ETV Bharat / bharat

ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে - COVID-19 pandemic

ক'ভিডৰ দ্বিতীয় ঢৌৰ ফলত যথেষ্ট পৰিমাণে সমস্যাৰ সন্মুখীন হৈছে ভাৰত । দেশখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্যখণ্ডত দেখা দিয়া অভাৱসমূহ পোহৰলৈ আহিছে এই কৰ'ণা মহামাৰীৰ সময়ত ।

ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে

author img

By

Published : Apr 29, 2021, 8:32 PM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ মাজতে ভাৰতে স্বাস্থ্য খণ্ডত বিভিন্ন ধৰণৰ অভাৱৰ সন্মুখীন হৈছে । যিহেতু যোৱা দুমাহৰ পৰা ভাৰতত ক'ভিডৰ ঘটনা দিনক দিনে বাঢ়ি আহিছে, এই সময়চোৱাত কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলাইছে যদিও ভাৰতত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি দুৰ্বল পৰিলক্ষিত হৈছে ।

ক'ভিডৰ দ্বিতীয় ঢৌত অভাৱৰ তালিকা :

  • অক্সিজেন চিলিণ্ডাৰ : দেশত চিকিৎসা প্ৰক্ৰিয়াত ব্যৱহৃত অক্সিজেনৰ যোগান সীমিত হৈছে । সেয়েহে কম সময়ত অধিক উৎপাদন কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। অক্সিজেনৰ ডাঙৰ টেংকাৰবোৰ তীব্ৰ গতিৰে স্থানান্তৰ কৰিব নোৱাৰি । লগতে ডাঙৰ টেংকাৰৰ পৰা সৰু চিলিণ্ডাৰত গেছ ভৰ্তি কৰিবলৈ যথেষ্ট সময় লাগে । মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছট্টিশগড়, দিল্লী আৰু গুজৰাট আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম ।
  • ৰেমডিচিভিৰ : ক'ভিড-১৯ৰ ঘটনা বৃদ্ধিৰ ফলত ৰেমডেচিভিৰৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ ব্যৱহাৰ, হৰ্ডিং আৰু ক'লা ব্যৱসায় আৰম্ভ হৈছে । যাৰ ফলত কৃত্ৰিম নাটনিৰ বাবে মূল্য বৃদ্ধি হৈছে । ইয়াৰ ফলত, বহুতো ব্যক্তিগত তথা চৰকাৰী চিকিৎসালয়ত ৰেমডেচিভিৰ ঔষধৰ অভাৱ হৈছে । মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, মধ্যপ্ৰদেশ, ছট্টিশগড় আৰু ৰাজস্থানৰ দৰে একাধিক ৰাজ্যৰ পৰা ৰেমিডেচিভিৰ নাটনিৰ খবৰ আহিছে ।
  • ব্লাড বেংক : ক'ভিড আৰম্ভ হোৱাৰ পৰা মানুহে ৰক্তদান কৰা বন্ধ কৰিছে । যাৰ বাবে চিকিৎসালয়ত তেজৰ অভাৱ দেখা গৈছে । লকডাউনে ৰক্তদান শিবিৰসমূহো বন্ধ কৰি দিছিল। ৰাষ্ট্ৰীয় ৰক্ত সঞ্চাৰণ পৰিষদৰ (এনবিটিচি) শেহতীয়া আদেশে ইয়াক আৰু অধিক শোচনীয় কৰি তুলিব পাৰে । এনবিটিচিয়ে কৈছে যে এজন ব্যক্তিয়ে ক'ভিড প্ৰতিষেধক লোৱাৰ ২৮ দিন পিছতহে ৰক্তদান কৰিব পাৰি।
  • চিকিৎসক : প্ৰতি দহ হাজাৰ জনসংখ্যাৰ বিপৰীতে ৰোগীৰ যত্ন ল'বলৈ মাত্ৰ ৮ গৰাকী চিকিৎসক আছে ।
  • চিকিৎসালয়ৰ বিচনা : ভাৰতৰ বহুতো ৰাজ্যত ক'ভিডৰ ঘটনাৰ একেৰাহে বৃদ্ধিৰ ফলত চিকিৎসালয়ত বিচনাৰ অভাৱ হৈছে । বিচনাৰ নাটনিয়ে ভাৰতত ক'ভিড অৱস্থাৰ এক ভয়ানক ছবি প্ৰতিফলিত হয় । ছট্টিশগড়ৰ ২৮ খন জিলাৰ ভিতৰত ২০ খন, মহাৰাষ্ট্ৰৰ ৩৬ খন জিলাৰ ভিতৰত ১২ খন জিলা, মধ্য প্ৰদেশৰ ৫২ খন জিলাৰ ভিতৰত ১৩ খন জিলা আৰু পাঞ্জাৱৰ ২২ খন জিলাৰ ভিতৰত আঠখন জিলাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে বিচনাৰ অভাৱ হৈছে ।
  • মৰ্গসমূহ : শ্মশানবোৰত অবিৰত ভাৱে মৃতদেহ সৎকাৰ কৰি থকা হৈছে আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই তাৰ ওচৰৰ স্থানীয় লোকসকলৰ বাবে আন এক স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিছে । পূৰ্বে এদিনত ১৫ ৰ পৰা ২০ টা মৃতদেহ আহি আছিল আৰু এতিয়া দৈনিক প্ৰায় ৮০ ৰ পৰা ১০০ টা মৃতদেহ আহি আছে । ২৪ ঘণ্টা কাম কৰাৰ পিছতো আৰু শ্মশানৰ ক্ষমতা দুগুণ হোৱাৰ পাছতো পৰিয়ালবোৰে তেওঁলোকৰ আত্মীয়সকলৰ মৃতদেহ সৎকাৰ কৰিবলৈ কমেও দুইৰ পৰা তিনি ঘণ্টা অপেক্ষা কৰিব লগীয়া হৈছে ।
  • আৰটি পিচিআৰ পৰীক্ষা : ভাৰতত ক'ভিডৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে একাধিক ৰাজ্যত আৰটি পিচিআৰ পৰীক্ষাৰ অভাৱ হৈছে । সংক্ৰমণৰ সঠিক নিৰ্ণয়ৰ বাবে আৰটি পিচিআৰ পৰীক্ষাৰ অতি প্ৰয়োজন।
  • এম্বুলেঞ্চ: ক'ভিডৰ ঘটনাবোৰ দিনক দিনে বাঢ়ি অহাৰ লগে লগে এম্বুলেঞ্চৰ নাটনি হৈছে ।

সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ:

  • চৰকাৰে ৰেমডেচিভিৰৰ মূল্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াক সুলভ কৰি তুলিছে লগতে এই ঔষধৰ ক'লা ব্যৱসায় বন্ধ কৰিছে ।
  • চৰকাৰী হস্তক্ষেপৰ পিছত নিৰ্মাতা আৰু ব্যৱসায়ীসকলে নিজে ৰেমডেচিভিৰৰ এমআৰপি হ্ৰাস কৰিছে ।
  • চৰকাৰে বিদেশলৈ ৰেমডেচিভিৰৰ যোগান বন্ধ কৰিছে ।
  • চৰকাৰে ক'ভিড ৰোগীৰ চাহিদা পূৰণ কৰিবলৈ ঔদ্যোগিক উদ্দেশ্যৰ বাবে অক্সিজেনৰ যোগান নিষিদ্ধ কৰিছে ।
  • স্বাস্থ্য মন্ত্ৰালয়ে সমগ্ৰ দেশতে অক্সিজেনৰ যোগান সুলভ আৰু অভাৱ পূৰণৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ ৰাজ্যসমূহলৈ চিঠি লিখিছে।
  • ৰে'ল মন্ত্ৰালয়ে মুখ্য স্থানসমূহলৈ চিকিৎসাক্ষেত্ৰত ব্যৱহৃত তৰল অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰৰ পৰিবহন অব্যাহত ৰাখিছে ।
  • সমগ্ৰ দেশতে অক্সিজেনৰ সহজ পৰিবহনৰ বাবে অক্সিজেন এক্সপ্ৰেছ ৰেলৰ দ্ৰুত চলাচলৰ বাবে এক সেউজ ক’ৰিডৰ সৃষ্টি কৰা হৈছে । ই ৰোগীসকলক বৃহৎ পৰিমাণে আৰু অতি সোনকালে অক্সিজেনৰ যোগান পূৰণ সম্ভৱ কৰিব ।
  • কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি মহাৰাষ্ট্ৰ, ছট্টিশগড়, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহে আৰটি-পিচিআৰ পৰীক্ষা বৃদ্ধি কৰিব লাগিব ।

লগতে পঢ়ক:৫৭৭ জন শিক্ষকৰ মৃত্যু: নিৰ্বাচনী আয়োগৰ কাষ চাপিল ইউনিয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.