ETV Bharat / bharat

হাফিজ চৈয়দক প্ৰত্যৰ্পণৰ বাবে পাকিস্তানক আনুষ্ঠানিক আহ্বান ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:49 PM IST

Updated : Dec 28, 2023, 5:26 PM IST

Hafiz Saeed Case : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই । মন কৰিবলগীয়া যে চৈয়দক ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ২০০৮ চনৰ মুম্বাই আক্ৰমণত জড়িত থকাৰ অভিযোগত আমেৰিকাই তেওঁৰ ওপৰত ১০ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰি থৈছে ।

extradite Hafiz Saeed
হাফিজ চৈয়দক প্ৰত্যাৰ্পণৰ বাবে পাকিস্তানক আনুষ্ঠানিক আহ্বান ভাৰতৰ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : লস্কৰ-ই-তৈবা চমুকৈ এলইটিৰ প্ৰতিষ্ঠাপক আৰু ২৬/১১ মুম্বাই আক্ৰমণৰ মূল কাণ্ডাৰী হাফিজ চৈয়দক প্ৰত্যৰ্পণ কৰিবলৈ ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানক অনুৰোধ জনাইছে । সূত্ৰত এই কথা প্ৰকাশ ।

সূত্ৰ অনুসৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তান চৰকাৰলৈ এক আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছে । এই অনুৰোধত পাকিস্তানক হাফিজ চৈয়দৰ প্ৰত্যৰ্পণৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ।

মন্ত্ৰালয়ে অৱশ্যে বিষয়টো সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । মন কৰিবলগীয়া যে হাফিজ চৈয়দক ভাৰতৰ ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ২০০৮ চনৰ মুম্বাই আক্ৰমণত জড়িত থকাৰ অভিযোগত আমেৰিকাই তেওঁৰ ওপৰত ১০ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰি থৈছে ।

অৱশ্যে যদিও ভাৰতে আনুষ্ঠানিকভাৱে আমেৰিকাৰ পদক্ষেপক সমৰ্থন কৰিছিল, কিন্তু পাকিস্তানত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল । ভাৰতে মুম্বাই আক্ৰমণৰ বিচাৰৰ সন্মুখীন হ'বলৈ চৈয়দৰ প্ৰত্যৰ্পণৰ দাবী জনাইছে । কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰত্যৰ্পণ চুক্তি নথকাত প্ৰক্ৰিয়াটো জটিল কৰি তুলিছে ।

লক্ষণীয়ভাৱে, হাফিজ চৈয়দক ৰাষ্ট্ৰসংঘয়ো সন্ত্ৰাসবাদী ঘোষণা কৰিছে । নিষিদ্ধ জামাত-উদ-দাৱাৰ (জেইউডি) আন কেইজনমান নেতাৰ সৈতে একাধিক সন্ত্ৰাসবাদী বিত্তীয় গোচৰত চৈয়দ কেইবা বছৰ ধৰি দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৯ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে । চৈয়দৰ নেতৃত্বত জেইউডি হৈছে এলইটিৰ মূল সংগঠন, যিয়ে 2008 চনৰ মুম্বাই আক্ৰমণ সংঘটিত কৰাৰ বাবে দায়বদ্ধ । এই আক্ৰমণত ছয়জন আমেৰিকানসহ মুঠ 166 জন লোক নিহত হৈছিল ।

আনহাতে, ভাৰত আৰু পাকিস্তানৰ প্ৰত্যাৰ্পণ চুক্তি নাই যদিও নতুন দিল্লীয়ে পূৰ্বতে ইছলামাবাদৰ সৈতে বিতং ডচিয়েৰ ভাগ-বতৰা কৰিছিল । কিন্তু এতিয়ালৈকে চুবুৰীয়া ৰাষ্ট্ৰখনে ঘোষিত সন্ত্ৰাসবাদীসকলৰ ক্ষেত্ৰত সহযোগ বা প্ৰত্যাৰ্পণ কৰা নাই ।

লগতে পঢ়ক :ইজৰাইলী দূতাবাসত বোমাতংক, নিৰাপত্তা বৃদ্ধি

Last Updated : Dec 28, 2023, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.