নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ দলবোৰৰ আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা আৰম্ভ হৈছে । শনিবাৰে ইণ্ডিয়া ব্লকৰ নেতাসকলৰ এক ভাৰ্ছুৱেল বৈঠক আৰম্ভ হয় আসন ভাগ-বটোৱাৰাৰ কাৰ্যসূচী, ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰতা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আলোচনা হয় । 'ইণ্ডিয়া' ব্লকৰ নেতাসকলে মিত্ৰতাৰ বাবে আহ্বায়কৰ নাম আলোচনা কৰাৰ সম্ভাৱনা আছে ।
নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰেও মুম্বাইত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইণ্ডিয়া' ব্লকৰ নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰে । তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকে নেতা এম কে ষ্টেলিন আৰু দলৰ নেতা কানিমোঝি কৰুণানিধি চেন্নাইৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে ।
ইয়াৰ পূৰ্বে, শুকুৰবাৰে সন্ধিয়া আসন ভাগ-বটোৱাৰা সন্দৰ্ভত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকখন মুকুল ৱাছনিকৰ বাসগৃহত প্ৰায় দুঘণ্টা ধৰি চলিছিল । দলীয় সূত্ৰৰ মতে দুয়োটা দলৰ নেতাসকলে বৈঠকখনক এক ইতিবাচক পদক্ষেপ বুলি বৰ্ণনা কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শুকুৰবাৰে জানিবলৈ দিয়ে যে মণিপুৰত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত মিত্ৰজোঁটৰ দলসমূহৰ অংশগ্ৰহণ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ'ব ।
ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স চমুকৈ 'ইণ্ডিয়া' হৈছে কংগ্ৰেছকে ধৰি বিৰোধী দলৰ এটা গোট । ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত থকা এন ডি এৰ সৈতে যুঁজিবলৈ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত পোনপটীয়াকৈ তৃতীয়বাৰৰ বাবে জয়লাভ কৰাত বাধা দিবলৈ দলবোৰ একত্ৰিত হৈছে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ভাৰতৰ ৰাজনৈতিক দৃশ্যপট ব্যাপকভাৱে সলনি হৈছে । বিৰোধী মিত্ৰজোঁটে শাসকীয় এনডিএক প্ৰত্যুত্তৰ দিবলৈ বিভিন্ন ধৰণে প্ৰস্তুতি চলাইছে । ইয়াৰ পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ৩৫৩ খন আসন, ইউপিএয়ে ৯১ খন আৰু আন দলসমূহে ৯৮ খন আসন লাভ কৰিছিল । ১১ এপ্ৰিলৰ পৰা ১৯ মে'ৰ ভিতৰত ৭ টা পৰ্যায়ত ভোটদান হৈছিল । য'ত প্ৰায় ৯০০ নিযুত যোগ্য ভোটাৰে ভোটদান কৰিছিল । লোকসভা নিৰ্বাচন এই বছৰ অনুষ্ঠিত হ'ব য'ত মোদী চৰকাৰৰ এন ডি এ মিত্ৰজোঁট আৰু ইণ্ডিয়া ব্লকৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :লোকসভা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ ধনৰ অভাৱ : শচীন পাইলট