ETV Bharat / bharat

Nuclear Installations List Exchange: ভাৰত-পাকিস্তানৰ মাজত পাৰমাণৱিক শক্তিৰ তালিকা আদান-প্ৰদান - exchange list of Nuclear Installations

প্ৰতিবছৰৰ দৰে এইবেলিও ভাৰত-পাকিস্তানৰ মাজত আদান-প্ৰদান কৰা হ’ল পাৰমাণৱিক শক্তি তালিকা ৷ পাকিস্তানৰ শক্তিৰ তালিকা ইছলামাবাদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ত আৰু ভাৰতৰ শক্তিৰ তালিকা নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিনিধিক অৰ্পণ কৰা হয় (India and Pakistan Nuclear Installations list exchange)৷

Nuclear Installations List Exchange
ভাৰত-পাকিস্তানৰ মাজত পাৰমাণৱিক শক্তিৰ তালিকা আদান-প্ৰদান
author img

By

Published : Jan 1, 2023, 6:27 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰী: ১৯৮৮ চনৰ পাৰমাণৱিক সংস্থাপন আৰু আক্ৰমণ নিষিদ্ধকৰণ চুক্তি অনুসৰি পাৰমাণৱিক শক্তিৰ তথ্যৰ আদান-প্ৰদান কৰি অহা হৈছে ভাৰত-পাকিস্তানৰ মাজত ।

তিনি দশকৰো অধিক সময় ধৰি দুয়োখন চুবুৰীয়া দেশৰ মাজত প্ৰতিবছৰে আদান-প্ৰদান কৰি অহা হৈছে পাৰমাণৱিক তথ্যৰ আদান-প্ৰদান ৷ সেই অনুসৰি দেওবাৰ অৰ্থাৎ 1 জানুৱাৰী, 2023তো ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণাত্মক কাৰ্যকলাপ ৰোধৰ বাবে পাৰমাণৱিক শক্তি তালিকাৰ আদান-প্ৰদান কৰা হয় (India and Pakistan Nuclear Installations list exchange)৷

১৯৮৮ চনৰ ৩১ ডিচেম্বৰত স্বাক্ষৰিত আৰু ১৯৯১ চনৰ ২৭ জানুৱাৰীত অনুমোদিত পাৰমাণৱিক আক্ৰমণ নিষিদ্ধকৰণ চুক্তিৰ(Non Nuclear Aggression Agreement) দ্বিতীয় অনুচ্ছেদ অনুসৰি পাৰমাণৱিক শক্তি স্থাপন আৰু মজুত থকা শক্তিৰ তালিকা আদান-প্ৰদান কৰি অহা হৈছে । উক্ত চুক্তি অনুসৰি দুয়োখন দেশে ইখনে সিখনক মজুত থকা পাৰমাণৱিক শক্তিৰ বিষয়ে অৱগত কৰিব লাগে ৷ গতিকে দেওবাৰে ইছলামাবাদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ত পাৰমাণৱিক শক্তিৰ তথ্য প্ৰদান কৰে পাকিস্তানে ৷

সমান্তৰালভাৱে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও পাৰমাণৱিক শক্তিৰ তালিকা নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিনিধিক অৰ্পণ কৰে বুলি বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । কাশ্মীৰ সমস্যাৰ লগতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ সময়তে এই আদান-প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: Corruption of Former Maldivian President: মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ১১ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.