ETV Bharat / bharat

প'ৰ্ট ব্লেয়াৰত ভাৰতীয় নৌসেনাৰ লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ৰ উদ্বোধন - আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

বৃহস্পতিবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প'ৰ্ট ব্লেয়াৰত ভাৰতীয় নৌসেনাৰ লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ৰ উদ্বোধন কৰা হয় । লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ জাহাজে কৰ্মচাৰীৰ উপৰিও ১৬০ জন সেনা লৈ যাব পাৰে ।

প'ৰ্ট ব্লেয়াৰত ভাৰতীয় নৌসেনাৰ লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ৰ উদ্বোধন

author img

By

Published : Mar 19, 2021, 1:35 PM IST

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: লেণ্ডিং ক্ৰাফ্ট ইউটিলিটীৰ অষ্টম তথা অন্তিমখন চতুৰ্থ শ্ৰেণীৰ অন্তৰ্ভুক্ত জাহাজ ভাৰতীয় নৌসেনাৰ লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ৰ বৃহস্পতিবাৰে উদ্বোধন কৰা হয় । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প'ৰ্ট ব্লেয়াৰত উদ্বোধন কৰা হয় জাহাজখন । উদ্বোধনী অনুষ্ঠানত আন্দামান আৰু নিকোবৰৰ কামাণ্ডৰ মুখ্য কামাণ্ডৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

লগতে গাৰ্ডেন ৰিছ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড(জিআৰএছই)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিপিন কুমাৰ ছাক্সেনাও অনুষ্ঠানটিত উপস্থিত থাকে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সংবাদ বিবৃতি অনুসৰি, কামাণ্ডাৰ কৃষণ কে যাদৱে জাহাজখনৰ প্ৰথম কমাণ্ডিং বিষয়া হিচাপে কমিছনিং ৱাৰেণ্ট পাঠ কৰে । জাহাজখনত পাঁচজন বিষয়া আৰু ৫০ জন নাবিকক নিয়োগ কৰা হৈছে ।

'মেক ইন ইণ্ডিয়া' আৰু 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ এক অংশ হিচাপে কলকাতাৰ জিআৰএছইৰ দ্বাৰা থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰিছ জাহাজখন । লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী ৫৮ হৈছে মাটি আৰু পানী উভয়তে চলিব পৰা জাহাজ আৰু জাহাজৰ কৰ্মচাৰীৰ উপৰিও ১৬০ জন সৈন্য কঢ়িয়াই নিব পাৰে জাহাজখনে । ৯০০ টন বিচ্যুতিসম্পন্ন এই জাহাজখনে বিভিন্ন প্ৰকাৰৰ যুদ্ধ বাহন যেনে, মেইন বেটেল টেংক(এমবিটি), বিএমপি, আৰ্মড বাহন, ট্ৰাক আদি কঢ়িয়াই নিব পাৰে ।

জাহাজখনৰ দৈৰ্ঘ্য ৬৩ মিটাৰ আৰু ইয়াত দুটা এমটিএ ৪,০০০ শৃংখলাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে । প্ৰতি ঘণ্টাত জাহাজখনে ২৮ কিঃমিঃ জলপথ অতিক্ৰম কৰিব পাৰে । জাহাজখনত ৰাডাৰ ট্ৰেন্সমিছন, এক উন্নত ইণ্টিগ্ৰেটেড ব্ৰীজ চিষ্টেম (আইবিএছ) আৰু এক অত্যাধুনিক ইণ্টিগ্ৰেটেড প্লেটফৰ্ম মেনেজমেণ্ট চিষ্টেম (আইপিএমএছ) প্ৰতিৰোধ কৰিবলৈ এটা উন্নত ইলেক্ট্ৰনিক ছাপৰ্ট মেজাৰ চুইট সংলগ্ন কৰা হৈছে, যিয়ে ক্ৰমান্বয়ে জাহাজৰ নেভিগেশ্বনেল আৰু যন্ত্ৰপাতিৰ একক ষ্টেচন নিৰীক্ষণৰ অনুমতি প্ৰদান কৰে । জাহাজখনত থলুৱাভাৱে নিৰ্মিত দুটা ৩০ মিঃমিঃ চিআৰএন ৯১ বন্দুক আছে ।

ইয়াৰ উপৰিও জাহাজখনত ছয়টা মেচিন গান পোষ্ট লগোৱা হৈছে । এল চি ইউ ৫৮ প'ৰ্ট ব্লেয়াৰত অৱস্থিত হ'ব আৰু ইয়াক বংগোপসাগৰ ভাৰত মহাসাগৰ আৰু আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত বিচিং, অনুসন্ধান আৰু উদ্ধাৰ, দুৰ্যোগৰ সময়ত সাহায্য যোগান ধৰা, উপকূলীয় পেট্ৰ'ল আৰু পৰ্যবেক্ষণ অভিযানৰ কামত ব্যৱহাৰ কৰা হ'ব । এই জাহাজখনে ভাৰতীয় নৌসেনা বাহিনীৰ গতিশীলতা, নমনীয়তা বৃদ্ধি কৰিব ।

লগতে পঢ়ক:ম্যানমাৰত প্ৰতিবাদত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি মিজো জিৰলাই পওলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.