ETV Bharat / bharat

JP Nadda Appreciated Modi: মোডীৰ অধীনত কঠোৰ সিদ্ধান্ত ল'বলৈ ভাৰতে কুণ্ঠাবোধ নকৰে; জে পি নাড্ডা

জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক তেওঁৰ সিদ্ধান্তৰ বাবে প্ৰশংসা কৰি কয় যে তেওঁ কেৱল ভাৰতক শক্তিশালী কৰাই নহয়, বিশ্ব স্তৰত দেশক উচ্চ সন্মান প্ৰদান কৰিছে (JP Nadda Appreciated PM Narendra Modi) ।

JP Nadda Appreciated PM Narendra Modi
JP Nadda Appreciated Modi
author img

By

Published : Feb 22, 2023, 7:10 PM IST

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ উত্থানৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে বিশ্ব পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সভাপতি জে পি নাড্ডাই (BJP President JP Nadda) বুধবাৰে কয় যে, প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তই ২০১৪ চনৰ পূৰ্বে কংগ্ৰে চৰকাৰৰ অধীনত থকাৰ সময়তকৈ বিশ্বমঞ্চত ভাৰতৰ ভাবমূৰ্তি উন্নত কৰিছে । ইয়াৰ পূৰ্বে ভাৰতৰ এখন দুৰ্নীতিগ্ৰস্ত দেশ হিচাপেহে প্ৰতিচ্ছবি আছিল (JP Nadda Appreciated PM Narendra Modi) ।

"কেন্দ্ৰত স্থিৰতাৰ অভাৱ আছিল আৰু প্ৰধানমন্ত্ৰীৰ আসনৰ কৰ্তৃত্বও হ্ৰাস পাইছিল, যিয়ে বিশ্বমঞ্চত ভাৰতক নেতিবাচক দৃষ্টিভংগীৰে প্ৰদৰ্শন কৰিছিল ।" নাড্ডাই এনেদৰে কয় । তেওঁ নতুন দিল্লীত বৈদেশিক নীতি বিশেষজ্ঞ, বৈদেশিক আয়োগৰ সদস্য, বিজেপি নেতা, শিক্ষাৰ্থী আৰু সংবাদ মাধ্যমৰ উপস্থিতিত "মোডী : শ্বেপিং এ গ্লোবেল অৰ্ডাৰ ইন ফ্লাক্স" (Modi: Shaping a Global Order in Flux) নামৰ এখন গ্ৰন্থ মুকলি কৰাৰ সময়ত ভাষণ দি এই কথা কয় (Nadda on PM Modi) ।

নাড্ডাই প্ৰধানমন্ত্ৰী মোডীক কেৱল ভাৰতক শক্তিশালী কৰাই নহয়, লগতে কৰোনা ভাইৰাছ ভেকচিন প্ৰদান কৰি বিশ্বক ভাৰতৰ মানৱীয় সহায়, বিশ্বৰ উদীয়মান নেতা (India emerging leader of global south) হিচাপে ভাৰতৰ স্থিতি আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ (Russia Ukraine war) ক্ষেত্ৰত দেশৰ স্থিতিৰ কথা উল্লেখ কৰি দেশক উচ্চ সন্মান প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে (Nadda hailed PM Modi) ।

"২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ১০০ বাৰ বিদেশ ভ্ৰমণ কৰিছে । এই সময়ছোৱাত তেওঁ ৬০ খন দেশ ভ্ৰমণ কৰিছে, ৰাষ্ট্ৰসমূহৰ সৈতে কৌশলগত মিত্ৰতা গঢ়ি তুলিছে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ইউএই আৰু জাপানৰ দৰে আমাৰ পৰম্পৰাগত মিত্ৰশক্তিৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিছে আৰু পৰিষ্কাৰ শক্তি আৰু সুৰক্ষিত পৰিৱেশৰ (clean energy and safe environment) ওপৰত যথেষ্ট গুৰুত্ব দি আন ৰাষ্ট্ৰসমূহৰ সৈতে নতুন মিত্ৰতা গঢ়ি তুলিছে ।" বিজেপিৰ সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে লগতে কয় ।

আনহাতে, পূৰ্বৰ চৰকাৰসমূহক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, "ভাৰত এতিয়া পূৰ্বৰ দৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি নাযায় । সেয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক বা আনকি অন্যান্য বিষয়ৰ পৰিপ্ৰেক্ষিততে নহওক কিয় । আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তুলিছোঁ আৰু শক্তিশালী কৰিছোঁ আৰু বহুপাক্ষিক মঞ্চত এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছোঁ । কিন্তু আমি আমাৰ বিৰোধীসকলক এক শক্তিশালী আৰু স্পষ্ট বাৰ্তাও দিছোঁ । ''

নাড্ডাই লগতে কয় যে, প্ৰধানমন্ত্ৰীৰ ইজৰাইল আৰু পেলেষ্টাইন দুয়োটা ভ্ৰমণে দেখুৱাইছে যে কেনেকৈ ভাৰতে বিশ্ব নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে । লগতে তেওঁ কয়, কেইবা দশক ধৰি ঘৰুৱা ভোট বেংকৰ ৰাজনীতিৰ বাবে ভাৰতে ইজৰাইল ভ্ৰমণ কৰিবলৈ সাহস কৰা নাছিল (PM Modi Israel visit) । "কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণে ভাৰতৰ স্থিতি প্ৰদৰ্শন কৰে । একেদৰে যদিও ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত যথেষ্ট বিশৃংখলতাই দেখা দিছে, প্ৰধানমন্ত্ৰীয়ে কিছুমান কঠিন সিদ্ধান্ত লৈছে আৰু আমাৰ স্থিতি আগবঢ়াবলৈ কুণ্ঠাবোধ কৰা নাই ।" তেওঁ লগতে কয় ।

তেওঁ লগতে উল্লেখ কৰে যে কেনেদৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি পুটিন আৰু তেওঁৰ ইউক্ৰেইনৰ সমকক্ষ জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰি ইউক্ৰেইনত আবদ্ধ হৈ থকা প্ৰায় ২২,০০০ ভাৰতীয় শিক্ষাৰ্থীক তেওঁলোকৰ সুৰক্ষিত স্থানান্তৰৰ বাবে যুদ্ধবিৰতি নিশ্চিত কৰাৰ পিচত স্থানান্তৰিত কৰিছিল । তেওঁ ডিজিটেল অৰ্থনীতি, ডিজিটেল লেনদেন আৰু কোৱাড, QUAD, I2U2, BRICS, SCO আৰু G20-কে ধৰি বহুপাক্ষিক মঞ্চ হিচাপে ভাৰতৰ উদীয়মান কণ্ঠস্বৰক প্ৰশংসা কৰে ।

লগতে পঢ়ক :Bhupen Bora slams Ajmal : মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয়; আজমলক প্ৰত্যাহবান ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.