নেশ্যনেল ডেস্ক,২৯ মে': ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত ১,৭৩,৭৯০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে ৩,৬১৭ গৰাকী ৷ তদুপৰি ২,৮৪,৬০১ গৰাকী লোক সুস্থ হৈ উঠিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৭৭,২৯,২৪৭ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে ৩,২২,৫১২ গৰাকীকৈ লোকৰ ৷ এতিয়ালৈকে দেশত মুঠ ২,৫১,৭৮,০১১ জন ৰোগীয়ে সুস্থ হৈ উঠিছে । দেশত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছে ৯০.৮০ শতাংশ ।
লগতে পঢ়ক: বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত