ETV Bharat / bharat

ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত : প্ৰধানমন্ত্ৰী মোদী

author img

By ANI

Published : Dec 9, 2023, 1:48 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন বিয়েনেল (আইএএডিবি) ২০২৩ উদ্বোধন কৰে । তেওঁ লালকিল্লাত আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন আৰু ছাত্ৰ বিয়েনেল-সমোন্নতিও উদ্বোধন কৰে ।

PM Modi at Art Biennale inauguration
ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : ভাৰত বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি হোৱাৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে নিজৰ বাবে এক উন্নত ভৱিষ্যত দেখিবলৈ আৰম্ভ কৰিছে । এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাত অনুষ্ঠিত প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন বিয়েনেল (আইএএডিবি) ২০২৩ উদ্বোধন কৰাৰ পাচতে উপস্থিত ৰাইজক সম্বোধন কৰি এই মন্তব্য কৰে ।

তেওঁ কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীয়ে নতুন সুযোগ আনিছে । বিশ্বজুৰি ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধিৰ বিষয়ে আলোচনা হোৱাৰ সময়তে ভাৰতৰ গৌৰৱময় অতীতৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই আজিও সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক আকৰ্ষিত কৰে ।

এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন আৰু ছাত্ৰ বিয়েনেল-সমোন্নতি উদ্বোধন কৰে । তেওঁ অনুষ্ঠানত এটা ডাক টিকটো মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শনীও পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰীয়ে দিল্লী, কলকাতা, মুম্বাই, আহমেদাবাদ আৰু বাৰাণসীক সাংস্কৃতিক চহৰ হিচাপে গঢ়ি তোলাৰ কথা উল্লেখ কৰি কয় যে ই চহৰসমূহক সাংস্কৃতিকভাৱে অধিক সমৃদ্ধ কৰিব ।

পৰৱৰ্তী ৭ দিনৰ বাবে ৭ টা গুৰুত্বপূৰ্ণ বিষয়বস্তু উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে 'দেশজ ভাৰত ডিজাইন : থলুৱা ডিজাইন' আৰু 'সমত্ব : শ্বেপিং দ্য বিল্ট'ৰ দৰে বিষয়বস্তুক এক অভিযান হিচাপে আগবঢ়াই নিবলৈ আহ্বান জনায় । তেওঁ থলুৱা ডিজাইনক অধিক সমৃদ্ধ কৰাৰ হেতুকে যুৱসকলৰ বাবে অধ্যয়ন আৰু গৱেষণাৰ অংশ হিচাপে গঢ়ি তোলাৰ গুৰুত্বৰ কথা উল্লেখ কৰে ।

আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইনৰ উদ্বোধনৰ পাচত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতৰ অনন্য আৰু বিৰল কাৰুশিল্পৰ প্ৰচাৰৰ বাবে এক মঞ্চ প্ৰদান কৰিব আৰু বজাৰ অনুসৰি উদ্ভাৱন কৰাত সহায় কৰিবলৈ শিল্পী আৰু ডিজাইনাৰসকলক একত্ৰিত কৰিব ।

একেদৰে তেওঁ কয় যে কলা আৰু স্থাপত্যৰ ক্ষেত্ৰত ভাৰতৰ পুনৰুজ্জীৱিতকৰণে দেশৰ সাংস্কৃতিক উন্নতিত অৰিহণা যোগাব । মোদীয়ে যোগ আয়ুৰ্বেদৰ ঐতিহ্যৰ কথাও উল্লেখ কৰে আৰু ভাৰতৰ সাংস্কৃতিক মূল্যবোধৰ কথা মনত ৰাখি এক বহনক্ষম জীৱনশৈলীৰ বাবে মিছন এলআইএফই নতুন পদক্ষেপৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ ৰ দ্বিতীয় দিন, উপস্থিত থাকিব গৃহমন্ত্ৰী শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.