নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়া ব্লকৰ মিত্ৰশক্তিৰ মাজত আসন ভাগ-বতৰা সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেতা মমতা বেনাৰ্জীৰ দুমুখীয়া স্থিতিয়ে এক চৰ্চাৰ সৃষ্টি কৰিছে ।
মমতাই কয়, শাসকীয় তৃণমূল কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত বংগত কংগ্ৰেছ বা চিপিআই(এম)ৰ সৈতে আসন মীমাংসাৰ ক্ষেত্ৰত আগ্ৰহী নহয় । বৃহস্পতিবাৰে মমতা বেনাৰ্জীয়ে কয়, "সমগ্ৰ ভাৰততে ইণ্ডিয়াৰ মিত্ৰতা থাকিব, কিন্তু তৃণমূল কংগ্ৰেছে বংগত যুঁজ দিব ।"
লক্ষণীয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিৰোধী দলক একত্ৰিত কৰাৰ বাবে মমতা বেনাৰ্জীয়েই প্ৰথমে উদ্যোগ লৈছিল । তেওঁৰ প্ৰস্তাৱ অনুসৰিয়ে বিৰোধী মিত্ৰজোঁটৰ নাম 'ইণ্ডিয়া' ৰখা হয় । তথাপিও ৰাজ্যসমূহত মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত আসন ভাগ-বাটোৱাৰা এতিয়াও অচল হৈ আছে । কিয়নো মিত্ৰজোঁটৰ বহু অংশীদাৰ বিভিন্ন ৰাজ্যত পৰস্পৰৰ প্ৰতিদ্বন্দ্বী ।
উদাহৰণ স্বৰূপে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, চিপিআই(এম) আৰু কংগ্ৰেছ ইটোৱে সিটো দলৰ বিৰোধী, লগতে ইণ্ডিয়া ব্লকত মিত্ৰদল । ফলস্বৰূপে পশ্চিমবংগৰ লোকসভা নিৰ্বাচনত আসন ভাগ-বাটোৱাৰাক লৈ বিগত কেইদিনমান ধৰি বিভিন্ন জল্পনা-কল্পনা বৃদ্ধি পাইছে । বিভিন্ন মহলৰ পৰা বিভিন্ন মন্তব্য কৰা হৈছে । এনে পৰিস্থিতিত মমতা বেনাৰ্জীৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
উত্তৰ ২৪ পৰগণাৰ দেগঙ্গাত তৃণমূল কংগ্ৰেছ সমিতি গঠন কৰা বৈঠকৰ পৰা মমতা বেনাৰ্জীৰ ভাষণত কেইবাটাও ৰাজনৈতিক বাৰ্তা শুনিবলৈ পোৱা গৈছে । তাৰে এটা হৈছে 'ইণ্ডিয়া' সন্দৰ্ভত মমতা বেনাৰ্জীৰ মন্তব্য । "সমগ্ৰ ভাৰততে ইণ্ডিয়াৰ মিত্ৰতা থাকিব আৰু তৃণমূল কংগ্ৰেছে বংগত যুঁজ দিব । মনত ৰাখিব কেৱল বংগৰ তৃণমূল কংগ্ৰেছেহে বিজেপিক এটা বা দুটা শিক্ষা দিব পাৰে, সমগ্ৰ ভাৰতক পথ প্ৰদৰ্শন কৰিব পাৰে, আন কোনো দলে নহয় ।" বৃহস্পতিবাৰে বৈঠকত তেওঁ কয় ।
ইয়াৰ পৰা প্ৰশ্ন উত্থাপিত হয় যে তৃণমূল কংগ্ৰেছে পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে অকলে যুঁজ দিব নেকি ? তেওঁলোকে কংগ্ৰেছ আৰু চিপিএমক কোনো আসন এৰি দিয়াটো স্বীকাৰ নকৰে নেকি ? অৱশ্যে মমতা বেনাৰ্জীয়ে এই বিষয়ত বিতংভাৱে ব্যাখ্যা আগবঢ়োৱা নাই ।
ইফালে মমতা বেনাৰ্জীয়ে মঞ্চৰ পৰা বিভিন্ন বিষয়ত বিজেপিক তীব্ৰ আক্ৰমণ কৰে । তেওঁৰ অভিযোগৰ তালিকাৰ শীৰ্ষত আছিল কেন্দ্ৰৰ বঞ্চনা । লগতে তেওঁ চিএএ (CAA) ৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । মমতাই দাবী কৰে যে তৃণমূল কংগ্ৰেছে সকলোৰে বাবে নাগৰিকত্বৰ ব্যৱস্থা কৰিছে ।
"গতিকে পুনৰ নাগৰিকত্ব লোৱাৰ কোনো প্ৰয়োজন নাই ।" তেওঁ সংক্ষিপ্তভাৱে মাথোঁ এনেদৰে কয় । ইয়াৰ উপৰি তেওঁ অভিযোগ কৰে যে পূৰ্বতে জিলা দণ্ডাধীশসকলে নাগৰিকত্বৰ কাৰ্ড দিব পাৰিছিল, কিন্তু এতিয়া সেয়া কেন্দ্ৰৰ হাতলৈ গৈছে আৰু কেন্দ্ৰই ৰাজনীতি কৰি আছে ।