ETV Bharat / bharat

বিশ্বৰ লিংগ সমতাৰ তালিকাত ভাৰতৰ স্থান নিম্নগামী

author img

By

Published : Apr 4, 2021, 1:33 PM IST

বিশ্ব অৰ্থনৈতিক মঞ্চৰ শেহতীয়া ৰেংকিং অনুসৰি ভাৰতে বিশ্ব লিংগ সমতাৰ তালিকাত ২৮ টা স্থান পিছুৱাই ১৫৬ খন দেশৰ ভিতৰত ১৪০ তম স্থান লাভ কৰিছে । ২০২০ চনত ভাৰতে ১৫৩ খন দেশৰ ভিতৰত ১১২ তম স্থান লাভ কৰিছিল । ভাৰতৰ লিংগ ব্যৱধানৰ মূল কাৰণ হৈছে অৰ্থনৈতিক ক্ষেত্ৰত মহিলা প্ৰতিনিধিৰ অভাৱ, ৰাজনৈতিক সবলীকৰণৰ অভাৱ আৰু নিয়োগৰ অভাৱ ।

বিশ্বৰ লিংগ সমতাৰ তালিকাত ভাৰতৰ স্থান নিম্নগামী
বিশ্বৰ লিংগ সমতাৰ তালিকাত ভাৰতৰ স্থান নিম্নগামী

নেশ্যনেল ডেস্ক,4 এপ্ৰিল: কৰ'ণা মহামাৰীয়ে কেৱল দেশৰ বিভিন্ন খণ্ড আৰু অৰ্থনীতি ধ্বংস কৰাই নহয় মহিলাসকলৰ জীৱন-যাপনৰ মানদণ্ডৰ ওপৰতো প্ৰভাৱ পেলাইছে । বিশেষকৈ ভাৰতত লিংগ বৈষম্য এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে । বিশ্ব অৰ্থনৈতিক মঞ্চৰ শেহতীয়া ৰেংকিং অনুসৰি ভাৰতে বিশ্ব লিংগ সমতাৰ তালিকাত ২৮ টা স্থান পিছুৱাই ১৫৬ খন দেশৰ ভিতৰত ১৪০ তম স্থান লাভ কৰিছে । ২০২০ চনত ভাৰতে ১৫৩ খন দেশৰ ভিতৰত ১১২ তম স্থান লাভ কৰিছিল ।

অৱশ্যে এই সূচকৰ ১৫৩ নম্বৰ স্থানত আছে পাকিস্তান আৰু ১৫৬ স্থানত আছে আফগানিস্তান । অন্যহাতে, লিংগ সমতাৰ ক্ষেত্ৰত ভাৰততকৈ কিছু উন্নত স্থানত আছে কেইখনমান চুবুৰীয়া দেশ । তাৰ ভিতৰত বাংলাদেশ ৫৬ স্থানত, নেপাল আছে ১০৬ নম্বৰ স্থানত, শ্ৰীলংকা ১১৬ত আৰু ভূটান ১৩০ নম্বৰ স্থানত ।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ সমীক্ষাই এইটোও সূচায় যে মহিলাৰ উপাৰ্জন পুৰুষৰ তুলনাত মাত্ৰ এক পঞ্চমাংশ । এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে কম উপাৰ্জন কৰা মহিলা থকা দেশসমূহৰ ভিতৰত শেষৰ দহখন দেশত আছে ভাৰতত । অৱশ্যে ভাৰতত ল'ৰা আৰু ছোৱালীৰ মাজত শিক্ষাগত ব্যৱধান হ্ৰাস পাইছে । দেশখনত মহিলা সাক্ষৰতাৰ হাৰ ৩৪.২ শতাংশ তাৰ বিপৰীতে পুৰুষৰ সাক্ষৰতাৰ হাৰ মাত্ৰ ১৭.৬ শতাংশ ।

এইটো স্পষ্ট হৈ পৰিছে যে ভাৰতৰ লিংগ ব্যৱধানৰ মূল কাৰণ হৈছে অৰ্থনৈতিক ক্ষেত্ৰত মহিলা প্ৰতিনিধিৰ অভাৱ, ৰাজনৈতিক সবলীকৰণৰ অভাৱ আৰু নিয়োগৰ অভাৱ । আনহাতে লিংগ সমতাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা আইচলেণ্ড, ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড, ছুইডেন আৰু অন্যান্য দেশৰ পৰা আমাৰ বহুত শিকিবলগীয়া আছে ।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যে মহিলাসকলৰ জীৱন-যাপনৰ মানদণ্ড হৈছে এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰকৃত মাপকাঠি । পিছৰ পৰ্যায়তো শীৰ্ষ নেতাসকলে এই কথাত গুৰুত্ব আৰোপ কৰিছিল আৰু লিংগ সমতাক প্ৰাধান্য দিছিল ।

আনহাতে শ্ৰমিকৰ শাৰীত মহিলাৰ শক্তি ২২ শতাংশ হ্ৰাস পাইছে আৰু মাত্ৰ ৮.৯ শতাংশ মহিলাই ব্যৱস্থাপনামূলক পদত নিযুক্ত হৈ আছে । ইয়াৰ মাজতে দেশত 'বেটি বচাও বেটি পঢ়াও' ৰ দৰে আঁচনিয়ে যথেষ্ট কাম কৰিছে । কিন্তু তাৰ মাজতে ২০ বছৰৰ পূৰ্বে বেছিভাগ ছোৱালীয়ে মাতৃত্ব লাভ কৰাৰ দৰে ঘটনাও সংঘটিত হৈ আছে দেশত । গৰ্ভৱতী মাতৃৰ মৃত্যু আৰু পুষ্টিহীনতা ৰোধৰ ওপৰত দেশখনে গুৰুত্ব দিয়া উচিত ।

লগতে পঢ়ক: ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.