নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : দেশত বৰ্তমান চলি আছে ইণ্ডিয়া বনাম ভাৰত বিতৰ্ক । শাসনাধীস্থ বিজেপি আৰু দেশৰ বিৰোধী দলবোৰৰ মাজত এই বিষয়ত মন্তব্যক লৈ ইতিমধ্যে যথেষ্ট পানী ঘোলা হৈছে । শেহতীয়াভাৱে চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে চলিত ইণ্ডিয়া-ভাৰত বিতৰ্কৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে । কাশ্যপে তেওঁৰ শেহতীয়া ছবি হাড্ডিৰ প্ৰচাৰৰ সময়ত দেশৰ সম্ভাৱ্য নামকৰণৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰিছে । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে মত প্ৰকাশ কৰিছে যে, এনে পৰিৱৰ্তনে সমগ্ৰ জনসাধাৰণ, বিশেষকৈ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব আৰু ই হৈছে এক অব্যৱহাৰিক প্ৰচেষ্টা ।
হাড্ডিৰ বাবে এক প্ৰচাৰমূলক সাক্ষাৎকাৰৰ সময়ত অনুৰাগে যুক্তি দিয়ে যে, এই পদক্ষেপৰ ফলত কৰদাতাৰ ধন যথেষ্ট অপচয় হ'ব আৰু সকলো চৰকাৰী নথি পুনৰ প্ৰৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাৰ বাবে অযথা অসুবিধাৰ সৃষ্টি হ'ব । এক সাক্ষাৎকাৰৰ সময়ত ছবিখনৰ সহ-অভিনেতা মহম্মদ জিশান আয়ুব আৰু হাড্ডি চলচ্চিত্ৰৰ পৰিচালক অক্ষত অজয় শৰ্মাৰ সৈতে উপস্থিত থকা অনুৰাগ কাশ্যপক ইণ্ডিয়া বনাম ভাৰত বিতৰ্কৰ ওপৰত তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত তেওঁ এনে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ।
চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয়, "মই এইটো বুজি পোৱা নাই । ইণ্ডিয়া কেতিয়া ভাৰত নাছিল ? কাগজৰ টুকুৰা এটাত 'ইণ্ডিয়া'ৰ সলনি কেৱল 'ভাৰত' লিখা আৰু সকলো চৰকাৰী নথি-পত্ৰত এনে কৰাৰ কথা এবাৰ কল্পনা কৰকচোন । প্ৰত্যেকেই তেওঁলোকৰ পাছপোৰ্ট নৱীকৰণ কৰিব লাগিব, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নৱীকৰণ কৰিব লাগিব । তেওঁলোকে কেৱল ইয়াৰ বাবেই চাৰি বছৰৰ কৰৰ ধন ব্যয় কৰিব ।"
ইমান ডাঙৰ এটা পদক্ষেপৰ ব্যৱহাৰিকতা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, এইটো এজন ব্যক্তিয়ে পৰিণামবোৰ বিবেচনা নকৰাকৈ গ্ৰহণ কৰা এক খৰতকীয়া সিদ্ধান্ত হ'ব । "সকলো সলনি কৰিব লাগিব । সেই টকাবোৰ অপচয় নকৰাকৈ এইটো কৰাটো মানৱীয়ভাৱে সম্ভৱ কাম হ'বনে ? এক হুইমিজিকেল আদমী এক হুইম পে এইচে কৰে, উচকে পৰিণাম সোচতা হে কভি ৱ (এজন অবিবেচক ব্যক্তিয়ে কেৱল নিজৰ স্বাৰ্থত এইটো কৰিব পাৰে, তেওঁ কেতিয়াবা ইয়াৰ পৰিণামৰ বিষয়ে চিন্তা কৰে নে) ।
"সকলো বেংকনোট সলনি কৰিব লাগিব, শৈক্ষিক ডিগ্ৰী সলনি কৰিব লাগিব, সকলোকে নতুন ভেকচিন প্ৰমাণপত্ৰ জাৰি কৰিব লাগিব । এই সকলোবোৰ তেওঁলোকে পুনৰ মুদ্ৰণ কৰিব নেকি ? মানুহে এই সকলোবোৰ সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰিব লাগিব নেকি ? মানুহে ৰেচন নাপাব, মানুহে ভ্ৰমণ কৰিব নোৱাৰিব । বিশ্বৰ মানুহে কি ভাবিব ?" দেশৰ নাম সম্পৰ্কীয় আলোচনাত অনুৰাগে কয় ।
উল্লেখ্য যে শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনৰ পূৰ্বে আনুষ্ঠানিকভাৱে ইণ্ডিয়াৰ পৰা ভাৰতলৈ নাম সলনি কৰাৰ আলোচনাই শিৰোনাম দখল কৰে । যেতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জি-২০ নৈশভোজৰ আমন্ত্ৰণী-পত্ৰত তেওঁক 'প্ৰেছিডণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'প্ৰেছিডেণ্ট অব ভাৰত' বুলি উল্লেখ কৰিছিল, তেতিয়াই এই জল্পনা-কল্পনাৰ উদ্ভৱ হৈছিল । আনহাতে, সন্মিলনৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নামৰ কাৰ্ডখনত 'ভাৰত' লিখি প্ৰদৰ্শন কৰা হয় ।
লগতে পঢ়ক :Ram Rajya in Rajasthan: ৰাজস্থানত ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ মন বিজেপি চৰকাৰৰ