ETV Bharat / bharat

Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ - Independence Day 2023

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে । ভাষণৰ সময়ত তেওঁ দেশবাসীক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে । মণিপুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Modi's guarantee
অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ
author img

By

Published : Aug 15, 2023, 10:14 AM IST

নেশ্যনেল ডেস্ক, ১৫ আগষ্ট: অহা ৫ বছৰত ভাৰত গোলকীয় অৰ্থনীতিত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰ হ'ব । এই গ্যেৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । ৭৭ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি দিল্লীৰ লালকিল্লাৰ পৰা এই গ্যেৰাণ্টি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰতৰ জনসাধাৰণক নাগৰিক বুলি সম্বোধন কৰাৰ পৰা বিৰত থাকি তেওঁ ৭৭ সংখ্যক স্বাধীনতা দিৱসত ভাষণ দিয়াৰ সময়ত নাগৰিকসকলক তেওঁৰ পৰিয়ালৰ সদস্য বুলিও সম্বোধন কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ অন্তিম স্বাধীনতা দিৱসৰ ভাষণ আৰম্ভ কৰি প্ৰথমেই দেশবাসীক তেওঁৰ ১৪০ কোটি পৰিয়ালৰ সদস্য বুলি সম্বোধন কৰে । সমগ্ৰ ভাষণত তেওঁ দেশৰ জনসাধাৰণক কেৱল পৰিয়ালৰ সদস্য বুলিয়ে সম্বোধন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিয়নো পূৰ্বৰ ভাষণবোৰত প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক "মোৰ প্ৰিয় ভাই-ভনী" বুলি সম্বোধন কৰিছিল । ইফালে ভাষণৰ মাজত মোডীয়ে কয় যে, বিশ্বৰ বিশেষজ্ঞসকলে কৈছে যে ভাৰত এতিয়া ৰৈ নাথাকে । তেওঁ উল্লেখ কৰা মতে সকলো ৰেটিং সংস্থাই ভাৰতক প্ৰশংসা কৰিছে ।

মণিপুৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁ কয় যে চলিত বৰ্ষৰ মে' মাহৰ পৰা জাতিগত হিংসা সংঘটিত মণিপুৰৰ জনসাধাৰণৰ সৈতে সমগ্ৰ দেশ থিয় হ'ব । ভাৰত মণিপুৰৰ জনসাধাৰণৰ সৈতে আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ মণিপুৰৰ হিংসা, মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ দাবী কৰা মতে শান্তিৰ জৰিয়তে মণিপুৰৰ পৰিস্থিতিৰ সমাধানৰ পথ উলিওৱা হ'ব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যা সমাধান কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে আৰু আগলৈও কৰি থাকিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা তেওঁৰ ভাষণত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথাও স্মৰণ কৰে আৰু তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক :77th Independence Day LIVE Update : ঐতিহাসিক লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.