ETV Bharat / bharat

India Latest Covid Cases : বিগত ২৪ ঘণ্টাত দেশত ১৮৯০ গৰাকী কোভিডত আক্ৰান্ত - India total covid test

বিগত ২৪ ঘণ্টাত দেশত ১,৮৯০ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে (India records 1890 covid cases in last 24 hrs) । ইয়াকে লৈ দেশত মুঠ সক্ৰিয় কোভিড ৰোগী হৈছে ৯,৪৩৩ গৰাকী । আনহাতে, বিগত ২৪ ঘণ্টাত মুঠ ১,০৫১ গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে ।

Covid
Covid
author img

By

Published : Mar 26, 2023, 5:28 PM IST

নিউজ ডেস্ক, ২৬ মাৰ্চ : দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ (Covid cases in India) । বিগত কিছুদিনৰ পৰা পুনৰ ঊৰ্ধ্বগামী হৈছে কোভিড গ্ৰাফ । যাক লৈ চিন্তিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ো । শেহতীয়াভাৱে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত এই কথা প্ৰকাশ পাইছে (Union Ministry of Health and Family Welfare) ।

আনহাতে, স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে দেশত বিগত ২৪ ঘণ্টাত কোভিড-১৯-ৰ ১,৮৯০ টা নতুন ঘটনা নথিভুক্ত হৈছে (India records 1890 covid cases in last 24 hrs) । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ভাৰতত বৰ্তমান সক্ৰিয় কৰোণা ৰোগী হৈছে ৯,৪৩৩ গৰাকী । আনহাতে, বিগত 24 ঘণ্টাত 1,051 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে । ইয়াকে লৈ দেশত কৰোণাৰ পৰা মুঠ 4,41,63,883 গৰাকী লোক সুস্থ হৈছে ।

বৰ্তমান দেশত কৰোণাৰ পৰা সুস্থ হৈ উঠাৰ হাৰ হৈছে 98.79 শতাংশ (India covid recovery rat) । দৈনিক পজিটিভিটিৰ হাৰ আৰু সাপ্তাহিক পজিটিভিটি হাৰ হৈছে ক্ৰমান্বয়ে 1.56 শতাংশ আৰু 1.29 শতাংশ । চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এতিয়ালৈকে 92.09 কোটি কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে (India total covid test) । যাৰ ভিতৰত বিগত 24 ঘণ্টাত 1,21,147 টা পৰীক্ষা কৰা হৈছে ।

আনহাতে, দেশত ব্যাপক টীকাকৰণ অভিযানৰ অধীনত 220.65 কোটি মুঠ ভেকচিনৰ পালি (95.20 কোটি দ্বিতীয় পালি আৰু 22.86 কোটি সাৱধানতা পালি) প্ৰদান কৰা হৈছে । ইয়াৰে ভিতৰত বিগত 24 ঘণ্টাত 7,955 টা পালি প্ৰদান কৰা হৈছে (total corona vaccine doses in India) ।

উল্লেখ্য যে দেশৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হোৱা গৈছে কেন্দ্ৰীয় চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰালয়ক । শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্ত্ৰালয়ৰ বিভাগীয় মন্ত্ৰী তথা বিষয়াবৰ্গৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় । উক্ত বৈঠকৰ পিছতে ৰাজ্যসমূহলৈ কেতবোৰ সতৰ্কতামূলক নিৰ্দেশনাৱলী প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.