ETV Bharat / bharat

মধ্য প্ৰদেশত নিৰ্মাণ হ’ব 200 কোটিটকীয়া ৰূপৰ মন্দিৰ - মধ্য প্ৰদেশত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব

পোন প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশৰ বান্দা জিলাত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ জৈন মন্দিৰ নিৰ্মাণ কৰা হ'ব । পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব । লক্ষণীয় বিষয় যে, এই মন্দিৰটোত ২৫ ইঞ্চি উচ্চতাৰ ২৪ জন তীৰ্থযাত্ৰীৰ মূৰ্তি স্থাপন কৰা হ'ব ।

মধ্য প্ৰদেশত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব

author img

By

Published : Apr 26, 2021, 1:13 PM IST

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: পোন প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশৰ বান্দা জিলাত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ জৈন মন্দিৰ নিৰ্মাণ কৰা হ'ব । বান্দা জিলাৰ টিকামগড় জিলা সদৰৰ পৰা ৪৫ কিল’মিটাৰ নিলগত নিৰ্মাণ কৰা হ'ব ৰূপৰ জৈন মন্দিৰটো । পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । জয়ছালমেৰৰ পৰা হালধীয়া ৰঙৰ মাৰ্বল, সোণ ক্ৰয় কৰি আনি মন্দিৰটোৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ'ব ।

আহেমদাবাদৰ স্থপত্যবিদৰ আৰ্হিৰে নিৰ্মাণ কৰা হ'ব
আহমেদাবাদৰ স্থাপত্যৰ আৰ্হিৰে মন্দিৰটো নিৰ্মাণ কৰা হ'ব

লক্ষণীয় বিষয় যে, এই মন্দিৰটোত ২৫ ইঞ্চি উচ্চতাৰে ২৪ জন তীৰ্থযাত্ৰীৰ মূৰ্তি স্থাপন কৰা হ'ব । এই মূৰ্তি সমূহৰ বজাৰ মূল্য হ'ব প্ৰায় ১.৩২ কোটি টকা । আহমেদাবাদৰ স্থাপত্যৰ আৰ্হিৰে মন্দিৰটো নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে মন্দিৰ সমিতিৰ সদস্য প্ৰদীপ জৈনে ।

মধ্য প্ৰদেশত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব
মধ্য প্ৰদেশত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব

২০১৮ চনতে মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ৰূপৰ জৈন মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে প্ৰথমে আচাৰ্য বিদ্যাসাগৰ মহাৰাজে পৰিকল্পনা কৰিছিল । উক্ত বৰ্ষৰ জুন মাহত আচাৰ্য বিদ্যাসাগৰ মহাৰাজে এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মন্দিৰটোত উপস্থিত হৈছিল । তেতিয়াই ৰূপৰ মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল আৰু মন্দিৰ সমিতিক কথাটো অৱগত কৰিছিল । পাচত মন্দিৰ সমিতিয়ে মহাৰাজৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰি মন্দিৰ গাঁথনিৰ কাম আৰম্ভ কৰিছিল ।

লগতে পঢ়ক: ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.