ETV Bharat / bharat

সাংসদৰ নিলম্বনৰ বিৰুদ্ধে দিল্লীত 'ইণ্ডিয়া' ব্লকৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 11:04 PM IST

I.N.D.I.A. bloc leaders protest : চলিত শীতকালীন অধিবেশনত এতিয়ালৈ বিৰোধীৰ প্ৰায় ১৪৬ গৰাকী সাংসদক নিলম্বন কৰা হৈছে । ইয়াৰ বিৰুদ্ধে দিল্লীত 'ইণ্ডিয়া' ব্লকৰ প্ৰতিবাদ অব্যাহত আছে । নিলম্বিত সাংসদসকলেও প্ৰতিবাদত অংশগ্ৰহণ কৰে । প্ৰতিখন ৰাজ্যতে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ।

INDIA bloc leaders protest
সাংসদৰ নিলম্বনৰ বিৰুদ্ধে দিল্লীত 'ইণ্ডিয়া' ব্লকৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : সংসদৰ চলিত শীতকালীন অধিবেশনৰ সময়ত বিৰোধীৰ ১৪৬ গৰাকী সাংসদক নিলম্বন কৰাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰে প্ৰতিবাদো অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সংসদৰ চলিত শীতকালীন অধিবেশনৰ সময়ত বিৰোধী সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰা মতে সংসদৰ শীতকালীন অধিবেশনৰ পৰা নিলম্বিত সাংসদসকলেও যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে ।ইফালে 'ইণ্ডিয়া' মিত্ৰজোঁটৰ নেতৃত্বত কংগ্ৰেছে সাংসদসকলক নিলম্বন কৰাৰ বিৰুদ্ধে সকলো জিলা সদৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

নিলম্বিত সাংসদসকলৰ ভিতৰত থকা কংগ্ৰেছ সাংসদ শশী থাৰুৰে বৃহস্পতিবাৰে কয় যে সকলো ৰাজ্যতে 'ইণ্ডিয়া' ব্লকৰ নেতৃত্বত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৷ তেওঁৰ মতে প্ৰতিবাদ কৰাটো উচিত আৰু সকলোৱে দিল্লীৰ যন্তৰ মন্তৰত থাকিব । তেওঁৰ মতে ইয়াৰ জৰিয়তে বিৰোধীয়ে ৰাইজক দেখুৱাব বিচাৰিছে যে চৰকাৰে কেনেদৰে সংসদ চলাইছে । তেওঁৰ মতে যদি চৰকাৰে বিৰোধীৰ কথা নুশুনে তেন্তে তেওঁলোকে গণতন্ত্ৰ ধ্বংস কৰিব ।

সাংসদসকলক নিলম্বনক লৈ 'ইণ্ডিয়া' ব্লকৰ প্ৰতিবাদ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দৰ সিং লাভলীয়ে কয় যে যিধৰণে গণতন্ত্ৰক হত্যা কৰা হৈছে সেয়া আমাৰ দেশৰ বাবে এক কলংক । তেওঁ অভিযোগ কৰা মতে যদি এগৰাকী সাংসদে সংসদৰ বাহিৰত কোনো বিষয় উত্থাপন কৰে, তেন্তে ইডিয়ে জাননী দিয়ে ।

যদি এগৰাকী সাংসদে সংসদত এটা বিষয় উত্থাপন কৰে, তেন্তে অধ্যক্ষই সাংসদজনক নিলম্বিত কৰে । দিল্লীৰ 'ইণ্ডিয়া' ব্লকৰ প্ৰতিবাদত এন ডি গুপ্তা, সন্দীপ পাঠক, সন্ত বলবীৰ চিচেহৱাল আৰু সঞ্জীৱ অৰোৰাকে ধৰি আম আদমি পাৰ্টীৰ সাংসদসকলেও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনা সন্দৰ্ভত বিৰোধীয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতি দাবী কৰাৰ পাছতে মুঠ ১৪৬ গৰাকী সাংসদক নিলম্বন কৰা হয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ; শৈকৃষ্ণ জাগালীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.