ETV Bharat / bharat

২০২২ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাফেলৰ অন্তৰ্ভূক্তিকৰণ

author img

By

Published : Jun 19, 2021, 5:07 PM IST

ভাৰতীয় বায়ুসেনা বাহিনীৰ(IAF) মুৰব্বী আৰ কে এছ ভদৌৰিয়াৰ মতে ২০২২ চনৰ ভিতৰত ভাৰতীয় বায়ুসেনাত ৩৬ খন ৰাফেল (Rafale) বিমান অন্তৰ্ভুক্ত কৰা হ'ব । ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯ হাজাৰ কোটি টকা ব্যয়েৰে ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে এক আন্তঃ চৰকাৰী চুক্তি স্বাক্ষৰ কৰিছিল ।

Rafale aircraft
২০২২ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাফেলৰ অন্তৰ্ভূক্তিকৰণ

নেশ্যনেল ডেস্ক,১৯ জুন: বহু চৰ্চিত ৰাফেল যুঁজাৰু বিমানকলৈ বিশেষ ঘোষণা ভাৰতীয় বায়ু সেনা বাহিনীৰ(IAF) মুৰব্বী আৰ.কে.এছ ভদৌৰিয়াৰ (RKS Bhadauria) । ভদৌৰিয়াৰ মতে ২০২২ চনৰ ভিতৰত ভাৰতীয় বায়ু সেনাত ৩৬ খন ৰাফেল (Rafale) বিমান অন্তৰ্ভুক্ত কৰা হ'ব । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিশেষ আঁচনিৰ জৰিয়তে ফ্ৰাঞ্চৰ পৰা ৰাফেল গ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে বায়ু সেনাই লক্ষ্য আগত ৰাখিছে ।

তেওঁৰ মতে ৰাফেল অন্তৰ্ভূক্তিকৰণৰ লক্ষ্য ২০২২ চন । ভদৌৰিয়াই জনোৱা মতে মহামাৰীৰ পৰিস্থিতিৰ বাবে দুই-এখন বিমানৰ বাহিৰে বাকীবোৰ সামগ্ৰী আহি পোৱাত কিছু পলম হৈছে । অৱশ্যে ইয়াৰ মাজতে বহু সামগ্ৰী নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই আহিছে । গতিকে ৰাফেল অন্তৰ্ভূক্তিৰ ক্ষেত্ৰতো তেওঁ সম্পূৰ্ণ নিশ্চিত যে ৰাফেল যুঁজাৰু বিমানো নিৰ্ধাৰিত সময়তে আহি পাব । ডুণ্ডিগালৰ বায়ু সেনা একাডেমীত সংযুক্ত স্নাতক পেৰেডৰ (Combined Graduation Parade) পৰ্যালোচনাৰ সময়তে সাংবাদিকৰ আগত এই মন্তব্য কৰে বায়ু সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে ।

উল্লেখ্য যে ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯ হাজাৰ কোটি টকা ব্যয়েৰে ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে এক আন্তঃচৰকাৰী (inter-governmental agreement) চুক্তি স্বাক্ষৰ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফেব্ৰুৱাৰী মাহত জনাইছিল যে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত ভাৰতে যুঁজাৰু বিমান লাভ কৰিব । ইফালে ইণ্ডো-চীন সীমান্তৰ পূব লাডাখৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন কৰাত বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে কয় যে দুয়োপক্ষৰ মাজত আলোচনা চলি আছে আৰু দুয়োপক্ষৰ মাজৰ বিবাদক সুস্থিৰ ৰূপলৈ ঘুৰাই অনাত প্ৰথম গুৰুত্ব দিয়া হৈছে ।

তেওঁৰ মতে প্ৰথম প্ৰয়াস হ'ল আলোচনা অব্যাহত ৰখা আৰু বিভেদকামী শক্তিবোৰ নি:শেষ কৰা । অৱশ্যে সীমান্তত বিভিন্ন বিবাদ সম্প্ৰতি পূৰ্বতকৈ যথেষ্ট কমিছে । তথাপিও অতি সূক্ষ্মভাৱে সীমান্ত বিবাদিত অঞ্চলবোৰত নিৰীক্ষণ অব্যাহত ৰখা হৈছে বুলিও তেওঁ অৱগত কৰে । চীনা সেনাৰ অৱস্থান,নিযুক্তি আদি যিকোনো পৰিৱৰ্তন প্ৰতিটো সময়তে নিৰীক্ষণ কৰি থকা হৈছে আৰু যিধৰণৰ পদক্ষেপৰ প্ৰয়োজন বায়ু সেনাৰ তৰফৰ পৰা কৰা হৈছে বুলিও বায়ু সেনাৰ মুৰব্বী আৰ.কে.এছ ভদৌৰিয়াই জনাই ।

লগতে পঢ়ক:ৰাছিয়াৰ কেমেৰোভোত বিমান দুৰ্ঘটনা: ৪ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.