ETV Bharat / bharat

ডিচেম্বৰৰ তৃতীয় সপ্তাহত 'ইণ্ডিয়া' ব্লকৰ বৈঠক, আসন ভাগ-বাটোৱাৰা সম্পৰ্কে হ'ব আলোচনা !

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:33 PM IST

Updated : Dec 8, 2023, 2:44 PM IST

এই মাহতে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া' ব্লকৰ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকত লোকসভা নিৰ্বাচনক লৈ আসন ভাগ-বাটোৱাৰা সম্পৰ্কীয় আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

INDIA bloc
ডিচেম্বৰৰ তৃতীয় সপ্তাহত 'ইণ্ডিয়া' ব্লকৰ বৈঠক

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ : অহা ১৭ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত বিৰোধী মিত্ৰজোঁট 'ইণ্ডি'ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে । আসন ভাগ-বাটোৱাৰা চুক্তিৰ ওপৰতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । অৱশ্যে সূত্ৰৰ মতে বৈঠকৰ তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই । বৈঠকখন ডিচেম্বৰৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ।

'ইণ্ডি' ব্লকৰ কেইবাটাও অংশই বিভিন্ন ৰাজ্যত আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত দ্ৰুত সিদ্ধান্ত লোৱাৰ বাবে ক্ৰমান্বয়ে জোৰ দি আহিছে যাতে প্ৰাৰ্থীসকলৰ প্ৰচাৰ আৰু পৰিস্থিতিৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত সময় থাকে । ইফালে সংসদৰ দুয়োখন সদনৰ বাবে সংসদীয় ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ ওপৰত গুৰুত্ব দি বুধবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত বিৰোধী মিত্ৰজোঁটৰ দলসমূহৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয় ।

বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা কংগ্ৰেছৰ নেতাসকলৰ উপৰিও টিএমচিৰ সাংসদ ডেৰেক অ'ব্ৰাইন একমাত্ৰ 'ইণ্ডিয়া' ব্লকৰ নেতা আছিল । অ'ব্ৰাইনে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিনিধি হিচাপে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল । জানিব পৰা মতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৰেড্ডীয়ে ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাইছিল। কিন্তু পূৰ্বনিৰ্ধাৰিত ব্যস্ততাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে ।

কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু সুখবিন্দৰ সিং সুখুয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল । লগতে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাও উপস্থিত আছিল ।

সংসদৰ শীতকালীন অধিবেশনৰ ৰণনীতি নিৰ্ধাৰণৰ বাবে সোমবাৰে পুৱা অনুষ্ঠিত বিৰোধী নেতাসকলৰ এখন বৈঠকত তৃণমূল কংগ্ৰেছৰ নেতাসকলে আসন ভাগ-বাটোৱাৰাৰ বিষয়টো উত্থাপন কৰিছিল । 'ইণ্ডিয়া' ব্লকৰ অন্তিম খন বৈঠক ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছিল । ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত 'ইণ্ডিয়া' ব্লকৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :৩ ৰাজ্যত মুখ্যমন্ত্ৰী বাছনিৰ বাবে পৰ্যবেক্ষক নিযুক্তি, সৰ্বানন্দ সোণোৱালক ছত্তীশগড়ৰ দায়িত্ব

Last Updated : Dec 8, 2023, 2:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.