ETV Bharat / bharat

ভাৰতীয় ৰে'লৱেৰ সহায়ত ১৪০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন পৰিবহণ - ভাৰতীয় ৰে'লৱে

ভাৰতীয় ৰে'ল বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত ১৪০ মেট্ৰিক টনতকৈ অধিক তৰল অক্সিজেন যোগান ধৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে ।

ভাৰতীয় ৰে'লৱেৰ  ১৪০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন পৰিবহন

author img

By

Published : Apr 26, 2021, 12:17 PM IST

নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল: অক্সিজেনৰ তীব্ৰ সংকটত দেশৰ ৰাজধানী দিল্লী ৷ ইয়াৰ বাবে ভাৰতীয় ৰে'ল বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত ১৪০ মেট্ৰিক টনতকৈ অধিক তৰল অক্সিজেন যোগান ধৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে নখন টেংকাৰ অক্সিজেন যোগান ধৰিবলৈ ৰাওনা হৈছে । ইয়াৰে পাঁচখন সোমবাৰে নিশাৰ ভিতৰত লক্ষ্ণৌত উপস্থিত হ'ব । ইতিমধ্যে বোকাৰোৰ পৰা যাত্ৰা আৰম্ভ কৰা এলএমঅ'ৰ বাকী চাৰিটা কণ্টেইনাৰ মঙলবাৰে পুৱাৰ ভাগতে লক্ষ্ণৌত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

মুম্বাইৰ পৰা ভাইজাগেৰে নাগপুৰ হৈ নাছিক আৰু লক্ষ্ণৌৰ পৰা বোকাৰোলৈ অক্সিজেন এক্সপ্ৰেছ উভতি গৈছে । এতিয়ালৈকে প্ৰায় ১৫০ টন তৰল অক্সিজেন থকা মুঠ ১০ টা কণ্টেইনাৰ কঢ়িয়াই অনা হৈছে । ৪ খন টেংকাৰত (প্ৰায় ৭০ মেট্ৰিক টন এলএমঅ') কঢ়িয়াই অনা এখন অক্সিজেন এক্সপ্ৰেছ ৰে'ল সোমবাৰে নিশা ছত্তিশগড়ৰ ৰায়গড়ৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব । ভাৰতীয় ৰে’ল বিভাগে দুৰ্গাপুৰৰ পৰা দিল্লীলৈ কণ্টেইনাৰ ৱেগনত অক্সিজেনৰ পাত্ৰ কঢ়িয়াই চলাচল কৰিবলৈও সাজু হৈছে ।

ভাৰতীয় ৰে’লে অক্সিজেন পৰিবহণৰ বাবে নিম্নলিখিত পথবোৰ চিহ্নিত কৰিছে-

  • মহাৰাষ্ট্ৰলৈ অক্সিজেন যোগানৰ বাবে ভাৰতীয় ৰে'লৱে জামনগৰৰ পৰা মুম্বাইলৈ আৰু নাগপুৰ, পুনেৰ কাৰণে ভাইজাগ, আংগুলৰ পৰা অক্সিজেন পৰিবহণ কৰাৰ পৰিকল্পনা কৰিছে ।
  • তেলেংগানাৰ কাৰণে অক্সিজেন যোগান ধৰিবলৈ আংগুলৰ পৰা চেকেন্দ্ৰাবাদলৈ নিৰ্ধাৰণ কৰিছে ।
  • অন্ধ্ৰ প্ৰদেশৰ কাৰণে আংগুলৰ পৰা বিজয়ৱাড়ালৈ অক্সিজেন পৰিবহন কৰাৰ পৰিকল্পনা কৰিছে ।
  • মধ্য প্ৰদেশৰ কাৰণে জামছেদপুৰৰ পৰা জবলপুৰলৈ অক্সিজেন পৰিবহনৰ বাবে পথটো নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক: 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক বিনামূলীয়া টীকাকৰণ ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.