নেশ্যনেল ডেস্ক, ২৩ মে': ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে যদিও কিছুদিনৰ পৰা নিহতৰ সংখ্যা হ্ৰাস পাইছে । বিগত ২৪ ঘণ্টাত দেশত ৩,৭৪১ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । বিগত সময়চোৱাত দৈনিক নিহতৰ সংখ্যাই চাৰি হেজাৰৰ ঘৰ অতিক্ৰম কৰে । কিন্তু যোৱা কিছুদিনৰ পৰা নিহতৰ সংখ্যা চাৰি হেজাৰতকৈ কম হোৱা দেখা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিগত ২৪ ঘন্টাৰ নিহতৰ সংখ্যাৰ সৈতে দেশত এতিয়ালৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৯৯,২৬৬ জন । ইফালে, শনিবাৰৰ দিনটোত দেশত নতুনকৈ ২,৪০,৮৪২ গৰাকী কৰ'ণাত আক্ৰান্ত লোক ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ২,৬৫,৩০,১৩ ২গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য হৈ ঘৰলৈ উভতিছে ৩,৫৫,১০২ গৰাকী লোক । ইয়াৰ লগে লগে বৰ্তমানলৈকে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছেগৈ ২,৩৪,২৫,৪৬৭ জন । দেশত এতিয়াও ২৮,০৫,৩৯৯ গৰাকী সক্ৰিয় ৰোগী আছে । ইয়াৰ সমান্তৰালকৈ দেশত প্ৰতিষেধক প্ৰদান কাৰ্যসূচীও অব্যাহত আছে । দেশত এতিয়ালৈ ১৯,৫০,০৪,১৮৪ গৰাকী লোকে লাভ কৰিছে প্ৰতিষেধক ।