নেশ্যনেল ডেস্ক, 5 জুলাই : সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে ৷ দেওবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে জনসাধাৰণৰ আশীৰ্বাদৰ বাবে দেশত উন্নয়ন সাধন হৈছে । আউটাৰ ৰিং ৰোড আৰু ভিক্ট’ৰিয়া ষ্ট্ৰীট ফ্লাই অভাৰৰ নিৰ্মাণ প্ৰক্ৰিয়া পৰ্যালোচনা কৰিবলৈ লক্ষ্ণৌ ভ্ৰমণলৈ যোৱাৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, লক্ষ্ণৌ দেশৰ শীৰ্ষ 3 খন চহৰৰ ভিতৰত থাকিব লাগে ।
"লক্ষ্ণৌ দেশৰ শীৰ্ষ 3 খন চহৰৰ ভিতৰত থাকিব লাগে । ৰাজ্যখনৰ সকলো নেতা আৰু বিষয়াৰ প্ৰচেষ্টাৰ দ্বাৰা এই উন্নয়ন হোৱা বুলি প্ৰকাশ কৰাৰ লগতে যেতিয়াই কোনো অঞ্চলত আন্তঃগাঁথনিৰ বিকাশ হয়, অৰ্থনৈতিক পৰিস্থিতি যথেষ্ট উন্নত হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাৰ দেশত কৰা উন্নয়নমূলক কাম অতিকৈ প্ৰশংসনীয় । বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি পাইছে ।
যেতিয়া আমি বিদেশলৈ যাওঁ আৰু প্ৰশংসা পাওঁ, ই ব্যক্তিগত পৰ্যায়ত নহয়, আমাৰ দেশৰ বাবে"-এক টুইটযোগে সিঙে আশ্বাস দিয়ে ৷ লগতে টুইটত প্ৰকাশ কৰে যে লক্ষ্ণৌৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে ।
"আজি মই লক্ষ্ণৌত উপস্থিত হৈ চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতি দেখিছো । চহৰখনৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে । এই সকলোবোৰ কাম এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি টুইটাৰযোগে প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।
লগতে পঢ়ক: উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পুস্কৰ সিং ধামিৰ