰ্ভুক্ত কৰা হৈছে । Infinix Hot 30iত আছে 50MP মেইন কেমেৰা যিটো LED ফ্লেছৰ সৈতে আহে(Infinix Hot 30i Smartphone)। Infinix Hot 30i হৈছে HD+ ৰিজ’লিউচনৰ আৰু ইয়াত 5000mAh বেটাৰী পেক কৰা হৈছে । স্মাৰ্টফোনটোৰ স্পেচিফিকেশন, ফিচাৰ আৰু দাম চাওঁ আহক-

Infinix Hot 30iৰ ভাৰতত মূল্য

ভাৰতত Infinix Hot 30iৰ মূল্য বেচ 8GB + 128GB ভেৰিয়েন্টৰ বাবে 8999 টকা । ৩ এপ্ৰিলৰ পৰা দুপৰীয়া ১২ বজাৰ পৰা একচেটিয়াভাৱে ফ্লিপকাৰ্টৰ জৰিয়তে এই স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব । ইনফিনিক্স হট ৩০আই মিৰ’ৰ ব্লেক আৰু গ্লেচিয়াৰ ব্লু ৰঙৰ বিকল্পত আহে ।

Infinix Hot 30iৰ স্পেচিফিকেশন

স্মাৰ্টফোনটোত 90Hz ৰিফ্ৰেছ ৰেট, HD+ (1612 × 720 পিক্সেল) ৰিজ’লিউচন, আৰু 500nits শীৰ্ষ উজ্জ্বলতাৰ সৈতে 6.6 ইঞ্চি IPS LCD ডিছপ্লে আছে । ডিছপ্লে পেনেলত ১৮০ হাৰ্টজ টাচ চেম্পলিং ৰেট আছে আৰু ইয়াত পাণ্ডা গ্লাছ প্ৰটেকচন আছে । নতুন HOT ছিৰিজৰ স্মাৰ্টফোনটোত অক্টা-ক'ৰ মিডিয়াটেক হেলিঅ’ জি৩৭ প্ৰচেছৰ আছে । এই স্মাৰ্টফোনত আছে Mali G57 GPU । স্মাৰ্টফোনটোত আছে ৮জিবি মেমৰি আৰু ১২৮জিবি ইণ্টাৰনেল ষ্ট’ৰেজ । Extended RAM ৰ সহায়ত মেমৰি 8GB লৈকে আৰু অধিক বৃদ্ধি কৰিব পাৰি । স্মাৰ্টফোনটোত প্ৰি-লোড কৰা হৈছে এক্সঅ’এছ ১২, যিটো এণ্ড্ৰইড ১২ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ।

Infinix Hot 30iৰ বৈশিষ্ট্যসমূহ

Infinix Hot 30iত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে য’ত ৫০এমপি প্ৰাইমেৰী কেমেৰা আছে । মূল কেমেৰাটোত আছে এআই লেন্স আৰু এল ই ডি ফ্লেছ । ফোনটোত চেলফিৰ বাবে 5MP ফ্ৰন্ট কেমেৰা আছে । ফ্ৰন্ট কেমেৰাত দিয়া হৈছে ডুৱেল ফ্লেছ । স্মাৰ্টফোনটোত 5000mAh বেটাৰী আৰু 10W চাৰ্জিং সমৰ্থন আছে । চাৰ্জিং আৰু ডাটা ট্ৰেন্সফাৰৰ বাবে ফোনত টাইপ-চি পৰ্ট দিয়া হৈছে ।

ফোনত ১টিবি পৰ্যন্ত মাইক্ৰ’-এছডি কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব । নিৰাপত্তাৰ কথা ক’বলৈ গ’লে ইয়াত আছে কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ । ডিভাইচটোত সংযোগ বিকল্পসমূহৰ ভিতৰত আছে ডুৱেল-চিম, 4G, ৱাই-ফাই 802.11 a/b/g/n/ac, ব্লুটুথ 5.0, আৰু জিপিএছ ।

লগতে পঢ়ক: OpenAI on ChatGPT bug : ChatGPT bug-এ উন্মোচিত কৰিব পাৰে ব্যৱহাৰকাৰীৰ পৰিশোধ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.