নিউজ ডেস্ক, ৩ নৱেম্বৰ : তামিলনাডুৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ই ভি ভেলুৰ চেন্নাই আৰু থিৰুভান্নামালাস্থিত ঘৰ আৰু ৮০ টা সম্পৰ্কীয় স্থানত শুকুৰবাৰে আয়কৰ বিষয়াসকলে অভিযান চলায় । ভেলুৰ মালিকানাধীন ৮০ টা স্থানত একেলগে তালাচী চলোৱা হয় ।
মন্ত্ৰী ই ভি ভেলুৰ সৈতে সম্পৰ্কিত কোম্পানীবোৰত কৰ ফাঁকিৰ অভিযোগৰ ভিত্তিত পুৱা ৬ বজাৰ পৰা ৮০ টাতকৈও অধিক স্থানত এই অভিযান চলোৱা হয় । প্ৰাপ্ত খবৰ অনুসৰি, আয়কৰ বিভাগৰ বিষয়াসকলে মন্ত্ৰী ই ভি ভেলুৰ তিৰুভান্নামালাইস্থিত ঘৰ, শিক্ষানুষ্ঠান, নিৰ্মাণ কোম্পানী আৰু চিকিৎসালয়কে ধৰি সকলো ঠাইতে অভিযান চলাই আছে ।
জানিব পৰা মতে, ৩০ জনতকৈও অধিক আয়কৰ বিষয়াই থিয়াগাৰায়া নগৰ, কিলপাক্কাম, মাউণ্ট ৰোড, ভেপেৰী, আন্না নগৰ আৰু চেন্নাইৰ অন্যান্য স্থানৰ লগতে তিৰুভান্নামালাইত তেওঁৰ ঘৰ, অৰুনাই কলেজ অব ইঞ্জিনৰিং, অৰুনাই চিকিৎসা মহাবিদ্যালয়, কাৰ্যালয় আৰু ট্ৰাষ্টত অভিযান চলাই আছে ।
উল্লেখ্য যে ২০২১ চনত আয়কৰ বিভাগে মন্ত্ৰী ই ভি ভেলুৰ বাসগৃহত অভিযান চলাইছিল আৰু বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছিল । বিষয়াসকলে প্ৰকাশ কৰা মতে, উক্ত নথিপত্ৰবোৰৰ ভিত্তিত পুনৰ আনুসন্ধান অভিযান চলোৱা হৈছে ।
আয়কৰ বিষয়াসকলে ই ভি ভেলু, তেওঁৰ ভাতৃ, পুত্ৰ, কন্যাৰ মালিকানাধীন কোম্পানীৰ লগতে অন্যান্য সম্পৰ্কিত কোম্পানীবোৰৰ বিষয়েও অনুসন্ধান কৰি আছে । লগতে জানিব পৰা গৈছে যে কেৱল কোম্পানীবোৰেই নহয়, আত্মীয়সকলৰ নেতৃত্বত থকা কোম্পানীবোৰৰো আয়কৰ বিভাগে অডিট কৰিছে ।
ইয়াৰ উপৰি লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ, ভৱন আৰু ঘাইপথ বিভাগৰ ঠিকাদাৰৰ ৪০ টা কাৰ্যালয়ত এই অভিযান চলোৱা হৈছে বুলি প্ৰকাশ পাইছে । আনহাতে, নিৰ্মাণ কোম্পানীবোৰৰ ভিতৰত অতি জনপ্ৰিয় কাছা গ্ৰেণ্ডকে ধৰি অন্যান্য কোম্পানীবোৰত ৰেইড চলি আছে । আয়কৰ বিভাগে অভিযানৰ স্থানসমূহত নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) মোতায়েন কৰিছে ।
চেন্নাইকে ধৰি বিভিন্ন জিলাত ৪০ খনতকৈও অধিক গাড়ীত যোৱা আয়কৰ বিভাগৰ বিষয়াসকলে মন্ত্ৰী ই ভি ভেলুৰ সৈতে সম্পৰ্কিত স্থানত অনুসন্ধান চলাই আছে । এই সন্দৰ্ভত আয়কৰ বিষয়াসকলে পৰৱৰ্তী সময়ত সবিশেষ প্ৰকাশ কৰিব বুলি কোৱা হৈছে ।
লগতে পঢ়ক :Supreme Court to ECI: ৰাজনৈতিক দলবোৰৰ অনুদানৰ তথ্য; নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ