ETV Bharat / bharat

কেতিয়া হ’ব অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ বাবে আৱন্টিত ১০০০ কোটি টকাৰ প্ৰয়োগ ? - fund for tea workers in Assam West Bengal

কেতিয়া হ’ব অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ (Tea workers in Assam and West Bengal ) বাবে আৱন্টিত ১০০০ কোটি টকাৰ প্ৰয়োগ ? অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আৱন্টিত এই ধন সন্দৰ্ভত সংসদীয় কমিটিয়ে দাখিল কৰিছে প্ৰতিবেদন ৷

implementation-of-rs-1000-crore-allocated-for-tea-workers-in-assam-west-bengal-is-in-question
কেতিয়া হ’ব অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ বাবে আবন্তিত ১০০০ কোটি টকাৰ প্ৰয়োগ ?
author img

By

Published : Mar 29, 2022, 10:45 PM IST

Updated : Mar 30, 2022, 6:57 AM IST

তেজপুৰ, ২৯ মাৰ্চ: অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আৱন্টিত ১০০০ কোটি টকাৰ (Fund for tea workers in Assam West Bengal) ) প্ৰয়োগ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছে সংসদীয় কমিটিয়ে । অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত ঘোষণা কৰা ১,০০০ কোটি টকা প্ৰয়োগ হোৱাৰ এতিয়ালৈকে কোনো ধৰণৰ আশাৰ ৰেঙণি দেখা পোৱা নাই বুলিও এক প্ৰতিবেদন দাখিল কৰিছে এখন সংসদীয় পেনেলে ।

চলিত মাহত সংসদত বাণিজ্য বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনত এইকথা প্ৰকাশ পাইছে । সমিতিখনে প্ৰতিবেদনত নিশ্চিত কৰিছে যে ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেট ভাষণত প্ৰস্তাৱিত 'প্ৰধানমন্ত্ৰী চাহ শ্ৰমিকৰ যোজনা'ৰ আঁচনিখনে এতিয়ালৈকে কোনো আশা দেখা নাই । উল্লেখ্য যে, চাহ শ্ৰমিক বিশেষকৈ মহিলা শ্ৰমিকসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰাৰ লক্ষ্যৰে আঁচনিখনৰ বাবে ১০০০ কোটি টকা আৱণ্টন কৰা হৈছিল ৷

এতিয়া ইয়াৰ প্ৰয়োগত পলম হোৱাটো অবাঞ্চিত বুলিও উল্লেখ কৰা হৈছে উক্ত প্ৰতিবেদনখনত । কমিটিখনে প্ৰকাশ কৰে, যে পশ্চিমবংগ আৰু অসমৰ চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড নিম্ন পৰ্যায়ৰ ৷ ইয়াৰ লগতে কম মজুৰিৰ সমস্যাও এক চিন্তাৰ বিষয় হিচাপে গণ্য কৰি ইয়াৰ তাৎক্ষণিক নিষ্পত্তিৰ প্ৰয়োজন বুলিও কৰা হৈছে উল্লেখ । সমিতিখনে বিভাগটোক আঁচনি ৰূপায়ণত যিকোনো প্ৰকাৰে পলম নকৰিবলৈ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল ।

লগতে উল্লেখ কৰে যে, চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ এক অনুসন্ধানৰ বাবে চৰকাৰে এখন উচ্চ-পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতি গঠন কৰিব । ইয়াৰোপৰি, সমিতিখনে ভাৰতীয় চাহ খণ্ডই চাহ ব'ৰ্ডক কম বাজেট আৱণ্টনৰ ওপৰত আলোকপাত কৰাত থকা অসুবিধাৰ বিষয়ে আলোচনা কৰে ৷ চাহ উদ্যোগৰ সুবিধাৰ বাবে চাহ আইন সংশোধনৰ পৰামৰ্শও দিয়ে ।

মন কৰিবলগীয়া যে, দাৰ্জিলিঙৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত উল্লেখ কৰি মন্তব্য কৰে যে দাৰ্জিলিঙৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহপাতৰ বাবে পৰ্যাপ্ত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিয়নো চাহ পৰিষদে ভৌগোলিক ইণ্ডিকেচন(GI) ব্যৱস্থাৰ অধীনত ইয়াক দাৰ্জিলিং চাহ হিচাপে স্বীকৃতি দিয়া নাই ।

কিন্তু এক অনুসন্ধানৰ পিছত, বিভাগটোৱে জনায় যে ২০০৫ চনত জিআইৰ মৰ্যাদা লাভ কৰা দাৰ্জিলিং চাহ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ সদৰ, কালিম্পং আৰু কুৰ্চিয়াঙৰ পাহাৰীয়া অঞ্চলৰ তলত পৰা ৮৭ খন বাগিচাতহে সীমাবদ্ধ কৰা হৈছিল । অৱশ্যে, 2005 চনৰ পৰা, দাৰ্জিলিং চাহৰ বাবে নিৰ্ধাৰিত জিআই টেগৰ অধীনত স্বীকৃত নোহোৱা ওপৰোক্ত এলেকাবোৰৰ ভিতৰত প্ৰায় 800 ক্ষুদ্ৰ চাহ খেতিয়ক আৰু মিনি চাহ কাৰখানা (উৎপাদন প্ৰতিদিনে 500 কিলোগ্ৰামতকৈ কম) আছে ।

চাহ বোৰ্ডৰ মতে, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষুদ্ৰ কাৰখানাবোৰ বাণিজ্যিক ভিত্তিত চলাব নোৱাৰি আৰু সেয়েহে, ইয়াক জিআই টেগৰ অধীনত পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়াৰ ফলত নেপালৰ পৰা সেউজীয়া পাতৰ যোগান ধৰা হ'ব পাৰে ৷ এতিয়া, সমিতিখনে জিআই পৰিধিৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলক অন্তৰ্ভুক্ত কৰাৰ লগতে দাৰ্জিলিং চাহৰ যিকোনো অসাধু ব্যৱসায় প্ৰতিহত কৰিবলৈ এটা নিৰীক্ষণ প্ৰণালী স্থাপন কৰাৰো পৰামৰ্শ দিছে ৷

লগতে পঢ়ক : Nilim Mahanta granted bail: মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

Last Updated : Mar 30, 2022, 6:57 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.