ETV Bharat / bharat

ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্ৰৰ নিৰাপত্তাৰ পক্ষত ভাৰত

author img

By

Published : Sep 7, 2022, 6:28 PM IST

ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্ৰসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰদূতৰ গুৰুত্বপূৰ্ণ মন্তব্য (Indian Ambassador on nuclear facilities in Ukraine)। কেন্দ্ৰসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত যথেষ্ট গুৰুত্ব দিছে ভাৰতে । UNSC বৈঠকত এই মন্তব্য ভাৰতীয় ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজৰ ।

Ukraine
ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্ৰৰ নিৰাপত্তাৰ পক্ষত ভাৰত

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : ভাৰতে ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্ৰসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত যথেষ্ট গুৰুত্ব দিছে (India stands for security of nuclear facilities in Ukraine)। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) বৈঠকত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজৰ গুৰুত্বপূৰ্ণ মন্তব্য । জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্প (ZNPP) আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ (IAEA) দলে ভ্ৰমণ (IAEA visits Zaporizjia Nuclear Power Plant) কৰা সন্দৰ্ভত বক্তব্য ৰাখি ৰুচিৰা কম্বোজে কয় যে ভাৰতে ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্ৰসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত বিশেষ গুৰুত্ব দিছে কিয়নো পাৰমাণৱিক কেন্দ্ৰসমূহৰ সৈতে জড়িত যিকোনো দুৰ্ঘটনাই জনস্বাস্থ্য আৰু পৰিৱেশৰ বাবে গুৰুতৰ পৰিণাম হ'ব পাৰে ।

ৰুচিৰা কম্বোজে লগতে কয় যে IAEA দলৰ শেহতীয়া ভ্ৰমণক ভাৰতে প্ৰশংসা কৰিছে আৰু ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি ৰিয়েক্টৰ আৰু সুবিধাসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় উন্নয়নবোৰ সতৰ্কতাৰে অনুসৰণ কৰি আছে । তেওঁ লগতে কয় যে এই ক্ষেত্ৰত সংস্থাটোৰ প্ৰচেষ্টাক ভাৰতে সদায় গুৰুত্ব দি আহিছে (Ruchira Kamboj tells UNSC)।

ৰুচিৰা কম্বোজে কয় যে পাৰমাণৱিক কেন্দ্ৰ আৰু তাত কাম কৰা কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বিপদাপন্ন নকৰাৰ লক্ষ্যৰে ভাৰতে কঠোৰ পাৰস্পৰিক সহযোগিতাৰ বাবে সকলো চেষ্টা কৰিব । তেওঁ উল্লেখ কৰা মতে ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰত চিন্তিত হৈ আছে । সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই, ভাৰতে ধাৰাবাহিকভাৱে শত্ৰুতা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু হিংসাৰ সমাপ্তিৰ বাবে আহ্বান জনাই আহিছে ।

ৰুচিৰা কম্বোজে উল্লেখ কৰা মতে ভাৰতে দুয়োপক্ষক কূটনীতি আৰু আলোচনাৰ মাজলৈ উভতি যাবলৈ আহ্বান জনাইছে । আনহাতে সংঘৰ্ষৰ সমাপ্তিৰ বাবে সকলো কূটনৈতিক প্ৰচেষ্টাক ভাৰতে সমৰ্থন জনাই আহিছে । তেওঁ কয় যে ভাৰতে কৃষ্ণ সাগৰৰ মাজেৰে ইউক্ৰেইনৰ পৰা শস্যৰ ৰপ্তানি মুকলি কৰাৰ বাবে মহাসচিবৰ পদক্ষেপ আৰু ৰাছিয়াৰ খাদ্য আৰু সাৰৰ ৰপ্তানিৰ সুবিধাক আদৰণি জনাইছে । এই প্ৰচেষ্টাবোৰে দেখুৱাই যে নিৰন্তৰ আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধান কৰিব পাৰি ।

কম্বোজে পুনৰ কয় যে বিশ্ববাসী চেষ্টা আন্তৰ্জাতিক আইন, ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ আৰু ৰাজ্যসমূহৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান ৰক্ষাৰ বাবে হ'ব লাগে ।

লগতে পঢ়ক :টুইটাৰে Delete কৰিলে বিএছএফৰ ভুৱা একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.