ETV Bharat / bharat

Suspicion of Illegal Immigration : অবৈধ প্ৰব্ৰজনৰ সন্দেহত ৩০১ দিনৰ কাৰাবাস; অৱশেষত ঘৰলৈ উভতিল বংগৰ দম্পতী

author img

By

Published : Jun 2, 2023, 5:59 PM IST

পশ্চিমবংগৰ এহাল দম্পতী বিগত ৩০১ দিন ধৰি কাৰাবাসত আছিল । বেংগালুৰু ভাৰ্থাৰ ষ্টেচন আৰক্ষীয়ে বঙালী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল । অৱশেষত সেই অভিযোগৰ পৰা মুক্ত হৈ গৃহ চহৰলৈ ৰাওনা হয় । ফলাশ অধিকাৰী আৰু শুক্লা অধিকাৰীক বাংগালোৰ দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰি বংগলৈ প্ৰেৰণ কৰে (WB couple granted bail in Bengali immigrants) ।

Suspicion of Illegal Immigration
Suspicion of Illegal Immigration

নিউজ ডেস্ক, ২ জুন : এদিন দুদিন বা এসপ্তাহ দুসপ্তাহ নহয়, সুদীৰ্ঘ ৩০২ দিন সন্দেহবশত কাৰাগাৰত বন্দী ! এই সুদীৰ্ঘ সময়ছোৱাত নিজকে নিৰ্দোষী প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল এহাল দম্পতী । যাৰ বাবে আপোন ঘৰখন, পৰিয়াল-পৰিজনৰ পৰা দূৰৈত আঁতৰি থাকিবলগা হয় পশ্চিমবংগৰ এই দম্পতীটো । অৱশেষত যেনিবা সকাহ লাভ । কাৰাগাৰৰ পৰা মুক্ত হৈ নিজগৃহলৈ ওভতে অবৈধ অনুপ্ৰৱেশকাৰীৰ অভিযোগত অভিযুক্ত দম্পতীটো (WB couple imprisoned in illegal immigration) ।

পশ্চিমবংগৰ পূব বৰ্ধমানৰ জামালপুৰৰ বাসিন্দা ফালাশ আৰু শুক্লাই তেওঁলোকৰ ডেৰ বছৰীয়া সন্তানৰ সৈতে চাকৰিৰ সন্ধানত বেংগালুৰুলৈ গৈছিল । তেওঁলোকে চহৰখনত আৱৰ্জনা নিষ্কাশনৰ কামত নিযুক্ত হৈছিল । থাকিবলৈ লৈছিল মাৰাথল্লি অঞ্চলত । কিন্তু ২০২২ চনৰ জুলাই মাহত তেওঁলোকৰ জীৱনলৈ নামি আহে অমানিশা ।

সেই সময়ত কৰ্ণাটক আৰক্ষীয়ে ৰাজ্যখনত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে (Bengal couple imprisoned for illegal immigration) । আৰু সেই অভিযানতেই বিদেশী আইনৰ অধীনত দম্পতীটোক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । অৱশ্যে দম্পতীটোৱে তেওঁলোক যে পশ্চিমবংগৰ জামালপুৰৰ বাসিন্দা সেয়া আৰক্ষীক বুজাবলৈ বাৰে বাৰে চেষ্টা কৰে । কিন্তু তাত বিফল হয় । ফলত কাৰাবন্দী হ'বলগা হয় ।

তাৰ পিছত, গ্ৰেপ্তাৰ কৰা দম্পতীটোৱে দিয়া ঠিকনালৈ গৈ আৰক্ষীয়ে তেওঁৰ ঠিকনা সঠিক হয়নে নহয় সেয়া পৰীক্ষা কৰে । লগতে বেংগালুৰু আৰক্ষীয়ে জামালপুৰৰ খণ্ড উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰে আৰু গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ আত্মীয়সকলক লগ কৰে । এই সকলো তদন্ত সম্পূৰ্ণ কৰাৰ পিছত দম্পতীটোক ২৮ এপ্ৰিলত জামিন প্ৰদান কৰা হয় (WB couple granted bail in Bengali immigrants) । কিন্তু জামিনৰ সময়ত স্থানীয় ব্যক্তিসকলৰ স্বাক্ষৰৰ প্ৰয়োজন হোৱা বাবে তেওঁলোকৰ মুক্তিত কিছু বিলম্ব হয় । অৱশ্যে প্ৰয়োজনীয় সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত অৱশেষত দম্পতীটোক বৃহস্পতিবাৰে তেওঁলোকৰ গৃহ চহৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :Molestation with Minor in Bihar : বৈশালী জিলাত কিশোৰীক ৫ দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.