ETV Bharat / bharat

India-Canadian Row: কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা অস্থায়ীভাৱে স্থগিত ভাৰতৰ - India suspends visa issuance to Canadian citizens

ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক বেয়াৰ দিশে আগবাঢ়িছে । তীব্ৰ উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে কানাডাৰ নাগৰিকসকলৰ বাবে ভিছা সেৱা অস্থায়ীভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে । এই সেৱা আৰম্ভ কৰাৰ কোনো নিৰ্দিষ্ট তাৰিখ দিয়া হোৱা নাই ।

India suspends visa issuance to Canadian citizens
কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা অস্থায়ীভাৱে স্থগিত ভাৰতৰ
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:02 PM IST

নেশ্যনেল ডেস্ক,২১ ছেপ্টেম্বৰ: ভাৰত আৰু কানাডাৰ মাজত বিবাদ অব্যাহত আছে । দুয়োখন দেশৰ বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । পৰৱৰ্তী জাননী নোপোৱালৈকে কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ভাৰত চৰকাৰে ।

প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে নতুন দিল্লীক খালিস্তান পন্থী শিখ নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগ কৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ সৃষ্টি হৈছে । ভিছা জাৰী বন্ধ কৰাৰ সিদ্ধান্তটো কাৰ্যকৰী কৰা কথা উল্লেখ কৰি অনলাইন ভিছা আবেদন কেন্দ্ৰ বিএলএছ ইণ্টাৰনেচনেলৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনোৱা হৈছে ।

শিখ নেতা হৰদীপ সিং নিজ্জাৰক দুমাহ পূৰ্বে নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল । সেই ঘটনাটো ভাৰত আৰু কানাডাৰ মাজত ক্ৰমান্বয়ে তিক্ত সম্পৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । শিখ সংগঠনবোৰে নিজ্জাৰক এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে প্ৰশংসা কৰিছে যদিও ভাৰত চৰকাৰে তেওঁক অপৰাধী বুলি অভিহিত কৰিছে ।

ইফালে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে তেওঁৰ চৰকাৰে ১৮ জুনৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ সম্পূৰ্ণ তথ্য লাভ কৰিছে । কানাডা চৰকাৰে সেই ঘটনাৰ তদন্ত কৰি থকা বুলিও উল্লেখ কৰিছে । কেৱল এয়াই নহয় ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী ভাৰতীয় কূটনীতিবিদক কানাডা চৰকাৰে বহিষ্কাৰো কৰিছিল ।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰেও কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰে । এই পদক্ষেপে দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক চাপত পেলোৱা দেখা গৈছে । কিন্তু ইয়াৰ মাজতে ভাৰতে ভিছা সেৱা স্থগিত ৰখাক লৈ কানাডাৰ বিষয়াসকলে উদ্বেগ প্ৰকাশ কৰে । কানাডিয়ান চৰকাৰে এই বৰ্ধিত বিবাদ সমাধানৰ বাবে দুয়োখন দেশৰ মাজত মুক্ত আৰু গঠনমূলক আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :Canada India diplomatic row: ভাৰতক উত্তেজিত কৰা কানাডাৰ উদ্দেশ্য নহয়; জাষ্টিন ট্ৰুডো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.