ETV Bharat / bharat

খোৱা তেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ঘৰুৱা বাজেটত

author img

By

Published : May 10, 2021, 6:07 PM IST

কৰ’ণা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিয়ে বহুতো নিবনুৱাৰ বাবে দিনকদিনে উপাৰ্জনৰ পৰিসৰ হ্ৰাস কৰি আহিছে ৷ তেনেহেন সময়ত খোৱা তেলৰ মূল্যবৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ঘৰুৱা বাজেট হ্ৰাস কৰিবলৈ বাধ্য কৰাইছে ।

Increased edible oil price jolts household budget
খোৱা তেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ঘৰুৱা বাজেটত

আগৰতলা,10 মে’: পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ সমান্তৰালভাৱে খোৱা তেলৰ মূল্য বিশেষভাৱে যোৱা কেইমাহমানত সৰিয়হৰ তেলৰ মূল্য বহুগুণে বৃদ্ধি হোৱাৰ ফলত ঘৰুৱা বাজেটৰ ওপৰত অতিৰিক্ত চাপ পৰিছে । কৰ’ণা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিয়ে বহুতো নিবনুৱাৰ বাবে দিনকদিনে উপাৰ্জনৰ পৰিসৰ হ্ৰাস কৰি আহিছে ৷ তেনে সময়ত খোৱা তেলৰ মূল্যবৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ঘৰুৱা বাজেট হ্ৰাস কৰিবলৈ বাধ্য কৰাইছে ।

বজাৰৰ এক জৰীপ অনুসৰি, আটাইতকৈ বিশ্বাসযোগ্য খোৱা তেল ব্ৰেণ্ডবোৰৰ মূল্য প্ৰতি এক লিটাৰ পাউচত 110-130 টকা আছিল । এতিয়া একেটা ব্ৰেণ্ডৰ তেল প্ৰতি লিটাৰ পাউচত ১৭০-১৮০ টকাত বিক্ৰী কৰা হৈছে । যোৱা এমাহত খোৱা তেলৰ মূল্য 20-30 টকালৈ বৃদ্ধি হৈছে ।

এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি ত্ৰিপুৰাৰ মহাৰাজগঞ্জ বজাৰৰ এজন পাইকাৰী বিক্ৰেতাৰ সৈতে কথা পতাত তেওঁ কয় যে, "আমি ইয়াৰ আঁৰৰ কাৰণ নাজানো, কিন্তু যোৱা এমাহৰ ভিতৰত মূল্য ২০-৩০ টকালৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰিও ভাৰতীয় ৰাজ্যসমূহত লক ডাউন আৰু একে ধৰণৰ সীমাৱদ্ধতাৰ বাবে যোগান যথেষ্ট হ্ৰাস পাইছে" ৷

এই সন্দৰ্ভত মন্তব্য আগবঢ়াই ত্ৰিপুৰাৰ এজন সাধাৰণ উপভোক্তাই কয় যে, "খোৱা তেল আৰু ইন্ধনৰ মূল্যবৃদ্ধিয়ে মধ্যবিত্ত পৰিয়ালবোৰৰ বাবে দ্বৈত প্ৰভাৱৰ দৰে কাম কৰি আছে" ৷

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.