ETV Bharat / bharat

India Iraq NSA Meet : প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিত সন্মত ভাৰত আৰু ইৰাক

author img

By

Published : Mar 25, 2023, 10:27 AM IST

ইৰাকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা কাচেম আল-আৰাজী বৰ্তমান ভাৰত ভ্ৰমণত আছে (Iraq NSA Qasem Al Araji India visit) । কাচেম হৈছে বিগত সাত বছৰত মধ্য প্ৰাচ্যৰ দেশৰ পৰা ভাৰত ভ্ৰমণ কৰা প্ৰথমগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ।

NSA meet
NSA meet

নিউজ ডেস্ক, ২৫ মাৰ্চ : শুকুৰবাৰে দেশ দুখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত (India Iraq NSA bilateral meet) ভাৰত আৰু ইৰাকে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি, সন্ত্ৰাসবাদবিৰোধী প্ৰচেষ্টা বৃদ্ধি আৰু নিৰাপত্তা সম্পৰ্ক শক্তিশালী কৰিবলৈ সন্মত হয় (India Iraq agreed to enhance defence cooperation) । ইৰাকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা কাচেম আল-আৰাজীয়ে ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈকে ভাৰত ভ্ৰমণত আছে । ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণত তেওঁ চৰকাৰী কাৰ্যসূচীত ভাৰত ভ্ৰমণলৈ আহিছে (National Security Adviser Ajit Doval) ।

ইৰাকী ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীৰ এই ভ্ৰমণ হৈছে বিগত সাত বছৰত ইৰাকৰ পৰা ভাৰতলৈ প্ৰথম কেবিনেট মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ । এইটো উল্লেখ কৰিব লাগিব যে কাচেম আল-আৰাজী পূৰ্বতে ২০১৬-১৮ বৰ্ষত দেশখনৰ গৃহ মন্ত্ৰী আছিল । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত তেওঁক ২০২০ চনৰ জুলাইত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল । এই ভ্ৰমণকালত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই চলিত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত এক বিস্তৃত আলোচনা কৰে বুলি সূত্ৰই জানিবলৈ দিছে (India Iraq agree to enhance defense cooperation) ।

আনহাতে, এই ভ্ৰমণকালত ইৰাকৰ সুৰক্ষা উপদেষ্টাগৰাকীয়ে ভাৰত ইলেক্ট্ৰ'নিকছ লিমিটেডো পৰিদৰ্শন কৰে (Iraqi NSA visited Bharat Electronics Ltd) । তাত তেওঁ 'মে'ক ইন ইণ্ডিয়া' (Make in India) উদ্যোগৰ অধীনত ভাৰতৰ প্ৰগতিৰ কেইবাটাও উদাহৰণ প্ৰত্যক্ষ কৰে । আল-আৰাজীয়ে ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাতা সমাজৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ নেতৃবৃন্দৰ সৈতে এক মতবিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰে । ইয়াৰ উপৰি ইৰাকী প্ৰতিনিধি দলটো আগ্ৰালৈও যায় ।

উল্লেখ্য, ইৰাক হৈছে ২০১৭ চনৰ পৰা ভাৰতলৈ তেলৰ সৰ্ববৃহৎ যোগানকৰ্তা (India Iraq oil trade) । ইয়াৰ পৰিমাণ হৈছে আমাৰ মুঠ তেল আমদানিৰ প্ৰায় ২৫ শতাংশ । ইৰাক হৈছে ভাৰতৰ পঞ্চম সৰ্ববৃহৎ বাণিজ্য অংশীদাৰ, যাৰ আমদানি ৩২.০০ বিলিয়ন আমেৰিকান ডলাৰ আৰু ৰপ্তানি ২.৪ বিলিয়ন আমেৰিকান ডলাৰ । দুয়োখন দেশৰ মাজত মুঠ বাণিজ্য ৩৪.৪০ বিলিয়ন আমেৰিকান ডলাৰলৈকে হয় । ইৰাকে উচ্চ, মধ্য আৰু নিম্ন খণ্ডত ভাৰতীয় তেল আৰু গেছ কোম্পানীবোৰৰ বাবে ব্যাপক সুযোগ লাভ কৰিছে ।

ইয়াৰ পূৰ্বে 2018 চনত ভাৰতে কাৰবালাৰ আল কাফিল চিকিৎসালয়ত এটা কৃত্ৰিম অঙ্গ ফিটমেণ্ট শিবিৰ অনুষ্ঠিত কৰিছিল । এই উদ্যোগটো ইৰাকে ভালদৰে গ্ৰহণ কৰিছিল । ইৰাকত ৬০০-তকৈও অধিক বিকলাঙ্গ লোকক প্ৰস্থেটিক হাত-ভৰি বা জয়পুৰ ফুট দান হিচাপে দিয়া হৈছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, দ্বিতীয় এটা তেনে শিবিৰৰ পৰিকল্পনাও সোনকালেই কৰা হৈছে ।

এইটো উল্লেখ কৰিব লাগিব যে বছৰি প্ৰায় 33,000 ইৰাকীয়ে ভাৰতলৈ ভ্ৰমণ কৰে । তেওঁলোকৰ বেছিভাগেই চিকিৎসাৰ বাবে ভাৰতলৈ আহে । ইয়াৰ ফলত ভাৰতীয় চিকিৎসালয়সমূহলৈ 170 নিযুত আমেৰিকান ডলাৰৰ ব্যৱসায় হয়, যিটো বাংলাদেশৰ পিছতে দ্বিতীয় স্থান ।

আনহাতে, দুয়োখন দেশৰ ঐতিহাসিক সম্পৰ্কও আছে । ভাৰতত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মুছলমান সম্প্ৰদায় আছে, য'ত চিয়া মুছলমানসকলৰ এক বৃহৎ জনসংখ্যা অন্তৰ্ভুক্ত আছে । ভাৰতৰ তীৰ্থযাত্ৰীসকলে প্ৰতি বছৰে বাগদাদৰ নাজাফ আৰু কাৰবালা আৰু শ্বেখ আব্দুল কাদিৰ জিলানিৰ পবিত্ৰ তীৰ্থস্থানসমূহ দৰ্শন কৰে ।

লগতে পঢ়ক :Modi Surname Issue : ১২ এপ্ৰিলত পাটনা আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.