ETV Bharat / bharat

ডুবাইত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বাণিজ্য মেলাত অংশ ল'ব ভাৰতে

author img

By

Published : Jun 15, 2021, 8:40 PM IST

চলিত বৰ্ষৰ অক্টোবৰ মাহত ডুবাইত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বাণিজ্য মেলা (World Expo)ত অংশগ্ৰহণ কৰিব ভাৰতে । সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে (Jitendra Singh) জনোৱা মতে, বিশ্ব বাণিজ্য মেলাত মহাকাশ প্ৰযুক্তিকে ধৰি ১১ টা থীম প্ৰদৰ্শন কৰিব ভাৰতে ।

India to participate in World Expo in Dubai
ডুবাইত অনুষ্ঠিত হ'বলগীয়া World Expoত অংশ ল'ব ভাৰতে

নেশ্যনেল ডেস্ক, ১৫ জুন : ডুবাইত অনুষ্ঠিত হ'ব ২০২১-২২ বৰ্ষৰ বিশ্ব বাণিজ্য মেলা (World Expo) । চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে অনুষ্ঠিত হ'বলগীয়া এই মেলাত অংশ ল'ব ভাৰতে । সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে (Jitendra Singh) এই কথা জানিবলৈ দিয়ে ।

সিঙৰ উদ্ধৃতি দি এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে, ভাৰতে মহাকাশ (SPACE) খণ্ডত দক্ষতা প্ৰমাণিত কৰিছে যদিও ইয়াৰ উপৰিও ঔষধ, ৰত্ন আৰু আ-অলংকাৰ, ষ্টাৰ্ট-আপ, খাদ্য প্ৰক্ৰিয়াকৰণ, ঐতিহ্য ক্ষেত্ৰ আৰু সংস্কৃতিৰ ক্ষেত্ৰ আদিত দেশৰ অগ্ৰগতি বিশ্ব দৰবাৰত উপস্থাপন কৰিব ।

বিশ্ব বাণিজ্য মেলা (World Expo) চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ আয়োজন কৰা হৈছে । প্ৰায় ১৯২ খন দেশে এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰিব । ভাৰতে মহাকাশ প্ৰযুক্তিকে ধৰি ১১টা থীম প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক:আনাৰস আৰু কঁঠালক জৈৱিক প্ৰমাণপত্ৰ প্ৰদানৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.