ETV Bharat / bharat

ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ - ভাৰতে অতি দূৰত্বত থকা শত্ৰুকো আক্ৰমণ কৰিব পাৰিব

শত্ৰুপক্ষৰ সন্মুখত আন এক প্ৰত্যাহ্বান । এতিয়াৰে পৰা ভাৰতে অতি দূৰত্বত থকা শত্ৰুকো আক্ৰমণ কৰিব পাৰিব । Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলেৰে আক্ৰমণ কৰিব পাৰিব ভাৰতে (BrahMos air launched Missile from Su 30 MKI fighter aircraft)। শেহতীয়া এক পৰীক্ষণৰ পাছতে দেশজুৰি বায়ু সেনাক প্ৰশংসা ।

BrahMos
ব্ৰহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ
author img

By

Published : May 13, 2022, 10:59 AM IST

নেশ্যনেল ডেস্ক,১৩ মে' : ভাৰতে ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলৰ সফল পৰীক্ষণৰ জৰিয়তে পুনৰ বাৰ বিশ্ববাসীক নিজৰ শক্তিৰ পৰিচয় দিলে । বৃহস্পতিবাৰে Su-30 MKI যুঁজাৰু বিমানৰ পৰা এই মিছাইলৰ সম্প্ৰসাৰিত পৰিসৰৰ সংস্কৰণৰ পৰীক্ষা সফলভাৱে কৰিবলৈ সক্ষম হয় (BrahMos missile from Su 30MKI aircraft)। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, বিমানখনৰ পৰা এই পৰীক্ষণ পৰিকল্পনা অনুসৰি কৰা হৈছিল আৰু মিছাইলে বংগোপসাগৰ অঞ্চলত নিৰ্ধাৰিত লক্ষ্যত পোনপটীয়াকৈ আঘাত কৰিবলৈ সক্ষম হয় ।

এয়া হৈছে Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰহ্ম'ছ মিছাইলৰ সম্প্ৰসাৰিত পৰিসৰৰ সংস্কৰণৰ প্ৰথম উৎক্ষেপণ । ইয়াৰ দ্বাৰা ভাৰতীয় বায়ু সেনাই Su-30 MKI যুঁজাৰু বিমানৰ পৰা অতি দীঘলীয়া পৰিসৰত থকা স্থল আৰু সাগৰৰ লক্ষ্যত নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম হ'ব ।

মন্ত্ৰালয়ে লগতে কয় যে ভাৰতীয় বায়ু সেনা (IAF), ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO), বেংগল এৰোট্ৰোপলিছ প্ৰকল্প (BAPL) আৰু হিন্দুস্তান এৰোনটিক্স লিমিটেড (HAL) যৌথ প্ৰচেষ্টাৰ ফলত ভাৰতে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰালয়ে উল্লেখ কৰা মতে মিছাইলটোৰ সম্প্ৰসাৰিত পৰিসৰৰ সামৰ্থ্য আৰু Su-30 MKI যুঁজাৰু বিমানৰ শক্তিশালী প্ৰদৰ্শনে বায়ু সেনাক এক কৌশলগত প্ৰসাৰ প্ৰদান কৰে আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতে যুদ্ধক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সামৰ্থ্য হ'ব ভাৰত ।

লগতে পঢ়ক :ৰায়পুৰ বিমানবন্দৰত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা : দুজন পাইলট নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.