ETV Bharat / bharat

অব্যাহত আছে সীমান্ত বিবাদ সম্পৰ্কীয় ভাৰত-চীনৰ বৈঠক - হট স্প্ৰিংছ

শনিবাৰে লাডাখ অঞ্চলত চীনৰ দিশত থকা মোলডোত ভাৰত আৰু চীনৰ মাজত শীৰ্ষ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয় । ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে লেহভিত্তিক দ্বাদশ কৰ্পৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল পি জি কে মেনন আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব (পূৱ এছিয়া) নবীন শ্ৰীবাস্তৱে ।

border dispute
অব্যাহত আছে সীমান্ত বিবাদকলৈ ভাৰত আৰু চীনা সেনাৰ বৈঠক
author img

By

Published : Jul 31, 2021, 9:39 PM IST

নেশ্যনেল ডেস্ক, ৩১ জুলাই : ভাৰত-চীন সীমান্ত বিবাদক লৈ (Indo-China Border dispute) আলোচনা অব্যাহত আছে । ইতিমধ্যে কেইবালানিও বৈঠক সমাপ্ত হৈছে । শনিবাৰে লাডাখ অঞ্চলত চীনৰ দিশত থকা মোলডোত ভাৰত আৰু চীনৰ মাজত শীৰ্ষ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয় । তিনি মাহৰ অন্তত এই দ্বাদশ পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছে ।

ভাৰতীয় সামৰিক প্ৰতিনিধিসকলে হট স্প্ৰিংছ (Hot Springs), গোগ্ৰা (Gogra) আৰু ডেপচাং সমভূমিৰ (Depsang plains) ৯০০ বৰ্গ কিল’মিটাৰ অঞ্চল বিচ্ছিন্ন হোৱাৰ বিষয়ে আলোচনা কৰিছে এই বৈঠকত । ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে লেহভিত্তিক দ্বাদশ কৰ্পৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল পি জি কে মেনন (Gen P.G.K. Menon) আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব (পূৱ এছিয়া) নবীন শ্ৰীবাস্তৱে (Naveen Srivastava) । আনহাতে চীনা সামৰিক প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে পিএলএৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডাৰ জু কিলিং (Western Theatre Command Xu Qiling) ।

এগৰাকী বিষয়াই জনোৱা মতে, যোৱা বছৰ মে'ত আৰম্ভ হোৱা ডেপচাঙৰ নিৰ্মাণ কাৰ্যক লৈ বৰ্তমানৰ অচলাৱস্থাক এই বৈঠকৰ অংশ বুলি ধৰা হোৱা নাছিল । কিন্তু ভাৰতে শেহতীয়া সামৰিক কমাণ্ডাৰ বৈঠকৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সকলো সমস্যা সমাধান কৰিবলৈ জোৰ দিছে । তথাপিও প্ৰাৰম্ভিক প্ৰয়াস হ'ব গোগ্ৰা আৰু হট স্প্ৰিঙছৰ সমস্যা সমাধান কৰা ।

ডেপচাঙৰ সমাধান বিচাৰি উলিওৱাটো জটিল হ'ব পাৰে আৰু অধিক সময় ল'ব পাৰে বুলি উল্লেখ কৰে বিষয়াজনে । এপ্ৰিলত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ ১১ তম ৰাউণ্ডৰ সময়ত গোগ্ৰা, হট স্প্ৰিংছ আৰু ডেপচাঙৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । ইয়াৰ পূৰ্বে ২০ ফেব্ৰুৱাৰীত ভাৰত আৰু চীনা সৈন্যবাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা হ্ৰাস কৰিবলৈ দশম পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰে । এতিয়ালৈকে, কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ১১ টা পৰ্যায়ৰ আলোচনাৰ উপৰিও দুয়োটা বাহিনীয়ে হটলাইনৰ ওপৰত ১০ টা মেজৰ জেনেৰেল পৰ্যায়, ৫৫ জন ব্ৰিগেডিয়াৰ পৰ্যায়ৰ আলোচনা আৰু ১,৪৫০ টা পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিছে ।

লগতে পঢ়ক : পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.