নেশ্যনেল ডেস্ক, 15 মে’ : মহামাৰী ক’ভিডৰ ফলত সমগ্ৰ দেশতে প্ৰতিদিনে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ আনহাতে, দেশখনত প্ৰায় 83.50 শতাংশ লোক সুস্থ হৈ উঠিছে ইয়াৰ ফলস্বৰূপে দেশত ঔষধৰ বিক্ৰীও বৃদ্ধি পাইছে ৷ যাৰ লগতে ফাৰ্মাচিউটিকেল খণ্ডৰ ক্ৰমান্বয়ে বিকাশ হৈছে ৷
বিশ্বৰ সৰ্ববৃহৎ ফাৰ্মাচিউটিকেল বজাৰ গৱেষণা প্ৰতিষ্ঠান আইএমএছ হেলথৰ এক অডিট তথ্য অনুসৰি, ভাৰতীয় ফাৰ্মা বজাৰ (আইপিএম)ৰ 2021ত বৰ্ষৰ এপ্ৰিলত 59 শতাংশ লাভ হোৱাৰ লগতে মাৰ্চ মাহত 16 শতাংশ বিক্ৰী বৃদ্ধি পাইছে ৷
উল্লেখ্য যে, এমএটিৰ আধাৰত আইপিএমৰ ঔষধৰ বিক্ৰী 9.6 শতাংশলৈ বৃদ্ধি হোৱাৰ লগতে 4.6 শতাংশৰ নতুন সামগ্ৰী মুকলি কৰে । আনহাতে এমকে গ্লোবেল ফাইনেন্সিয়েল চাৰ্ভিচেছৰ এক প্ৰতিবেদন অনুসৰি সকলো মুখ্য চিকিৎসকলৰ 21 এপ্ৰিল লৈকে দুগুণ লাভ হৈছে ।
একেদৰ, দীৰ্ঘম্যাদী চিকিৎসাৰ ভিতৰত, কাৰ্ডিয়াক চিকিৎসা 22 শতাংশ বৃদ্ধি পোৱাৰ লগতে ডায়েবেটিছ প্ৰতিৰোধী চিকিৎসা 10 শতাংশলৈ বৃদ্ধি পাইছে । শ্বাসতন্ত্ৰ চিকিৎসাৰ ২১ এপ্ৰিললৈকে তীব্ৰ গতিত ৬৪ শতাংশ বৃদ্ধি পায় ।
দেশৰ আন আন ফাৰ্মাচিউটিকেল কোম্পানী যেনে, ডিআৰএল 79 শতাংশ, চিপ্লা ফাৰ্মাচিউটিকেল কোম্পানীৰ 77 শতাংশ আৰু কেডিলা 53 শতাংশ লাভ হয় । আনহাতে দেশৰ বিখ্যাত ফাৰ্মাচিউটিকেল কোম্পানী চান ফাৰ্মা, লুপিন আৰু ইপকা লেবছে 30-52 শতাংশ বৃদ্ধি হোৱাৰ প্ৰতিবেদন দিছে ।
অন্যান্য উল্লেখযোগ্য কোম্পানী যেনে গ্লেনমাৰ্কৰ ১৭২ শতাংশ, এৰিষ্টোৰ ৭৭ শতাংশ, মেকল'ডৰ ৬৯ শতাংশ, আৰু এলকেমৰ ৮২ শতাংশ বৃদ্ধি হোৱাৰ তথ্য জানিব পৰা গৈছে ।
ইমকেৰ মতে, অহা কেইমাহমানৰ ভিতৰত আইপিএমৰ বিকাশ আৰু শক্তিশালী হ'ব পাৰে, কিয়নো ক’ভিড-19ৰ পৰিস্থিতি স্বাভাৱিক হ’বলৈ এতিয়া বহু সময়ৰ প্ৰয়োজন ৷
লগতে পঢ়ক : ক'ভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ