ETV Bharat / bharat

আমেৰিকাৰ চেম্বাৰ অৱ কমাৰ্চৰ পৰা সহায় বিচাৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে

ক'ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চৰ পৰা সহায় বিচাৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে । ভাৰতত মহামাৰীসৃষ্ট ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত চেম্বাৰ অৱ কমাৰ্চৰ সদস্যসকলৰে আলোচনা কৰে ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে । বৰ্তমান ভাৰতক প্ৰয়োজন হোৱা সামগ্ৰীসমূহৰ বিষয়েও তেওঁ অৱগত কৰে ।

Indian envoy in US urges help from business community
আমেৰিকাৰ ব্যৱসায়িক গোটৰ পৰা সহায় বিচাৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে
author img

By

Published : Apr 30, 2021, 8:06 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : কৰ'ণা মহামাৰীৰ বাবে ভাৰতত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সৈতে আলোচনা মিলিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধু । বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চে এখন ডিজিটেল বৈঠকৰ আহ্বান জনায় । ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে বৰ্তমান ভাৰতক জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা সামগ্ৰীবোৰৰ বিষয়ে অৱগত কৰে এই বৈঠকত ।

ইয়াৰ ভিতৰত আছে অক্সিজেন কনচেনট্ৰেটৰ, অক্সিজেন চিলিণ্ডাৰ, ভেণ্টিলেটৰ, অক্সিজেন উৎপাদন প্ৰকল্প আৰু ৰেমডেছিবিৰ আৰু টচিলিজুমাব আদি ঔষধ । ক'ভিড মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈ মাৰ্কিন ব্যৱসায়ী গোটে জনোৱা দ্ৰুত সঁহাৰি আৰু সাহায্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চক টুইটযোগে প্ৰশংসা কৰে সান্ধুৱে ।

  • Important conversation with @AlbertBourla CEO @pfizer today evening. Discussed ways in which Pfizer could support healthcare efforts incl vaccines in India, and strengthen our pandemic response. pic.twitter.com/HoXjC0vlyi

    — Taranjit Singh Sandhu (@SandhuTaranjitS) April 29, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা কেইদিনমানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চে ভাৰতলৈ চিকিৎসা সামগ্ৰী যোগান ধৰাৰ বাবে সমৰ্থন আগবঢ়াইছে । সান্ধুৱে কয় যে, ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া এলবাৰ্ট বুৰ্লাৰ সৈতেও তেওঁ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল । তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি চুজেন ক্লাৰ্ক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ জেফ মাৰ্কলিৰ সৈতেও এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে ।

  • Two US aircrafts with Oxygen equipment & other Covid related supplies landing in India soon.

    Thank you @POTUS for standing shoulder-to-shoulder with India during this challenging time! pic.twitter.com/6kqC8cFufE

তেওঁ প্ৰতিষেধক যোগানকে ধৰি ভাৰতত স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে ফাইজাৰে কেনেদৰে সহযোগিতা কৰিব পাৰে আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে । ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে জনায় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন বিমানে অক্সিজেনযুক্ত সঁজুলি আৰু ক'ভিড-১৯ সম্পৰ্কীয় আন বহু সামগ্ৰী লৈ ভাৰতলৈ ৰাওনা হৈছে । এই সংকটৰ সময়ত ভাৰতক সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতীয় কূটনীতিবিদজনে টুইটযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:ইজৰাইলত ধৰ্মীয় উৎসৱত নিহত বহু লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.