ETV Bharat / bharat

ODI World Cup 2023: এদিনীয়া বিশ্বকাপৰ বাবে 15 জনীয়া ভাৰতীয় দলৰ ঘোষণা; বাদ শিখৰ ধাৱান, অশ্বিনৰ দৰে তাৰকা

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:53 PM IST

Updated : Sep 5, 2023, 9:56 PM IST

আগন্তুক এদিনীয়া বিশ্ব কাপৰ বাবে ভাৰতীয় দলৰ ঘোষণা ৷ 15 জনীয়া দলত স্থান লাভ ঈশান কিষাণ আৰু কে এল ৰাহুলৰ ৷

ODI World Cup 2023
এদিনীয়া বিশ্বকাপৰ বাবে 15 জনীয়া ভাৰতীয় দলৰ নাম ঘোষণা

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ: 5 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আই চি চি এদিনীয়া বিশ্ব কাপ 2023 ৷ ভাৰতত হ’ব লগা মেগা ইভিন্টেলৈ সাজু হৈছে 10 খন দেশৰ 10 টা দল ৷ 5 অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা বিশ্ব কাপক লৈ আজি ভাৰতীয় দলৰ নাম ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বোৰ্ড চমুকৈ বিচিচিআইয়ে ৷ শ্ৰীলংকাত এক সংবাদমেল যোগে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে আগন্তুক এদিনীয়া বিশ্বকাপ 2023ৰ বাবে 15 জনীয়া ভাৰতীয় দলৰ নাম ঘোষণা কৰিছে ৷ 15 জনীয়া দলটোত আছে অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঈশান কিষাণ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ ৷

  • Squad: Rohit Sharma (Captain), Shubman Gill, Virat Kohli, Shreyas Iyer, Ishan Kishan, KL Rahul, Hardik Pandya (Vice-captain), Suryakumar Yadav, Ravindra Jadeja, Axar Patel, Shardul Thakur, Jasprit Bumrah, Mohd. Shami, Mohd. Siraj, Kuldeep Yadav#TeamIndia | #CWC23

    — BCCI (@BCCI) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে উইকেটকিপাৰ বেটছমেন কে এল ৰাহুলে 15 জনীয়া দলত স্থান পাব নে নাই সেয়া নিশ্চিত নাছিল ৷ কাৰণ আঘাতৰ বাবে কেইবাখনো চিৰিজত খেলিব পৰা নাছিল ৷ সেয়ে বাংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত স্বাস্থ্য পৰীক্ষাৰ পিচত ফিট ঘোষণা কৰা উইকেটকিপাৰ বেটছমেন কে এল ৰাহুলে 15 জনীয়া দলত স্থান লাভ কৰিছে । তদুপৰিও এছিয়া কাপৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলৰ অন্যান্য খেলুৱৈক নিৰ্বাচন কৰা বুলি প্ৰকাশ পাইছে ৷

  • Indian team for the World Cup 2023:

    Rohit (C), Kohli, Bumrah, Hardik, Gill, Iyer, Rahul, Jadeja, Siraj, Shami, Kuldeep, Thakur, Axar, Ishan, Surya. pic.twitter.com/4wYFFHaCeW

    — Johns. (@CricCrazyJohns) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ভাৰতৰ 15 জনীয় দলটোৰ পৰা বাদ পৰিল শিখৰ ধাৱান, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকা খেলুৱৈ ৷

15 জনীয়া ভাৰতীয় দলৰ নাম ঘোষণা কৰা হৈছে যদিও এতিয়াও মিডিল অৰ্ডাৰত কোনে স্থান পাব ! বা অপেনাৰ হিচাপে কাক ৰখা হৈছে ! তাক লৈ এতিয়াও চৰ্চাৰ ওৰ পৰা নাই ৷

লগতে পঢ়ক:Asia Cup 2023 : বৰ্ষা বিঘ্নিত খেলত নেপালক 10 উইকেটত হৰুৱাই চুপাৰ 4 ত প্ৰৱেশ টীম ইণ্ডিয়াৰ

Last Updated : Sep 5, 2023, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.