ETV Bharat / bharat

Indigo Flight Makes Emergency Landing : অঘটন ! IGI বিমানবন্দৰত ইণ্ডিগ’ বিমানৰ জৰুৰী অৱতৰণ

author img

By

Published : Aug 5, 2023, 1:59 PM IST

কাৰিকৰী অসুবিধাৰ বাবে ৰাঞ্চি অভিমুখী ইণ্ডিগ’ বিমান এখনে দিল্লী বিমানবন্দৰত ৰিটাৰ্ণ লেণ্ডিং কৰে ৷ লগতে বিমান যাত্ৰীসকলৰ বাবে আন এখন বিমানৰ ব্যৱস্থা কৰি দিয়ে বিমান কৰ্তৃপক্ষই ৷ এক সূত্ৰৰ জৰিয়তে লাভ কৰা হৈছে এই তথ্য ৷

Flight from Delhi to Ranchi
ইণ্ডিগ’ বিমানৰ জৰুৰী অৱতৰণ

নেশ্যনেল ডেস্ক, ৫ আগষ্ট : শনিবাৰে পুৱা ৰাঞ্চি অভিমুখী ইণ্ডিগ’ৰ এখন বিমান কাৰিকৰী বিসংগতিৰ ফলত উৰণৰ এঘণ্টাৰ ভিতৰতে পুনৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (IGI) বিমানবন্দৰলৈ উভতি যায় ৷ এক বিশেষ সূত্ৰৰ জৰিয়তে এই কথা জানিব পৰা গৈছে ৷

বিমানখনত থকা এগৰাকী যাত্ৰীয়ে কয় যে নিৰ্ধাৰিত সময়তে ৬E ২১৭২ নম্বৰ বিমানখনে উৰা মাৰে ৷ কিন্তু মাজ আকাশতে ৬E ২১৭২ নম্বৰ বিমানখনৰ কাৰিকৰী বিসংগতিৰ বিমানখনৰ পাইলটে ঘোষণা কৰে ৷ তাৰ পাচতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ শংকিত হৈ পৰে সকলো ৷ কিন্তু পাইলটে সকলো পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণলৈ আনি পুনৰ বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (IGI) বিমানবন্দৰত অৱতৰণ কৰে ৷

বিমানখনৰ উৰণৰ কিছু সময়ৰ পাচতে মাজ আকাশতে পাইলটে ঘোষণা কৰে যে বিমানখনত কিছু কাৰিকৰী অসুবিধা হৈছে ৷ গতিকে বিমানখনক পুনৰ দিল্লী বিমানবন্দৰলৈ লৈ যোৱা হ’ব । উল্লেখ্য যে, ইণ্ডিগ’ বিমানখনে পুৱা প্ৰায় ৭.৪০ বজাত ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা উৰা মাৰি পুৱা ৮.২০ বজাত উভতি আহিছিল ।

ইণ্ডিগ’ৰ ক্ৰুৱে যাত্ৰীসকলক জনাইছিল যে উক্ত ৬E ২১৭২ নম্বৰ বিমানখনৰ কাৰিকৰীক বিজুতিৰ বাবে অন্য এখন বিমানৰ ব্যৱস্থা কৰা হৈছে ৷ কিছু সময়ৰ পাচতে অন্য এখন বিমানলৈ যাত্ৰীসকলক স্থানান্তৰ কৰি তেওঁলোকক গন্তব্য স্থানত অৱতৰণ কৰাব ৷

উক্ত ঘটনা সন্দৰ্ভত ইণ্ডিগ’ বিমান সংস্থাটোৱে কোনো তাৎক্ষণিক বিবৃতি প্ৰকাশ কৰা নাই । ইয়াৰ পূৰ্বে শুকুৰবাৰে দিল্লী অভিমুখী এখন বিমানে বিমানখনৰ দুটা ইঞ্জিনৰ এটাত গ্লিচ হোৱাৰ বাবে পাটনাত জৰুৰীকালীন অৱতৰণ কৰে । পাটনা বিমানবন্দৰৰ পৰা যাত্ৰা কৰাৰ তিনি মিনিটৰ পিচত দিল্লীলৈ যোৱা ৬E ২৪৩৩ নং ইণ্ডিগ’ বিমানখনে এটা ইঞ্জিন বিকল হোৱাৰ খবৰ দিয়ে ।

বিমানখনে লগে লগে জৰুৰীকালীন অৱতৰণৰ বাবে ক্লিয়াৰেন্স লাভ কৰি ০৯:১১ বজাত নিৰাপদে অৱতৰণ কৰে বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছিল । আনকি যাত্ৰীসকলৰ যাত্ৰাৰ বাবে বিকল্প ব্যৱস্থাও কৰা হৈছিল ।

লগতে পঢ়ক : Gyanvapi Shringar Gauri Case : জ্ঞানবাপী চৌহদত এএছআই জৰীপ দ্বিতীয়দিনাও অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.