ETV Bharat / bharat

18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

author img

By

Published : Nov 2, 2020, 2:21 PM IST

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অহা 18 নৱেম্বৰত মেগা চিপেক (CPEC) চিটী প্ৰকল্প উদ্বোধন কৰিব ৷ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙৰ বেল্ট এণ্ড ৰোড ইনিশ্বিয়েটিভৰ অধীনৰ 62 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলাসী চিপেক প্ৰকল্পৰ অধীনত এই চিটী নিৰ্মাণ কৰা হৈছিল ৷

18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প
18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

নিউজ ডেস্ক, 2 নৱেম্বৰ : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অহা 18 নৱেম্বৰত উদ্বোধন কৰিব চীন-পাকিস্তান অৰ্থনৈতিক দুৱাৰমুখ (CPEC)ৰ অধীনত নিৰ্মাণ হোৱা এক মেগা প্ৰকল্প ৷ চিপেক চিটী হিচাপে জনাজাত এইখন চহৰ পাকিস্তানৰ খাইবাৰ পাখটুনৱাত নিৰ্মাণ কৰা হৈছে ৷

দেওবাৰে এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খাট্টাকে ৷ খাইবাৰ পাখটুনৱাৰ ৰাছাকাইত নিৰ্মাণ কৰা হৈছে এই বিশেষ প্ৰকল্পটো ৷ এই প্ৰকল্পৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও 18 নৱেম্বৰত ইয়াৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, এই প্ৰকল্পৰ ভিতৰত বহুটো উদ্যোগিক খণ্ড থাকিব ৷ নৌশেৰা আৰু খাইবাৰ পাখটুনৱা জিলাৰ লগতে ইয়াৰ আশে-পাশে বাস কৰা বহুটো লোকে ইয়াত কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও চিপেক চিটিত শিক্ষা প্ৰতিষ্ঠান, উদ্যোগিক প্ৰতিষ্ঠান, ৰাজহুৱা গৃহ, গল্ফ খেলপথাৰ, থিম পাৰ্ক আৰু ক্ৰীড়া প্ৰকল্পও থাকিব ৷

চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙৰ বেল্ট এণ্ড ৰোড ইনিশ্বিয়েটিভৰ অধীনৰ 62 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলাসী আঁচনি হৈছে এই চিপেক প্ৰকল্প ৷ ইয়াৰ দ্বাৰা চীনে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য এছিয়া, আফ্ৰিকা আৰু ইউৰোপলৈকে বৰ্ধিত কৰিব ৷ এই প্ৰকল্পই চীনৰ কাছগাৰৰ সৈতে পাকিস্তানৰ গ্বাডাৰ জাহাজঘাটক সংলগ্ন কৰিব ৷ 2016ৰ নৱেম্বৰ মাহত চীনৰ পৰা এখন কাৰ্গো জাহাজ আহি এই জাহাজঘাটত উপস্থিত হৈছিল আৰু তেতিয়াই ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা উল্লেখ কৰিছিল চীন আৰু পাকিস্তানে ৷

লগতে পঢ়ক : নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.