ETV Bharat / bharat

India records new Covid cases: ভাৰতত ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকীৰ মৃত্যু

author img

By

Published : Aug 5, 2022, 1:15 PM IST

ভাৰতত পুনৰ ক’ভিডৰ সংহাৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰলৈ এদিনত 20,551 টা নতুনকৈ ক’ভিড 19 ত সংক্ৰমিত হোৱা ঘটনা পোহৰলৈ আহিছে (India records new Covid cases) ৷

India records 70 new Covid fatalities
ভাৰতত ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 5 আগষ্ট: ভাৰতত পুনৰ ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে (India records 70 new Covid fatalities) ৷ ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰলৈ এদিনত 20,551 টা নতুনকৈ ক’ভিড 19 ত সংক্ৰমিত হোৱা ঘটনা পোহৰলৈ আহিছে (India records new Covid cases) ৷ ইয়াকে লৈ এতিয়া ভাৰতত ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা 4,41,07,588 লৈ বৃদ্ধি হৈছে ৷ আনহাতে ক’ভিড 19 ত সক্ৰিয় ঘটনা 1,35,364 লৈ হ্ৰাস পাইছে ৷

ইয়াৰোপৰি শেহতীয়াকৈ নতুনকৈ ক’ভিডত আক্ৰান্ত হৈ ৭০ গৰাকী ৰোগী মৃত্যুৰ মুখত পৰিছে ৷ দেশখনত এতিয়া ক’ভিডত মৃত্যুৰ সংখ্যা 5,26,600 লৈ বৃদ্ধি হৈছে ৷

উল্লখ্য যে ভাৰতত ক’ভিডৰ ঢৌ মাৰ নৌযাওঁতেই সংহাৰী ৰূপ লৈছে মাংকিপক্সে (Monkeypox Outbreaks in India) ৷ ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী ৷ ভাৰতত এতিয়ালৈকে কেৰালাৰ পৰা 5 টা আৰু দিল্লীৰ পৰা 4 টা মাঙ্কিপক্স ঘটনা পোহৰলৈ আহিছে (India has reported 9 monkeypox cases)৷

ইফালে দেশত মাঙ্কিপক্স ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে তিনিখন চিকিৎসালয়ত পৃথক ভাৱে কোঠাৰ ব্যৱস্থা কৰিছে ৷ চফদৰজাং চিকিৎসালয়, আৰ এম এল চিকিৎসালয় আৰু লেডী হাৰ্ডিঞ্জ চিকিৎসালয়ত মাংকিপক্স আক্ৰান্তৰ কাৰণে এই বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় চৰকাৰে মাংকিপক্স সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰি কয় যে মাংকিপক্সৰ ৰোগীসকলে 21 দিনলৈ আইচ'লেশ্যচনত থাকিব লাগিব । মাংকিপক্সৰ ফলত হোৱা ঘাঁবোৰ ঢাকি ৰাখিব লাগিব । লগতে মাংকিপক্স ৰোগীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক ।

লগতে পঢ়ক: First Monkeypox patient cured in India: মাংকিপক্সৰ পৰা আৰোগ্য লাভ ভাৰতৰ প্ৰথমগৰাকী ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.