ETV Bharat / bharat

অৰুণাচল প্ৰদেশত শেহতীয়া ভূমিস্খলনত 17 জন লোকৰ মৃত্যু

বিগত সময়চোৱাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ভিন্ন স্থানত মুঠ 17 জন লোকে প্ৰাণ হেৰুৱাইছে (Death troll in landslides in Arunachal) । 25 খন জিলাৰ 155 খন গাঁও আৰু কলনী অভাৱনীয় পানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয় । ইয়াৰ বিপৰীতে ৰাজ্যখনত 19,691 লোক ক্ষতিগ্ৰস্ত হয় আৰু 244 টা ঘৰ ধ্বংস হোৱাৰ লগতে 72 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

author img

By

Published : Jul 4, 2022, 7:40 PM IST

Death troll in landslides in Arunachal
Death troll in landslides in Arunachal

তেজপুৰ, ৪ জুলাই: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত সময়চোৱাত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত (Landslides in Arunachal) ভিন্ন স্থানত মুঠ 17 জন লোকে প্ৰাণ হেৰুৱাইছে বুলি জনাইছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে । পশ্চিম কামেং জিলাৰ ভালুকপুং-টাৱাং সংলগ্ন পথত যোৱা কেইবাদিনো হোৱা ভূমিস্খলনৰ ফলত পথটোৰ কেইবা ঠাইটো যাতায়ত বন্ধ কৰিবলগীয়া হয় (Landslides in roads to Arunachal) ৷ পৰৱৰ্তী সময়ত ব’ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনে পথটো মুকলি কৰে ।

পাহাৰীয়া ৰাজ্যখনৰ মুঠ 25 খন জিলাত শতাধিক ভূমিস্খলন সংঘটিত হৈছে ৷ লগতে বৰষুণৰ ফলত বানৰ উদ্ভৱ হোৱাত বহুতো বাট-পথ বন্ধ হৈ পৰে (Roads blocked due to landslides in Arunachal)। ৰাজ্যখনত হোৱা অত্যাধিক পৰিমাণৰ বৰষুণ ইয়াৰ এক প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে । 25 খন জিলাৰ 155 খন গাঁও আৰু কলনী অভাৱনীয় পানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয় ।

Death troll in landslides in Arunachal
অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ

ইয়াৰ বিপৰীতে ৰাজ্যখনত 19,691 গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ আনহাতে 244 টাকৈ ঘৰ ধ্বংস হোৱাৰ লগতে 72 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ নামনি অঞ্চলত 32.7 হেক্টৰ কৃষিভূমি ভূমিস্খলন আৰু পানীৰ বাবে অনিষ্ট হয় । বান আৰু ভূমিস্খলনৰ বাবে যোৱা 30 জুনলৈ 90 টা পথ, 11 টা বৈদ্যুতিক লাইন, 5 খন চৰকাৰী বিদ্যালয় আৰু 5 টা চৰকাৰী আবাস ধ্বংস হয় (Damages in landslides in Arunachal)।

বৰষুণৰ ফলত পাহাৰৰ পৰা অহা পানীয়ে সৃষ্টি কৰা ভূমিস্খলনত এটা 132 KV টাৱাৰ ধ্বংস হয় ৷ তাৰোপৰি দুখন ওলোমা দলং আৰু 6 খন আৰ চি চি দলং সম্পূৰ্ণৰূপে ধ্বংস হয় । এই সময়চোৱাত জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে 294 জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি 38 টা সাহায্য শিবিৰ মুকলি কৰিছে ৷

Death troll in landslides in Arunachal
অৰুণাচল প্ৰদেশত শেহতীয়া ভূমিস্খলনত 17 জন লোকৰ মৃত্যু

ইফালে, অৰুণাচল প্ৰদেশৰ কৰোঙ কুৰ্মে জিলাত দেওবাৰে ভাৰত-চীন সীমান্তৱৰ্তী এখন গুৰুত্বপূৰ্ণ দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে (Bridge washed away by the flood in Arunachal)। জিলাখনৰ কৰাৰো গাঁৱৰ পৰা জিলা সদৰ কলোৰিয়াঙৰ দামিন সংযোগী পথত থকা এই দলংখন একমাত্ৰ সীমান্ত সংযোগকাৰী আছিল । অয়ং নদীৰ ওপৰত থকা 100 মিটাৰ দৈঘ্যৰ এই দলংখন সম্পূৰ্ণ ৰূপে উটুৱাই লৈ যায় সোঁতে ৷ ব’ৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট অৰোনাকৰ অধীনত থকা এই জৰুৰী দলংখন তাৎক্ষণিক নিৰ্মাণৰ বাবে ব’ৰ্ডাৰ ৰোডছে যো-জা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অৰুণাচলত ভয়াৱহ ভূমিস্খলনত চাৰিগৰাকীয়ে হেৰুৱালে প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.