ETV Bharat / bharat

PM Modi at B-20 Summit: গ্ৰাহকৰ অধিকাৰতকৈ গ্ৰাহকৰ পচন্দত অধিক গুৰুত্ব দিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

বি-২০ ব্যৱসায়িক সন্মিলনক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ ৷ অন্য দেশক কেৱল বজাৰ হিচাপে গণ্য কৰাতকৈ ব্যৱসায়ক অধিক গ্ৰাহককেন্দ্ৰিক কেনেকৈ কৰিব পাৰি সেই বিষয়ে অধিক চিন্তা কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ?

PM Modi at B-20 Business Summit
গ্ৰাহকৰ অধিকাৰতকৈ গ্ৰাহকৰ পচন্দত অধিক গুৰুত্ব দিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:36 PM IST

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জি-২০ৰ সকলো দেশকে প্ৰতিযোগী হিচাপে গণ্য নকৰি প্ৰগতিশীল অংশীদাৰ হিচাপে গণ্য কৰাৰ ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰে । বি-২০ ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এখন লাভজনক বজাৰ স্থায়ী হ'ব পাৰে । য'ত উৎপাদক আৰু গ্ৰাহকৰ স্বাৰ্থত ভাৰসাম্য থাকে ৷ অন্য দেশক কেৱল বজাৰ হিচাপে গণ্য কৰিলে কেতিয়াও কাম নহ'ব । ব্যৱসায়ক অধিক গ্ৰাহককেন্দ্ৰিক কেনেকৈ কৰিব পাৰি সেই বিষয়ে অধিক চিন্তা কৰক ? "

তেওঁ বিশ্বৰ ব্যৱসায়িক নেতাসকলক কেৱল গ্ৰাহক অধিকাৰ দিৱস পালন কৰিলেই কাম নহ’ব বুলি উল্লেখ কৰি গ্ৰাহকৰ চিন্তাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "বিশ্বৰ সকলো ব্যৱসায়ীয়ে কনজিউমৰ বাবে এটা দিন উচৰ্গা কৰিব পাৰিবনে । গ্ৰাহকৰ পচন্দৰ কথা কোৱাৰ সময় আহি পৰিছে আৰু ভাৰতে এই ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে । "

নতুন দিল্লীৰ আমন্ত্ৰণক্ৰমে যোগদান কৰা ৫৫ জনীয়া আফ্ৰিকান ইউনিয়নৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে ভাৰতে জি-২০ মঞ্চক অধিক সৰ্বাংগীন কৰি তুলিছে ৷ ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ পৰা জি-২০ৰ নেতৃত্ব গ্ৰহণ কৰে ৷

জি-২০ অন্তৰ্ভূক্ত দেশসমূহ হৈছে ক্ৰমে ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপীয় সংঘ । জি-২০ ৰ এই গোটটো বিশ্বৰ জিডিপিৰ ৮০ শতাংশতকৈ অধিক, বিশ্ব বাণিজ্যৰ ৭৫ শতাংশ আৰু বিশ্বৰ জনসংখ্যাৰ ৬০ শতাংশৰো অধিক আংশীদায়িত্ব আছে । ভাৰতে এইবাৰ প্ৰথমবাৰ জি-২০ৰ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷

লগতে পঢ়ক: PM Modi on Mann Ki Baat : মন কী বাত অনুষ্ঠানত মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.