ETV Bharat / bharat

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী - Amroha murder case latest news

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত হৈছে ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰা আমৰোহা হত্যাকাণ্ডৰ অভিযুক্ত শ্ববনম ৷

Independent India's first woman to face execution
মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী
author img

By

Published : Feb 20, 2021, 12:23 PM IST

ৰামপুৰ, 20 ফেব্ৰুৱাৰী: ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰাৰ অপৰাধত অভিযুক্ত উত্তৰ প্ৰদেশৰ শ্বৱনমৰ ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে প্ৰত্যাখ্যান কৰাৰ পাচতেই শ্বৱনম ফাঁচী কাঠত ওলমিব লগীয়া স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে ৷ শ্বৱনম হৈছে আমৰোহাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা অভিযুক্ত দুগৰাকীৰ এজন ৷ তেওঁক মথুৰা কাৰাগাৰৰ ফাঁচী শালত ফাঁচী দিয়া হ’ব ৷ উল্লেখ্য যে, শ্বৱনমক বৰ্তমান ৰামপুৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ৷

কেছ ডায়েৰী:

শ্বৱনমৰ প্ৰেম হৈছিল চেলিম নামৰ লোক এজন সৈতে৷ ঘটনাক্ৰমে দুয়োৰে মাজৰ সম্পৰ্ক আগবাঢ়ে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰে ৷ কিন্তু পৰিয়ালৰ সদস্য সকলে শ্বৱনমৰ এই প্ৰেমক স্বীকৃতি দিবলৈ অমান্তি হয় আৰু পৰিয়ালৰ লোকসকলে কৰা এই বিৰোধীতাৰ বাবেই তেওঁলোকক হত্যা কৰা হয় ৷ বিভিন্ন প্ৰতিবেদন সমূহৰ মতে শ্বৱনমৰ পৰিয়ালৰ সদস্য সকলক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল স্বয়ং স্বৱনম আৰু চেলিমে ৷ উল্লেখ্য যে, ২০০৮ চনৰ ১৪ এপ্ৰিলৰ দিনা ১০ মহীয়া ভতীজা আৰু নিজৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ মুঠ সাতজন সদস্যক শ্বৱনম আৰু চেলিম দুয়ো লগ লাগি নৃশংশভাৱে হত্যা কৰে ৷

বাতৰিত প্ৰকাশ পোৱা অনুসৰি দুয়োজনে প্ৰথমে সমগ্ৰ পৰিয়ালটোক নিচাযুক্ত ঔষধ মিহলি আহাৰ পৰিৱেশন কৰে ৷ সমগ্ৰ ঘটনাৱলী পোহৰলৈ অহাৰ পাচতেই জিলা আৰক্ষীয়ে শ্বৱনম আৰু চেলিম দুয়োজনকে কৰায়ক্ত কৰে ৷ এই গোচৰটোত আদালতত ২৭ মাহতকৈ অধিক সময় প্ৰায় এশ দিন জেৰা চলোৱা হৈছিল ৷ শুনানিৰ দিনা আদালতে প্ৰায় ২৯ জন সাক্ষীৰ বক্তব্য শুনিছিল ৷ ৬৪৯ টা প্ৰশ্ন আৰু ১৬০ পৃষ্ঠাজোৰা ৰায়দান সাক্ষী সকলক এই গোচৰটো সম্পৰ্কীয় ৬৪৯ টা প্ৰশ্নৰ উত্তৰ দিবলৈ আদেশ দিয়াৰ পাচত আদালতে ১৬০ পৃষ্ঠাজোৰা নিৰ্দেশ প্ৰদান কৰে ৷ পৰৱৰ্ত্তী পৰ্যায়ত চেলিমে হত্যাকাণ্ডটোত নিজৰ ভূমিকা থকাৰ কথা স্বীকাৰ কৰে আৰু হত্যাকাণ্ডটোত ব্যৱহাৰ কৰা অস্ত্ৰপাতৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷

জিলা আৰু সত্ৰ আদালতে দুয়োকে ২০১০ চনৰ ১৪ জুলাইতেই মৃত্যুদণ্ডৰে দণ্ডিত কৰে ৷ ২০১০ দুয়ো অভিযুক্তই সত্ৰ আদালতৰ এই ৰায়ক এলাহবাদৰ উচ্চ আদালতত প্ৰত্যাহ্বান জনায় ৷ কিন্তু উচ্চ আদালতখনে সত্ৰ আদালতৰ ৰায়কে বাহাল ৰাখে ৷ পৰৱৰ্ত্তী পৰ্যায়ত ২০১৫ চনত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ৷ কিন্তু শীৰ্ষ আদালতখনেও মৃত্যুদণ্ডকে বাহাল ৰাখে ৷ ইয়াৰ পাচতেই সকলো আইনী সুৰুঙা বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত শ্বৱনমে তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীলৈ ক্ষমা আৱেদন প্ৰেৰণ কৰে ৷ কিন্তু ৰাষ্ট্ৰপতিয়ে শ্বৱনমৰ এই আৱেদন প্ৰত্যাখান কৰে ৷

দুয়োগৰাকী অভিযুক্তই উচ্চতম ন্যায়ালয়তো এক পুনৰবিবেচনা আৱেদন দাখিল কৰে ৷

মথুৰা কাৰাগাৰ :

দেশৰ ভিতৰত মথুৰা কাৰাগাৰেই হ’ল একমাত্ৰ কাৰাগাৰ য’ত মহিলা অপৰাধীক ফাঁচী দিয়াৰ ব্যৱস্থা আছে ৷ শ্বৱনমক মথুৰা কাৰাগাৰলৈ অনা হয় ২০১৯ চনত ৷ জানিব পৰা মতে কাৰাগাৰৰ আন কয়দী সকলৰ সৈতে তেওঁ মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল ৷ ই টিভি ভাৰতৰে সৈতে হোৱা এক কথোপোকথনত মথুৰা কাৰাগাৰৰ কাৰাগাৰ অধীক্ষক ৰাকেশ কুমাৰ বৰ্মাই জনাই যে মথুৰা কাৰাগাৰ কৰ্তৃপক্ষই ইতিমধ্যে ফাঁচীত ব্যৱহাৰ হ’ব লগীয়া ৰচীডালৰ যোগাৰ কৰিছে ৷ বৰ্মাই লগতে যোগ দি কয় যে তেওঁৱেই হ’ব প্ৰথমগৰাকী মহিলা যি ভাৰতৰ স্বাধীনতাৰ পাচত ফাঁচীকাঠত উঠিব ৷

ভাৰতত মহিলা অপৰাধীৰ মৃত্যুদণ্ড ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাচৰে পৰা এগৰাকীও মহিলা অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হোৱা নাই ৷ ভাৰতৰ একমাত্ৰ মহিলা ফাঁচীশালখন আছে মথুৰা কাৰাগাৰত ৷ এই ফাঁচীশালখন নিৰ্মাণ কৰা হৈছিল ১৫০ বছৰৰ আগেয়ে বৃটিছ শাসন কালত, ১৮৭০ চনত ৷ এই ফাঁচীশালখনৰ একমাত্ৰ উল্লেখ পোৱা যায় ১৯৫৬ চনৰ উত্তৰ প্ৰদেশৰ কাৰাগাৰ হাতপুঠিখনত ৷ য’ত মৃত্যুদণ্ডৰে দণ্ডিত মহিলা অপৰাধী সকলক কেনেকৈ শাস্তি প্ৰদান কৰা হ’ব তাৰ বিশদ বিৱৰণ দিয়া হৈছিল ৷

পৰিয়ালবৰ্গৰ সুখ প্ৰকাশ:

শ্বৱনমৰ খুৰাক সত্তৰ আলিয়ে কয়, “যেতিয়া হত্যাকাণ্ডটো সংঘতিত হৈছিল আমি তেতিয়া ঘৰত নাছিলোঁ ৷ আমি যেতিয়া নিশা প্ৰায় ২ টা মান বজাত তাত উপস্থিত হৈছিলোঁগৈ, তেতিয়া তাত চাৰিওফালে তেজেই তেজ আৰু মৃতদেহবোৰ টুকুৰা টুকুৰ হৈ পৰি আছিল ৷ এই অপৰাধ আছিল অক্ষমণীয় ৷ তেওঁ যিহেতু নিজৰ পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰিছিল গতিকে তেওঁক ফাঁচী দিয়া উচিত ৷”

জাল্লাদ পৱনৰ দাৰা ফাঁচীকাঠৰ পৰীক্ষা :

উৎস সমূহৰ জানিব পৰা গৈছে মৃত্যুদণ্ড দিন ধাৰ্য হোৱাৰ পাচতেই পৱন জাল্লাদ নামেৰে পৰিচিত জাল্লাদজনৰ দ্বাৰা ফাঁচীকাৰ্য সমাপন কৰা হ’ব ৷ পৱন হৈছে এগৰাকী পেচাদাৰী জাল্লাদ ৷ উল্লেখ্য যে তেওঁ নিৰ্ভয়া কাণ্ডত অভিযুক্ত কেইজনকো ফাঁচী দিছিল ৷ পৱনে তেওঁৰ দেউতাককে ধৰি তিনি পৰুষৰ পৰা এই কৰ্ম কৰি আহিছে আৰু সেই সুত্ৰেই কেনেকৈ কোনো ফাঁচী কাৰ্য সমাপন কৰা হয়, সেই বিষয়ে তেওঁ সৱিশেষ জ্ঞাত ৷

“তেওঁ প্ৰেমিকৰ সৈতে লগ লাগি নিজৰ পৰিয়ালটোক হত্যা কৰিছে ৷ এইটো এটা জঘন্য অপৰাধ ৷ গতিকে তেওঁলোকক ফাঁচী দিয়া উচিত ৷ এই বিচাৰ মই কৰিম, তাৰ আগেয়ে ৰচীডাল, ফাঁচীশালখন ঠিকে ঠাকে আছে নে নাই চাই লম ৷” পৱনে এইদৰে কয় ৷

শ্বৱনমৰ পুত্ৰৰ ৰাষ্ট্ৰপতিলৈ আহ্বান:

ইয়াৰ সমান্তৰালকৈ শ্বৱনমৰ ১২ বছৰীয়া পুত্ৰ তাজে তেওঁৰ মাতৃৰ জঘন্য অপৰাধটিক ক্ষমা কৰি দি মৃত্যুদণ্ডৰ শাস্তি উঠাই ল’বৰ বাবে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দলৈ এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে শ্বৱনমৰ মৃত্যু পত্ৰ যিকোনো মূহুৰ্ত্ততে স্বাক্ষৰিত হ’ব পাৰে আৰু এনে এক সময়তে শ্বৱনমৰ পুত্ৰৰ এই আহ্বান সন্মুখলৈ অহা দেখা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.