ETV Bharat / bharat

India develops Dynamic TB Modelling: বিশ্ব স্বাস্থ্য সংস্থাতকৈ ছমাহ পূৰ্বেই ভাৰতে পাব পাৰে টিবিৰ পূৰ্বানুমান

বিশ্বত প্ৰথমবাৰৰ বাবে ভাৰতে গ্ৰহণ কৰা গতিশীল আভ্যন্তৰীণ গাণিতিক আৰ্হিটোৱে প্ৰতিবছৰে বিশ্ব স্বাস্থ্য সংস্থাতকৈ ছয় মাহ আগতে যক্ষ্মাৰ ঘটনা লাভ কৰাত সহায় কৰে (India develops Dynamic TB Modelling) । স্বাস্থ্য মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰত এই কথা প্ৰকাশ ।

TB
TB
author img

By

Published : Mar 29, 2023, 10:52 AM IST

Updated : Mar 29, 2023, 1:39 PM IST

নিউজ ডেস্ক, ২৯ মাৰ্চ : দেশৰ স্বাস্থ্য খণ্ডৰ বাবে এক ডাঙৰ সফলতা । নিজৰ দেশত গতিশীল গাণিতিক আৰ্হি উন্মোচনেৰে যক্ষ্মা ৰোগ বিয়পাৰ ক্ষেত্ৰত পূৰ্বানুমান কৰাৰ বাবে ভাৰত বিশ্বৰ প্ৰথমখন দেশ হৈ পৰিছে (India develops worlds first Dynamic TB Model) । ইয়াৰ দ্বাৰা প্ৰতিবছৰে মাৰ্চৰ ভিতৰত ভাৰতৰ বাবে যক্ষ্মা ৰোগৰ ঘটনাৰ তথ্য উপলব্ধ কৰা হ'ব । স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই মঙলবাৰে এই কথা কয় (in country dynamic mathematical model of TB) ।

এই মডেলটো ৰোগটোৰ প্ৰাকৃতিক ইতিহাস, সংক্ৰমণৰ ব্যক্তিগত স্থিতি, স্বাস্থ্য সেৱা অন্বেষণ, ৰোগ নিৰ্ণয় অন্বেষণ, এৰি যোৱা বা শুদ্ধ ৰোগ নিৰ্ণয়, চিকিৎসা আৱৰণ আৰু আৰোগ্য আৰু মৃত্যুকে ধৰি ফলাফলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । ই বিশ্ব স্বাস্থ্য সংস্থাতকৈ (WHO) ছয় মাহ আগতে যক্ষ্মা ৰোগৰ পূৰ্বানুমান লাভ কৰাত সহায় কৰিব । উল্লেখ্য হুৱে প্ৰতি বছৰে অক্টোবৰতহে এই পূৰ্বানুমান প্ৰদান কৰে ।

"এই গাণিতিক আৰ্হিৰ দ্বাৰা ভাৰতেও ভৱিষ্যতে ৰাজ্যিক পৰ্যায়ত এনে ধৰণৰ পূৰ্বানুমান কৰিব পাৰে ।" সূত্ৰটোৱে লগতে কয় । উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা পূৰ্বানুমান কৰা 210 জনসংখ্যাৰ পৰিৱৰ্তে ভাৰতৰ যক্ষ্মা ৰোগৰ হাৰ প্ৰতি 100,000 জনসংখ্যাত 196 আৰু সংক্ৰামক ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ 2021 চনত পূৰ্বানুমান কৰা 4.94 লাখৰ পৰিৱৰ্তে 3.20 লাখ ।

2022 চনৰ বাবে সম্পূৰ্ণ ঘটনাৰ সংখ্যা ভাৰতৰ নিজা মডেল ব্যৱহাৰ কৰি আহিছিল । 2021 চনত বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বানুমান কৰা 29.50 লাখৰ বিপৰীতে 2022 চনত 27.70 লাখ আছিল । ভাৰতীয় আৰ্হি অনুসৰি, যক্ষ্মাত মৃত্যুৰ হাৰ 2022 চনত বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰা 35 জনৰ বিপৰীতে প্ৰতি 1,00,000 লোকত 23 হয় ।

শীৰ্ষ চৰকাৰী সূত্ৰটোৱে কয়, "আমি বিশ্বৰ একমাত্ৰ দেশ যিয়ে এই কাম কৰিছোঁ আৰু আমি যেতিয়া শেহতীয়াকৈ বাৰাণসীত কৰা Stop TB summit-ৰ সময়ত সেই সংখ্যাবোৰ শ্বেয়াৰ কৰিছিলোঁ, বিশ্বই সেই সংখ্যাবোৰ গ্ৰহণ কৰিছিল (Stop TB summit in Varanasi) ।" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime Minister Narendra Modi) সভাপতিত্বত অনুষ্ঠিত বাৰাণসী বৈঠকত অংশগ্ৰহণ কৰা ৪০ খন দেশৰ ১৯৮ জন প্ৰতিনিধিৰ সৈতে ঘৰুৱা মডেলিং প্ৰচেষ্টাৰ ফলাফল শ্বেয়াৰ কৰা হৈছিল ।

উল্লেখনীখ যে ব্যক্তিগত খণ্ডৰ ঔষধ বিক্ৰেতা নিক্সে পৰ্টেল আৰু উপ-ৰাষ্ট্ৰীয় প্ৰমাণ-পত্ৰ প্ৰণালীকে ধৰি কেইবাটাও উৎসৰ তথ্য ব্যৱহাৰ কৰি এই যক্ষ্মা আৰ্হিটো প্ৰস্তুত কৰা হৈছিল । ইয়াত বিভিন্ন ৰাজ্যৰ যক্ষ্মামুক্ত স্থিতিৰ পূৰ্বানুমান কৰা হৈছে আৰু ৰেংকিং কৰা হৈছে । "২০২০-২১ বৰ্ষত ৰাষ্ট্ৰীয় যক্ষ্মা প্ৰচলন জৰীপে (National TB Prevalence survey) ৰাজ্যিক পৰ্যায়ৰ পূৰ্বানুমানৰ সৈতে দেশত যক্ষ্মাৰ বোজাৰ বৈচিত্ৰ্য চিনাক্ত আৰু পৰিমাপত সহায় কৰে ।" সূত্ৰটোৱে এনেদৰে কয় ।

লগতে পঢ়ক :India to host SCO NSA meet : ছাংহাই সহযোগিতা সংস্থাৰ বৈঠক আয়োজন কৰিব ভাৰতে

Last Updated : Mar 29, 2023, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.