ETV Bharat / bharat

Covid infection in India : এদিনতে দেশত ১০ হাজাৰৰ অধিক লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : Apr 16, 2023, 5:49 PM IST

দেশত ক'ভিডৰ সক্ৰিয় ঘটনা ৫৭,৫৪২ লৈ বৃদ্ধি পাইছে (Total covid active cases)। যোৱা ২৪ ঘণ্টাত ৬,২৪৮ গৰাকী আৰোগ্য হৈছে । এতিয়ালৈকে দেশত মুঠ ২২০.৬৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

Covid infection in India
এদিনতে দেশত ১০ হাজাৰৰ অধিক লোক ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : দেশত ক'ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে (Covid cases in India)। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা দৈনিক স্বাস্থ্য বুলেটিন অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১০,০৯৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ভাৰতত ক'ভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৫৭,৫৪২ লৈ বৃদ্ধি হৈছে । ক'ভিডৰ সংক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ঘটনাৰ ০.১৩ শতাংশ । আনহাতে যোৱা ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য হৈছে ৬,২৪৮ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আৰোগ্যৰ সংখ্যা হ'লগৈ ৪,৪২,২৯,৪৫৯ টা (Total Covid recoveries)।

দৈনিক আক্ৰান্তৰ হাৰ হৈছে ৫.৬১ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ৪.৭৮ শতাংশ (Covid positivity rate)। বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.৬৮ শতাংশ বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে । লক্ষণীয়ভাৱে যোৱা ২৪ ঘণ্টাত দেশত ৮০৭ টা ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । যাৰ জৰিয়তে দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে মুঠ ২২০.৬৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে বুলি জনাইছে স্বাস্থ্য বিভাগে (Covid vaccination)।

দেওবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়ালৈকে মুঠ ৯২.৪০ কোটি ক'ভিড পৰীক্ষা সম্পন্ন হৈছে । যোৱা ২৪ ঘণ্টাত দেশত ১,৭৯,৮৫৩ টা ক'ভিড পৰীক্ষা কৰা হৈছে (Covid testing in India)। ইয়াৰ পূৰ্বে শনিবাৰে দেশত ১০,৭৫৩ টা ক'ভিডৰ নতুন ঘটনা পোহৰলৈ আহিছিল । ইফালে ক'ভিডৰ শেহতীয়া উত্থানৰ মাজতে বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে, ক'ভিডৰ নতুন XBB1.16 প্ৰকাৰটোৱে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ক্ষতি কৰিছে আৰু আগন্তুক চাৰি সপ্তাহ অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে (Covid new varient)।

দিল্লী এইমছৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই শনিবাৰে কয় যে, দেশত ক'ভিড-১৯ৰ সংক্ৰমণ নতুনকৈ বৃদ্ধি পোৱাৰ বাবে দেশবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাই । সমগ্ৰ দেশতে ক'ভিডৰ ঘটনা বৃদ্ধি পাইছে । কিন্তু বেছিভাগ সংক্ৰমণেই সাধাৰণ বুলি তেওঁ উল্লেখ কৰে । চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যাও বৃদ্ধি হোৱা নাই বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :India Rocket Force: মিছাইলৰ শক্তি বৃদ্ধিত গুৰুত্ব ভাৰতৰ; ২৫০ টা নতুন বেলিষ্টিক মিছাইল ক্ৰয়ৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.